কীৰ্তি কুলহাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কীৰ্তি কুলহাৰী
Kirti Kulhari

২০১৪ চনত কুলহাৰী
জন্ম ৩০ মে, ১৯৮৫
মুম্বাই, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা সাংবাদিকতা আৰু গণমাধ্যমত স্নাতকোত্তৰ ডিগ্ৰীধাৰী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
উল্লেখযোগ্য কৰ্ম শ্বেইটান, পিংক, মিছন মংগল, ফ'ৰ ম'ৰ শ্বটছ্ প্লিজ
দাম্পত্যসঙ্গী শাহীল ছেহগাল, ২০১৬

কীৰ্তি কুলহাৰী (ইংৰাজী: Kirti Kulhari) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ কীৰ্তিয়ে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ ২০০২ চনত মুক্তিপ্ৰাপ্ত উড়িয়া ভাষাৰ ছবি ধৰিণীৰ জৰিয়তে কীৰ্তিয়ে অভিনয়ৰ জগতত পদাৰ্পণ কৰে৷ ২০১০ চনত কীৰ্তিয়ে খিচিড়ী:দ্য মুভি নামৰ হিন্দী ছবিখনত অভিনয় কৰে৷ এইখনেই হৈছে তেখেতে অভিনয় কৰা হিন্দী ভাষাৰ প্ৰথমখন ছবি৷ ২০১১ চনত কীৰ্তিক শেইটান ছবিত দেখা যায়৷ [1] পৰৱৰ্তী সময়ত কীৰ্তিয়ে বহুকেইখন সফল আৰু সমাদৃত ছবি; পিংক (২০১৬), উৰি:দ্য ছাৰ্জিকেল ষ্ট্ৰাইক (২০১৯) আৰু মিছন মংগল (২০১৯)ত অভিনয় কৰে৷ ২০১৯ চনত অভিনয় কৰা দুয়োখন ছবিয়েই সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ তালিকাভূক্ত হয়৷[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৮৫ চনৰ ৩০ মে'ত কীৰ্তিৰ ৰাজস্থানৰ ঝুনঝুনুত জন্ম হয়৷ অৱশ্যে কীৰ্তি প্ৰতিপালিত হয় মুম্বাইতহে৷ [3] ২০১৬ চনত কীৰ্তিয়ে শাহীল ছেহগালৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে৷[4][5]

কীৰ্তিৰ পিতৃ খায়ালী ৰাম কুলহাৰী হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় নৌসেনা বিষয়া আৰু মাতৃ শ্ৰৱাণী কুলহাৰী এগৰাকী গৃহিণী৷কীৰ্তিয়ে মুম্বাইৰ কেজি ছোমায়া কলেজৰ পৰা সাংবাদিকতা আৰু গণমাধ্যম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ কীৰ্তিৰ এগৰাকী ভ্ৰাতৃ আৰু দুগৰাকী ভগ্নী আছে৷[6]

কৰ্মজীৱন[সম্পাদনা কৰক]

২০১০ চনত কীৰ্তিয়ে হিন্দী ভাষাৰ ছবি খিচিড়ী:দ্য মুভিত অভিনয় কৰে৷ [7] ছবিখনত ২০১০ চনত অক্টোবৰত মুক্তি হৈছিল৷ ইয়াৰ পিছত তেখেতে শ্বেইটান নামৰ ছবিখনত অভিনয় কৰে৷[8] ছবিখন ২০১১ চনৰ জুনত মুক্তি হয়৷ বহুকেইটা বঁটা আৰু সন্মান জয় কৰা আৰু মনোনীত হোৱা এই ছবিখনৰ পৰিচালক আছিল বেজয় নামবিয়াৰ৷ ছবিখনত কাল্কী কেকলাঁ, শিৱ পণ্ডিত, গুলছন দেৱায়া, ৰাজীৱ খাণ্ডেলৱাল আদিৰ দৰে প্ৰতিভাৱান শিল্পীয়ে অভিনয় কৰিছে৷ [9]

২০১৬-বৰ্তমানলৈকে[সম্পাদনা কৰক]

২০১৬ চনত কীৰ্তিয়ে পিংক নামৰ ছবিখনত অভিনয় কৰে৷ দৰ্শক আৰু সমালোচকৰ পৰা প্ৰচুৰ প্ৰশংসা আদায় কৰা এই ছবিখনত কীৰ্তিয়ে অমিতাভ বচ্চন আৰু তাপসী পন্নু সৈতে অভিনয় কৰে৷ ছবিখন ব্যৱসায়িক দিশতো সফল হয়৷ ২০১৭ চনত কীৰ্তিক দেখা যায় ইন্দু সৰকাৰ নামৰ এখনি ৰাজনৈতিক থ্ৰিলাৰধৰ্মী ছবিত৷ মধুৰ ভাণ্ডেৰকাৰে পৰিচালনা কৰা ছবিখনত কীৰ্তিয়ে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰে৷ ২০১৮ চনত কীৰ্তিয়ে ইৰফান খানৰ সৈতে ব্লেকমেইল নামৰ ছবিখনত অভিনয় কৰে৷

২০১৯ চনত কীৰ্তিক দেখা যায় আন এখন সফল ছবি উড়ি:দ্য ছাৰ্জিকেল ষ্ট্ৰাইকত৷ চিৰাত কৌৰ নামেৰে এগৰাকী ভাৰতীয় বায়ু সেনা বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰা কীৰ্তিৰ অভিনয়ে দৰ্শক আৰু সমালোচকৰ মন জয় কৰে৷ ছবিখন বক্স অফিচত অভাৱনীয় সাফল্য অৰ্জন কৰে৷ একেটা বৰ্ষতে কীৰ্তিয়ে এমাজন প্ৰাইম ভিডিঅ'ত সম্প্ৰচাৰিত হোৱা ৱেব ছিৰিজ ফ'ৰ ম'ৰ ছটছ প্লিজত এটা গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হয়৷ আনহাতে নেটফ্লিক্সযোগে সম্প্ৰচাৰিত হোৱা বাৰ্ড অৱ ব্লাড নামৰ ছিৰিজটোতো কীৰ্তিক দেখা যায়৷ ২০১৯ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা মিছন মংগল হৈছে কীৰ্তিয়ে অভিনয় কৰা আন এখন সফল আৰু সমাদৃত ছবি৷ ছবিখনৰ বিষয় হৈছে-ভাৰতৰ মংগল অভিযান৷

২০২০ চনৰ আগষ্ট মাহত, কীৰ্তিয়ে ৰিভু দাসগুপ্তাৰ দ্বাৰা পৰিচালিত ছবি দ্য গাৰ্ল অন দ্য ট্ৰেইনত এগৰাকী আৰক্ষী বিষয়াৰ ভূমিকাত অৱতীৰ্ণ হয়৷ [10] ছবিখনত পৰিনীতি চোপ্ৰা, অদিতি ৰাও হায়দৰী, অভিনাশ তিৱাৰী আদিয়ে অভিনয় কৰিছে৷[11]

বঁটা-বাহন[সম্পাদনা কৰক]

চলচ্চিত্ৰ বঁটা শিতান ফলাফল তথ্যসূত্ৰ
শ্বেইটান স্ক্ৰীণ বঁটা ২০১২ শ্ৰেষ্ঠ সামগ্ৰিক কুশলী মনোনীত
পিংক ৬২সংখ্যক ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত [12]
অষ্টম জাগৰণ ছবি মহোৎসৱ বিচাৰকৰ বিশেষ বঁটা বিজয়ী (তাপসী পন্নু আৰু এণ্ড্ৰিয়া টেৰিয়াঙৰ মাজত অমীমাংসিত)
স্ক্ৰীণ বঁটা, ২০১৭ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
ইন্দু সৰকাৰ স্ক্ৰীণ বঁটা, ২০১৮ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত
মায়া ৬৪সংখ্যক ফিল্মফেয়াৰ বঁটা চুটি ছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী [13]
ফ'ৰ ম'ৰ শ্বটছ্ প্লিজ ভাৰতীয় টেলিভিছন একাডেমী বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী- ৱেব চিৰিজ মনোনীত
ফ'ৰ ম'ৰ শ্বটছ্ প্লিজ-চিজন ২ ফিল্মফেয়াৰ অটিটি বঁটা-২০২০ শ্ৰেষ্ঠ অভিনেত্ৰী ড্ৰামা:চিৰিজ মনোনীত [14]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Eyes are the most important". Hindustan Times. 2 August 2012. Archived from the original on 5 August 2012. https://web.archive.org/web/20120805101516/http://www.hindustantimes.com/Entertainment/Wellness/Eyes-are-the-most-important-Kirti-Kulhari/Article1-907021.aspx। আহৰণ কৰা হৈছে: 29 March 2021. 
  2. "Indu Sarkar first poster: Kirti Kulhari dons an intense look for the film on Emergency". Hindustan Times. 5 June 2017. http://www.hindustantimes.com/bollywood/indu-sarkar-first-poster-kirti-kulhari-dons-an-intense-look-for-the-film-on-emergency/story-PDT7ArZNz9P8E2yCMFZJYL.html। আহৰণ কৰা হৈছে: 12 March 2018. 
  3. "Coming Soon: Aapno Zombie". DNA. 12 July 2012. http://dnasyndication.com/dna/dna_english_news_and_features/Coming-soon_-Aapno--zombie/DNJAI34102। আহৰণ কৰা হৈছে: 11 December 2012. 
  4. Chakraborty, Sushmit (1 April 2020). "Kirti Kulhari opens up about personal life, talks about husband Saahil Sehgal". Republic World. https://www.republicworld.com/entertainment-news/bollywood-news/kirti-kulhari-spilled-the-beans-on-her-personal-life-and-her-husband.html. 
  5. "Kirti Kulhari Says Marriage To Saahil Sehgal Has Affected Her Career in 'the Best Possible Way'" (en ভাষাত). News18. 26 August 2020. https://www.news18.com/news/movies/kirti-kulhari-says-marriage-to-saahil-sehgal-has-affected-her-career-in-the-best-possible-way-2818301.html. 
  6. "Kirti Kulhari (Actress) Wiki, Height, Weight, Age, Boyfriend, Biography & More". STAR BIOG. https://starsbiog.com/kirti-kulhari-actress-wiki/। আহৰণ কৰা হৈছে: 29 March 2021. 
  7. "Khichdi was fun: Kirti Kulhari". The Times of India. 5 October 2010. Archived from the original on 2013-01-26. https://archive.today/20130126053628/http://articles.timesofindia.indiatimes.com/2010-10-05/news-interviews/28255851_1_khichdi-modeling-parminder। আহৰণ কৰা হৈছে: 2021-03-29. 
  8. "Shaitan is not my first film: Kirti Kulhari". The Times of India. 9 June 2011. Archived from the original on 2013-01-26. https://archive.today/20130126061012/http://articles.timesofindia.indiatimes.com/2011-06-09/news-interviews/29638208_1_first-film-kirti-kulhari-shaitan। আহৰণ কৰা হৈছে: 2021-03-29. 
  9. https://www.imdb.com/title/tt1836912/
  10. "Kirti Kulhari to play British cop in Parineeti Chopra-starrer The Girl On The Train Hindi remake". India Today. 6 August 2019. https://www.indiatoday.in/movies/bollywood/story/kirti-kulhari-to-play-british-cop-in-parineeti-chopra-starrer-the-girl-on-the-train-hindi-remake-1577765-2019-08-06. 
  11. "'The Girl On The Train': Parineeti Chopra, Aditi Rao Hydari, Kirti Kulhari, Avinash Tiwary's character posters out" (en ভাষাত). DNA India. 30 January 2021. https://www.dnaindia.com/bollywood/report-the-girl-on-the-train-parineeti-chopra-aditi-rao-hydari-kirti-kulhari-avinash-tiwary-character-posters-out-2871762. 
  12. "62nd Jio Filmfare Awards 2017 Nominations". 10 January 2017. http://www.filmfare.com/news/nominations-for-the-62nd-jio-filmfare-awards-17987.html. 
  13. "Filmfare Awards 2019: List Of Winners". NDTV. 23 March 2019. https://www.ndtv.com/entertainment/filmfare-awards-2019-list-of-winners-2011843. 
  14. "Nominees for the Flyx Filmfare OTT Awards" (en ভাষাত). filmfare.com. https://www.filmfare.com//features/nominees-for-the-flyx-filmfare-ott-awards-45350.html। আহৰণ কৰা হৈছে: 17 December 2020.