সমললৈ যাওক

কাঠপুতলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজস্থানী কাঠপুতলি শিল্পী

কাঠপুতলি (ইংৰাজী: Kathputli) ভাৰতৰাজস্থান ৰাজ্যত প্ৰচলিত পাৰম্পৰিক পুতলা নাচ অনুষ্ঠান।[1] কাঠপুতলি পুতলা নাচৰ পুতলাবোৰ মোটা সূতা বা তাঁৰৰ সহায়ত নৃত্য কৰোৱা হয়। ই ভাৰতীয় পুতলা নাচৰ আটাইতকৈ জনপ্ৰিয় ৰূপ। সূতাৰ সহায়ত নৃত্য কৰোৱা বাবে এই পুতলাবোৰ মাত্ৰ এডাল সূতা বা তাঁৰৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পাৰি। এই সূতা পুতলাৰ ওপৰৰ অংশৰ পৰা সূত্ৰধাৰৰ হাতলৈ প্ৰসাৰিত থাকে।[2]

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

কাঠপুতলি শব্দটো ৰাজস্থানী ভাষাৰ দুটা শব্দ কাঠ আৰু পুতলিৰ সমষ্টি। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে সম্পূৰ্ণৰূপে কাঠৰে তৈয়াৰ কৰা পুতলা। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত ইয়াক কাঠ, কপাহী কাপোৰ আৰু ধাতুৰ তাঁৰেৰে তৈয়াৰ কৰা হয়।

কাঠপুতলি পুতলা নাচ

কিছুমান পণ্ডিতে বিশ্বাস কৰে যে কাঠপুতলি কলাৰ পৰম্পৰা হাজাৰ বছৰতকৈও অধিক পুৰণি।[3] ৰাজস্থানী লোককাহিনী, গীত আৰু আনকি কেতিয়াবা লোকগীততো ইয়াৰ উল্লেখ আছে। ৰাজস্থানৰ জনজাতিসকলে প্ৰাচীন কালৰ পৰা এই কলা প্ৰদৰ্শন কৰি আহিছে আৰু ই ৰাজস্থানী সংস্কৃতি বিবিধতা আৰু পৰম্পৰাৰ এক চিৰন্তন অংশ হৈ পৰিছে। কাঠপুতলি অবিহনে ৰাজস্থানৰ কোনো গ্ৰাম্য মেলা, কোনো ধৰ্মীয় উৎসৱ আৰু যিকোনো সামাজিক সমাবেশ সম্পূৰ্ণ নহয়। বিশ্বাস কৰা হয় যে প্ৰায় ১৫০০ বছৰ আগতে ৰাজস্থানী ভাট জনজাতিৰ লোকসকলে কাঠপুতলিক পুতলা নাচ কলা হিচাপে ব্যৱহাৰৰ আৰম্ভণি কৰিছিল। কাঠপুতলি পৰম্পৰাগত লোককাহিনী আৰু বেলাডৰ ওপৰত আধাৰিত। পণ্ডিতসকলে বিশ্বাস কৰে যে এই লোককাহিনীবোৰে প্ৰাচীন ৰাজস্থানী জনজাতিৰ জীৱন-ধাৰণক প্ৰদৰ্শিত কৰে। কাঠপুতলি কলাৰ উৎপত্তি বৰ্তমানৰ নাগৌড় আৰু ইয়াৰ আশে-পাশে অৱস্থিত অঞ্চলৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়।[4] ৰাজস্থানী ৰজা আৰু অভিজাত শ্ৰেণীৰ লোকসকলে বিভিন্ন হস্তশিল্প আৰু কলা যেনে কাঠ আৰু মাৰ্বলৰ ভাস্কৰ্য, মৃৎশিল্প আৰু চিত্ৰকলাক উৎসাহিত কৰিছিল। এই প্ৰৱণতা ৫০০ বছৰতকৈও অধিক সময় ধৰি চলি আছে। ভাট সম্প্ৰদায়ৰ লোকসকলে দাবী কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে ৰাজপৰিয়ালৰ বাবে কাম কৰিছিল আৰু তেওঁলোকে ৰাজস্থানৰ শাসকসকলৰ পৰা যথেষ্ট সন্মান আৰু প্ৰতিপত্তি লাভ কৰিছিল।[5]

ঘুমৰ নৃত্যৰ পিছতে কাঠপুতলি শিল্প বৰ্তমান ৰাজস্থানৰ আটাইতকৈ জনপ্ৰিয় শিল্পকলা। কাঠপুতলিৰ অন্যতম মুখ্য বৈশিষ্ট্য হৈছে সূত্ৰধাৰে পেঁপাৰ সহায়ত উলিওৱা মাত। ৰাজস্থানী কাঠপুতলি কলা প্ৰায় হাজাৰ বছৰ আগতে উদ্ভৱ হৈছিল আৰু প্ৰথমে ভাট সম্প্ৰদায়ই এই কলা অনুশীলন কৰিবলৈ আৰম্ভ কৰিছিল। ৰাজ্যৰ বহুতো শাসক পৰিয়ালৰ দ্বাৰা পৃষ্ঠপোষকতা লাভ কৰাৰ ফলত ই শীঘ্ৰেই অঞ্চলটোৰ এক মুখ্য কলা ৰূপলৈ বৃদ্ধি পাইছিল। কাঠপুতলি শিল্পৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত ক্ষেত্ৰত কাম কৰা সকলৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে ১৯৬০ চনত বিজয়দান দেথা আৰু কোমল কোঠাৰীৰ দ্বাৰা স্থাপিত যোধপুৰৰ ৰূপায়ণ সংস্থা আৰু ১৯৫২ চনত দেৱীলাল সমৰৰ দ্বাৰা প্ৰতিষ্ঠিত হৈ থকা উদয়পুৰৰ ভাৰতীয় লোককলা মণ্ডল।

আধুনিক সময়ত পুতলা থিয়েটাৰৰ লগতে পুতলা সংগ্ৰহালয় আছে।[6] ৰাজধানী নতুন দিল্লীৰ শদিপুৰ ডিপোত 'কাঠপুতলি কলনী' বুলি জনা জাত এক অঞ্চল আছে। ইয়াত কাঠপুতলি শিল্পী, যাদুকৰ, এক্ৰোবাট, নৃত্যশিল্পী, সংগীতজ্ঞ আৰু অন্যান্য ভ্ৰাম্যমাণ শিল্পীৰ দলে অৰ্ধ শতিকা ধৰি ইয়াত বসতি স্থাপন কৰিছে।[7][8][9]

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]