পুৰুষ আসক্তি আৰু স্ত্ৰী আসক্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এণ্ড্ৰফিলিয়া আৰু গাইনেফিলিয়া হৈছে আচৰণ বিজ্ঞানত লিংগ বাইনেৰী সমকামিতা আৰু বিষমযৌন ধাৰণাকৰণৰ বিকল্প হিচাপে যৌন অভিমুখিতাক বৰ্ণনা কৰিবলৈ ব্যৱহৃত শব্দ। এণ্ড্ৰফিলিয়াই পুৰুষৰ প্ৰতি যৌন আকৰ্ষণ বা পুৰুষত্বৰ বৰ্ণনা কৰে; ইয়াক পুৰুষ আসক্তি বুলিও কোৱা হয়। গাইনেফিলিয়াই নাৰী বা নাৰীত্বৰ প্ৰতি যৌন আকৰ্ষণৰ বৰ্ণনা কৰে আৰু ইয়াকে স্ত্ৰী আসক্তি বুলি কোৱা হয়।.[1] এম্বিফিলিয়াত যিকোনো ব্যক্তি বা উভলিংগতাত এণ্ড্ৰফিলিয়া আৰু গাইনেফিলিয়া উভয়ৰে সংমিশ্ৰণৰ বৰ্ণনা কৰা হয়।[2] ব্যক্তিজনৰ লিংগ নিযুক্তি বা লিংগ পৰিচয়ৰ আৰোপ নকৰাকৈয়ে ব্যক্তিৰ আকৰ্ষণৰ বস্তু চিনাক্ত কৰিবলৈ এই শব্দবোৰ ব্যৱহাৰ কৰা হয়। আন্তঃলিংগ আৰু ট্ৰান্সজেণ্ডাৰ লোকৰ বৰ্ণনা কৰাৰ সময়ত ইয়াক ব্যৱহাৰ কৰিব পাৰি, বিশেষকৈ যিসকল অবাইনেৰী।[3]

ঐতিহাসিক ব্যৱহাৰ[সম্পাদনা কৰক]

এণ্ড্ৰফিলিয়া[সম্পাদনা কৰক]

২০ শতিকাৰ আৰম্ভণিৰ জাৰ্মান যৌনবিজ্ঞানী আৰু চিকিৎসক মেগনাছ হিৰ্চফেল্ডে সমকামী পুৰুষক চাৰিটা ভাগত ভাগ কৰিছিল: পেড’ফিল, যিসকলে প্ৰি-পিউবেচেণ্ট যুৱক-যুৱতীসকলৰ প্ৰতি আটাইতকৈ বেছি আকৰ্ষিত, ইফেব’ফাইল, যিসকলে যৌৱনকালৰ পৰা বিশৰ দশকৰ আৰম্ভণিৰ বয়সৰ যুৱকৰ প্ৰতি আটাইতকৈ বেছি আকৰ্ষিত; এণ্ড্ৰফাইল, যি বিশৰ দশকৰ আৰম্ভণিৰ পৰা পঞ্চাশৰ ভিতৰৰ ব্যক্তিৰ প্ৰতি আটাইতকৈ বেছি আকৰ্ষিত; আৰু জেৰণ্টোফাইল, যি বয়সস্থ (বৃদ্ধ বয়সলৈকে) পুৰুষৰ প্ৰতি বেছি আকৰ্ষিত হয়।[4][5] কেৰেন ফ্ৰেংকলিনৰ মতে, হিৰ্চফেল্ডে ইফেব'ফিলিয়াক "সাধাৰণ আৰু অৰোগজনিত বুলি গণ্য কৰিছিল, ইফেব'ফিল আৰু এণ্ড্ৰ'ফাইল প্ৰত্যেকেই সমকামী জনসংখ্যাৰ প্ৰায় ৪৫% প্ৰতিনিধিত্ব কৰিছে।[6] এণ্ড্ৰ'ফিলিয়াৰ প্ৰতিশব্দ হিচাপে এণ্ড্ৰ'চেক্সুৱেলিটি শব্দটো মাজে মাজে ব্যৱহাৰ কৰা হয়।[7]

জীৱবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানত বিকল্প ব্যৱহাৰ

জীৱবিজ্ঞানত এণ্ড্ৰফিলিকক কেতিয়াবা এন্থ্ৰ'প'ফিলিকৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়, আৰু ই এনে পৰজীৱীক বুজায় যিসমূহে আন জীৱ-জন্ততকৈ মানৱ দেহক ধাৰক হিচাপে পছন্দ কৰে।[8]

এণ্ড্ৰফিলিক কেতিয়াবা কিছুমান প্ৰটিন আৰু এণ্ড্ৰজেন ৰিচেপ্টৰৰ বৰ্ণনাৰ বাবেও ব্যৱহাৰ কৰা হয়।[9]

গাইনেফিলিয়া[সম্পাদনা কৰক]

এই শব্দটোৰ এটা সংস্কৰণ প্ৰাচীন গ্ৰীক ভাষাত প্ৰকাশ পাইছিল। আইডিল-৮, ৬০ নং শাৰীত থিয়ক্ৰিটাছে জিউছৰ নাৰীৰ প্ৰতি থকা কামনাক বৰ্ণনা কৰিবলৈ গাইনাইকোফিলিয়াছ (γυναικοφίλιας)ক এটা সুৰীয়া বিশেষণ হিচাপে ব্যৱহাৰ কৰিছে।[10][11][12]

ছিগমাণ্ড ফ্ৰয়েডে তেওঁৰ এটা কেছ ষ্টাডিত ড'ৰাক বৰ্ণনা কৰিবলৈ গাইনেকোফিলিক শব্দটো ব্যৱহাৰ কৰিছিল।[13] তেওঁ এই শব্দটো প্ৰায়ে চিঠিপত্ৰতো ব্যৱহাৰ কৰিছিল।[14]

গাইনোফিলিয়াৰ ভিন্ন বানানো কেতিয়াবা ব্যৱহাৰ কৰা হয়।[15]

স্ত্ৰীযৌনতা শব্দটোৰ প্ৰতিশব্দ হিচাপেও ইয়াৰ খুব কমেইহে ব্যৱহাৰ কৰা হৈছে।[16]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Schmidt J (2001). Redefining fa'afafine: Western discourses and the construction of transgenderism in Samoa. Intersections: Gender, history and culture in the Asian context, issue 6.
  2. Diamond M (2010). Sexual orientation and gender identity. In Weiner IB, Craighead EW eds. The Corsini Encyclopedia of Psychology, Volume 4. p. 1578. John Wiley and Sons, আই.এচ.বি.এন. 978-0-470-17023-6
  3. Turban J, de Vries ALC, Zucker KJ, & Shadianloo S (2018). Transgender and gender non-conforming youth. The International Association for Child and Adolescent Psychiatry and Allied Professions, p. 3. Accessed 31 August 2022.
  4. Hirschfeld M (1948). Sexual anomalies: the origins, nature and treatment of sexual disorders : a summary of the works of Magnus Hirschfeld. Emerson Books, OCLC 1041032404
  5. Dynes W.R. & Donaldson S (1990). Encyclopedia of homosexuality, Volume 1. Garland Publishing, আই.এচ.বি.এন. 978-0-8240-6544-7
  6. Franklin K (2010). Hebephilia: quintessence of diagnostic pretextuality. Behavioral Sciences & the Law, volume 28, issue 6, pp. 751-768, doi:10.1002/bsl.934, PubMed
  7. Tucker N (1995). Bisexual politics: theories, queries, and visions. Psychology Press, আই.এচ.বি.এন. 978-1-56024-950-4
  8. Covell G, Russell PF, Hendrik N (1953). Malaria terminology: Report of a drafting committee appointed by the World Health Organization. World Health Organization, আই.এচ.বি.এন. 9241400137
  9. Calandra RS, Podestá EJ, Rivarola MA, Blaquier JA (1974). Tissue androgens and androphilic proteins in rat epididymis during sexual development Steroids, volume 24, issue 4, pp. 507-518 doi:10.1016/0039-128X(74)90132-9
  10. Cholmeley RJ (1901). The idylls of Theocritus. G. Bell & Sons, p. 98
  11. Rummel, E (1996). Erasmud on Women. University of Toronto Press, p. 82, আই.এচ.বি.এন. 978-0-8020-7808-7
  12. Brown GW (1979). Depression: A sociologist's view. Trends in Neurosciences, Volume 2, pp. 253–256 doi:10.1016/0166-2236(79)90099-7
  13. Kahane C (2004). Freud and the passions of the voice. In O'Neill J (2004). Freud and the Passions. Penn State Press, আই.এচ.বি.এন. 978-0-271-02564-3
  14. Freud, S (1908). Letter from Sigmund Freud to Sándor Ferenczi, March 25 1908. Psychoanalytic Electronic Publishing. Accessed 31 August 2022. Quote: "I have often seen it so: a woman unsatisfied by a man naturally turns to a woman and tries to invest her long-suppressed gynecophilic component with libido."
  15. Money J (1986). Venuses Penuses: Sexology, Sexosophy, and Exigency Theory. Prometheus Books, আই.এচ.বি.এন. 978-0-87975-327-6
  16. Chodorow N (1999). The Reproduction of Mothering: Psychoanalysis and the Sociology of Gender. University of California Press, আই.এচ.বি.এন. 978-0-520-22155-0