কাৰ্টুন
কাৰ্টুন বা ব্যঙ্গচিত্ৰ (ইংৰাজী: Cartoon) একধৰণৰ দ্বি-মাত্ৰিক চিত্ৰকলা যিবোৰ কাগজত অঙ্কন কৰাৰ মাধ্যমত প্ৰদৰ্শন কৰা হয়।[1] বহুবোৰ কাৰ্টুনক একত্ৰিত কৰাৰ মাধ্যমৰে এনিমেশ্যন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। কাৰ্টুন শব্দটো মূলঃ ইংৰাজী শব্দ যদিও অসমীয়া ভাষাটো ই কাৰ্টুন নামেৰে ব্যৱহৃত আৰু জনপ্ৰিয়। কাৰ্টুনৰ যোগেদি একোটা ঘটনাৰ পৰা হ'ব পৰা ৰাজহুৱা, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক প্ৰতিক্ৰিয়াসমূহৰ আগতীয়া উমান পোৱা হয়। ৰৈখিক চিত্ৰ পদ্ধতিৰ দ্বাৰা চলচ্চিত্ৰ বা বাতৰিকাকতৰ জৰিয়তে কাৰ্টুনে মানুহক সকলো ধৰণৰ পৰিস্থিতিৰ ব্যংগাত্মক বিশ্লেষণ দিব পাৰে।
বাতৰিকাকতত ওলোৱাৰ আগৰে পৰাই কাৰ্টুন প্ৰচলিত হৈ আহিছে। পুৰণি কালত ইউৰোপৰ কিছুমান দেশত মানুহে কাঠত বা দেৱালতো কাৰ্টুন আকিছিল। বহুতে আকৌ কাঠৰ ফলি বা দেৱালয়ত ব্যংগ চিত্ৰৰ উপৰি বিভিন্ন কাহিনী আঁকিছিল। আমাৰ দেশৰ মঠ-মন্দিৰবোৰত এনে চিত্ৰ প্ৰচুৰ পৰিমাণে দেখা যায়। পুৰাণ-ভাগৱত, মহাভাৰত- ৰামায়ণ আদিৰ কাহিনী এই চিত্ৰবোৰত অঁকা থাকে।
যিসকলে ব্যঙ্গচিত্ৰ অঙ্কন কৰে, তেওঁলোক কাৰ্টুনিষ্ট নামে পৰিচিত হয়।[2] বিখ্যাত ইটালীয় চিত্ৰকৰ ৰাফেল, লিওনাৰ্দো দ্য ভিঞ্চি বিখ্যাত কাৰ্টুনিষ্ট হিচাপে বিশ্বব্যাপী পৰিচিত ব্যক্তি।
ইতিহাস
[সম্পাদনা কৰক]
মধ্যযুগত অৰ্থাৎ ইটালীত ১৪ শতিকাৰ পৰা ১৭ শতিকাৰ ৰেনেছাঁৰ সময়ছোৱাত যেতিয়া চিত্ৰকৰসকলে গোটত কাম কৰি দেৱাল সজাইছিল, তেতিয়া পৃথক পৃথক কাগজত স্কেচৰ জৰিয়তে নিৰ্দেশনা দিয়া হৈছিল। এই স্কেচবোৰক কাৰ্টনি বুলি জনা গৈছিল, যাৰ পৰা কাৰ্টুন শব্দটো উদ্ভৱ হৈছে। ১৮৪০ চনৰ পৰাই এই শব্দটো প্ৰচলিত হৈ আহিছে। ইংৰাজী সাময়িকী পাঞ্চে প্ৰথমবাৰৰ বাবে কাৰ্টুন প্ৰকাশ কৰিছিল, য’ত লণ্ডনৰ অট্টালিকাৰ আমোদজনক চিত্ৰণ দেখুওৱা হৈছিল। তেতিয়াৰ পৰাই চিত্ৰকল্পবোৰ আমোদজনক আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় কৰি তুলিবলৈ কাৰ্টুনৰ প্ৰৱৰ্তন কৰা হৈছে। ঊনবিংশ শতিকাৰ পৰাই সাময়িকী আৰু বাতৰি কাকতত ইয়াৰ ব্যৱহাৰ আৰম্ভ হয়। বিংশ শতিকাৰ আৰম্ভণিতে গল্প কোৱা আৰু এনিমেচন ছবিত ব্যঙ্গচিত্ৰৰ ব্যৱহাৰৰ প্ৰসাৰ ঘটিছিল।[3]
প্ৰয়োগ ক্ষেত্ৰ
[সম্পাদনা কৰক]বহু বাতৰি কাকত আৰু সাময়িকীত সম্পাদকীয় পৰ্যায়ত কাৰ্টুন অংকন কৰা হয়। ব্যক্তিৰ বৈশিষ্ট্যাবলী বিশেষকৈ ৰাজনীতিবিদৰ ভাবমূৰ্তি বিচিত্ৰভঙ্গীমাত ব্যঙ্গাত্মক আৰু অতিৰঞ্জিত কৰি তুলি ধৰা হয়। কাৰ্টুনৰ লগত শব্দ বা বাক্যও থাকিব পাৰে। কেতিয়াবা কেৱল ছবি হিচাপে প্ৰকাশ কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Definitions of Cartoon, Meaning of Cartoon" (en-US ভাষাত). 2019-09-14. https://www.toonsmag.com/definitions-of-cartoon/.
- ↑ Merriam-Webster's Dictionary
- ↑ Stephen. Comic Art in America. Simon & Schuster, 1959.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Dan Becker, History of Cartoons Archived 2019-03-14 at the Wayback Machine
- Marchand collection cartoons & photos
- Stamp Act 1765 with British & American cartoons
- Harper's Weekly 150 cartoons on elections 1860-1912; Reconstruction topics; Chinese exclusion; plus American Political Prints from the Library of Congress, 1766–1876
- "Graphic Witness" political caricatures in history
- Keppler cartoons