সমললৈ যাওক

কিনছে স্কেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কিনছে স্কেল

কিনছে স্কেলক; বিপৰীতকামী-সমকামী নিৰ্ধাৰণৰ স্কেল বুলিও কোৱা হয়।[1] এজন মানুহৰ অভিজ্ঞতা অথবা প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি যৌন অভিমুখিতা ব্যাখ্যা সংক্ৰান্ত গৱেষণাত ইয়াৰ ব্যৱহাৰ হয়। এই স্কেলত ০-ৰ পৰা ৬ পৰ্যন্ত মাপ থাকে। ০ মানে হৈছে, সম্পূৰ্ণভাৱে বিপৰীতকামী, আৰু ৬ মানে হৈছে, সম্পূৰ্ণভাৱে সমকামী। ইয়াৰোপৰি "এক্স" নামক আৰু এটা দাগ যুক্ত কৰা হয়; যাৰ অৰ্থ হৈছে "কোনো যৌন সম্পৰ্ক নথকা।" এই প্ৰতিবেদনসমূহ প্ৰথমে আলফ্ৰেড কিনছে, ৱাৰ্ডেল পমেৰয় আৰু অন্যান্যই চেক্সুৱেল বিহেভিয়াৰ ইন দ্য হিউমেন মেল (১৯৪৮)[2] ত প্ৰকাশ কৰিছিল আৰু ইয়াৰ পৰিপূৰক গ্ৰন্থ চেক্সুৱেল বিহেভিয়াৰ ইন দ্য হিউমেন ফিমেল (১৯৫৩)তো ইয়াৰ বিশিষ্টতা প্ৰকাশ হৈছিল।[1]

কিনছে স্কেলৰ প্ৰতিষ্ঠাতা আলফ্ৰেড কিনছেক যৌন বিপ্লবৰ জনক বুলিও কোৱা হয়।[3] তেখেতৰ মতে যৌনতাৰ কেনভাচ কেৱলমাত্ৰ সমকামিতা বা বিপৰীতকামিতা অংশতেই বিভক্ত হৈ নাথাকে, বিপৰীতে তেওঁ বিশ্বাস কৰিছিল যে- যৌনতাৰ তাৰল্য ধৰ্ম আছে; যি সময়ে সময়ে পৰিৱৰ্তন হৈ থাকিব পাৰে।[4]

সমাজ-সাংস্কৃতিক কোনো পৰিসীমা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কিনছে প্ৰত্যেক স্বতন্ত্ৰ ব্যক্তিৰ বাবে ভিন ভিন স্কেলৰ মাপ ব্যৱহাৰ কৰিব বিছাৰিছিল।[4] ৩০টা বেলেগ বেলেগ ঘটনাৰ বাবে কিনছেৰ প্ৰথম স্কেলত ৩০টা মাপকাঠি আছিল। পিছলৈ তেওঁ এই স্কেলক কেৱল ৭টা মাপত সীমাবদ্ধ কৰে।[5] তেওঁ এই সম্পৰ্কীয় গৱেষণাৰ বাবে ৮০০০০তকৈ বেছি সাক্ষাৎকাৰ লৈছিল।[6]

এই স্কেলৰ মাপৰ বাবে তেওঁ লিখিছিল:

পুৰুষে কেৱলমাত্ৰ সমকামিতা আৰু বিপৰীতকামিতা নামক দুটা স্বতন্ত্ৰ যৌন অভিমুখিতাই প্ৰদৰ্শন নকৰে। এই পৃথিৱীত কেৱলমাত্ৰ ছাগলী আৰু ভেড়াতেই ভিন্নতা নাই, ই শ্ৰেণিবিন্যাসৰ বুনিয়াদী যৌনতাৰ সেই বিষয় যি প্ৰকৃতিত কাচিৎ দেখা যায়.....The living world is a continuum in each and every one of its aspects. যদি ইতিহাসৰ দৃষ্টিকোণৰ পৰা সম্পূৰ্ণ বিপৰীতকামিতাৰ পৰ্যায় আৰু সম্পূৰ্ণ সমকামীতাৰ ইতিহাসৰ মাজৰ পৰ্যায়ৰ প্ৰতি আলোকপাত কৰা হয়, তেন্তে এই বিষয়টিক শ্ৰেণিবিন্যাসিত কৰাটো এক আকাংক্ষিত দাবী হৈ উঠিব।[...] এজন ব্যক্তিৰ জীৱনৰ প্ৰতিটো কোণকে এই মাপকৰে দেখাব পৰা যাব। [...] স্কেলৰ সাতটা বিন্দুৰ পৰা এটাই কথা উদ্ভাসিত হৈ উঠে, আমাৰ যৌনতাৰ কেনভাচত নানাবিধ পৰ্যায় বিদ্যমান।
মাত্ৰা বৰ্ণনা
সম্পূৰ্ণৰূপে বিপৰীতকামী
মুখ্যত বিপৰীতকামী, কাচিৎ সমকামী
মুখ্যত বিপৰীকামী, প্ৰায়েই সমকামী
সমানভাৱে সমকামী আৰু বিপৰীতকামী (উভকামিতাক বুজোৱা হৈছে)
মুখ্যত সমকামী, প্ৰায়েই বিপৰীতকামী
মুখ্যত সমকামী, কাচিৎ বিপৰীতকামী
সম্পূৰ্ণভাৱে সমকামী
X যৌনতাৰ প্ৰতি কোনো সংযোগ বা আকৰ্ষণ নাই

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Kinsey's Heterosexual–Homosexual Rating Scale". The Kinsey Institute. Archived from the original on 10 May 2016. https://web.archive.org/web/20160510163753/http://www.kinseyinstitute.org/research/ak-hhscale.html আহৰণ কৰা হৈছে: 8 September 2011.
  2. Kinsey, Alfred C.; Pomeroy, Wardell R.; Martin, Clyde E. (June 2003). "Sexual Behavior in the Human Male". American Journal of Public Health খণ্ড 93 (6): 894–898. doi:10.2105/ajph.93.6.894. ISSN 0090-0036. PMID 12773346.
  3. "Kinsey History". www.kinseyinstitute.org. Archived from the original on 2020-04-25. https://web.archive.org/web/20200425061316/https://kinseyinstitute.org/about/history/index.php আহৰণ কৰা হৈছে: 2018-04-09.
  4. 1 2 Galupo, M. Paz (June 2014). "Sexual Minority Reflections on the Kinsey Scale and the Klein Sexual Orientation Grid: Conceptualization and Measurement". Journal of Bisexuality খণ্ড 14 (3–4): 404–432. doi:10.1080/15299716.2014.929553.
  5. "Archive for Sexology". www.sexarchive.info. http://www.sexarchive.info/GESUND/ARCHIV/SEXOR4.HTM আহৰণ কৰা হৈছে: 2018-04-13.
  6. Bullough, Vern L. (January 2010). "Alfred Kinsey and the Kinsey report: Historical overview and lasting contributions". The Journal of Sex Research খণ্ড 35 (2): 127–131. doi:10.1080/00224499809551925.