সমললৈ যাওক

কালিয়দমন নাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কালিয়দমন
লিখক শ্ৰীমন্ত শংকৰদেৱ
চৰিত্ৰসমূহ কৃষ্ণ

যশোদা

কালিনাগ
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

কালিয়দমন নাটখন শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত ৰচনা কৰিছিল। শংকৰদেৱৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় নাট।[1] পুত্ৰস্নেহী যশোদা আৰু কাণাইপ্ৰেমী গোপীসকলৰ উপৰিও নাগ পত্নীসকল এই নাটৰ নাৰীৰ চৰিত্ৰ আছিল।


নাটৰ বিশ্লেষণ

[সম্পাদনা কৰক]

কালি হ্ৰদৰ বিষজল পান কৰি অচেতন হৈ পৰা ভক্ত গোপবালক সকলক কৃষ্ণই অমৃতৰ হাত ফুৰাই জীৱন প্ৰদান কৰিলে আৰু দম্ভ কালিনাগক দমন কৰাৰ বাবে কৃষ্ণই কালি হ্ৰদত অৱতৰন কৰি সাময়িক ভাৱে অচেতন হৈ পৰে।গকুলত নানা অপায়-অমঙ্গলে দেখা দিয়াত বৃন্দাবনত প্ৰানৰ পুত্ৰৰ কিবা অমঙ্গল ঘটিছে বুলি পিতৃ নন্দ আৰু মাতৃ যশোদা আৰু গোপী সকল ঢপলিয়াই আহি মৃত ভাৱে কৃষ্ণক কালি হ্ৰদত পৰি থকা দেখি ইনাই বিনাই কান্দিকুটি যশোদা শোকত মূৰ্ছিত হৈ পৰিল। পুত্ৰ শ্নেহত আতুৰ মাতৃ গৰাকীৰ চকুত শোকৰ বন্যা নাট্যকাৰে যশোদা চৰিত্ৰৰ মাজেদি পুত্ৰহাৰা মাতৃৰ স্বৰূপটো সুন্দৰকৈ ফুটাই তুলিছে।

কত তপসাইলোঃ তোক পুত্ৰ পাইলোঃ হাততে হৰাইলোঃ কোনে মোক মাতিবেক আই বুলিঃ কাক ধূলা মাৰি বুকে লৈবা তুলি।

এই বুলি শোকদগ্ধা যশোদাই জলত জাপ দিবলৈ লোৱা বৰ্ণনাই নাটখনি তীব্ৰ কৰুণ ৰসৰ সঞ্চাৰণ ঘটাইছে। কালিয়দমনত শঙ্কৰদেৱে ভক্তা নাৰীৰ ৰূপটৌও মনোৰমকৈ প্ৰকাশ কৰিছে। কালিনাগে কৃষ্ণৰ পদৰ ভৰ সহিব নোৱাৰি মৃতপ্ৰায় অৱস্থা লক্ষ্য কৰি কালিনাগৰ পত্নী সকলে কৃষ্ণক স্তুতি কৰি স্বামীৰ প্ৰাণ ভিক্ষা কৰিছে।ভক্ত পত্নীসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ কৃষ্ণই কালিক ক্ষমা কৰি সপৰিয়ালে ৰমণ দ্বীপলৈ পঠাইছে। নাগনাৰী চৰিত্ৰৰ অৱতাৰণাই নাতকৰ বিষয়বস্তু আগবঢ়াই নিয়াত সহায় কৰাৰ বাহিৰে কালিয় দমন নাটত নাৰী চৰিত্ৰৰ যোগেদি বিৰোধ বা সংঘাত সৃষ্টি হোৱা দেখা নাযায়। আনহাতে কালিনাগক কৃষ্ণই বধ কৰি অহাৰ পিছত যশোদাৰ আৱেগবিহ্বল চিত্ৰ মহাপুৰুষ জনাই ফুটাই তুলি মূল নাৰী চৰিত্ৰবোৰক অধিক ৰমণীয় কৰি তুলিছে।


লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Kaliyadamana, Classical Assamese Drama". Jupiter Infomedia Ltd.. 23/03/2011. Archived from the original on March 19, 2011. https://web.archive.org/web/20110319165618/http://www.indianetzone.com/53/kaliyadamana.htm আহৰণ কৰা হৈছে: January 13, 2013.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]