অদিতি ৰাও হায়দৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অদিতি ৰাও হায়দৰী
Aditi Rao Hydari

২০১৮ চনত সম্মোহনম নামৰ ছবিখনৰ প্ৰচাৰ অনুষ্ঠানত
জন্ম ২৮ অক্টোবৰ, ১৯৭৮ (৪৫ বছৰ)[1]
হায়দৰাবাদ, টেলেংগানা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান লেডি শ্ৰীৰাম কলেজ, দিল্লী বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০০–বৰ্তমান
উল্লেখযোগ্য কৰ্ম
  • য়ে ছালী জিন্দেগী
  • পদ্মাৱত
  • ৱাজিৰ
  • ৰকষ্টাৰ
দাম্পত্যসঙ্গী সত্যদ্বীপ মিশ্ৰ
পিতৃ-মাতৃ এহছান হায়দৰী আৰু বিদ্যা ৰাও
আত্মীয়-স্বজন কীৰণ ৰাও (ভাগিন)

অদিতি ৰাও হায়দৰী (ইংৰাজী: Aditi Rao Hydari, জন্ম-২৮ অক্টোবৰ ১৯৭৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷ হিন্দী ভাষাৰ ছবিৰ লগতে অদিতিয়ে তামিল, তেলেগু আৰু মালায়ালম ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷

২০০৭ চনত তামিল ভাষাৰ ছবি শৃংগৰামৰ যোগেদি অদিতিয়ে ছবিৰ জগতত খোজ পেলায়৷ পিছে অদিতিৰ বাবে খ্যাতি আৰু সমাদৰ কঢ়িয়াই আনে ২০১১ চনৰ ৰোমাণ্টিক থ্ৰিলাৰধৰ্মী ছবি য়ে ছালী জিন্দেগীয়ে৷ ছবিখনৰ পৰিচালক আছিল সুধীৰ মিশ্ৰ৷ ছবিখনত অভিনয় কৰি অদিতিয়ে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা পাবলৈ সক্ষম হয়৷ পৰৱৰ্তী সময়ত অদিতিয়ে সাংগীতিক ড্ৰামা ৰকষ্টাৰ (২০১১), হৰৰ-থ্ৰিলাৰ মাৰ্ডাৰ-৩ (২০১৩), একছন-কমেডি বছ (২০১৩) আৰু থ্ৰিলাৰধৰ্মী ছবি ৱাজিৰ (২০১৬)ত অভিনয় কৰে৷

২০১৭ চনত হায়দৰীয়ে মণি ৰত্নমৰ ছবি কাটৰু ৱেলিয়িডায়ত এটি শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ চিকিৎসক লীলা আব্ৰাহমৰ ভূমিকাত তেখেত অৱতীৰ্ণ হয়৷ ছবিখন মুক্তি হোৱাৰ পাছত, অদিতিয়ে দক্ষিণ ভাৰতীয় ছবি উদ্যোগতো নিজৰ প্ৰসাৰতা লাভ কৰে৷ [2]২০১৮ চনত অদিতিয়ে মহাকাব্যিক ছবি পদ্মাৱতত আলাউদ্দিন খিলিজীৰ পত্নী ৰাণী মেহেৰুন্নিছাৰ চৰিত্ৰটো ৰূপায়ণ কৰে৷ ছবিখন সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ভাষাৰ ছবিৰ তালিকাভূক্ত হয়৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

অদিতিৰ জন্ম হৈছিল হায়দৰবাদত৷[3] পিতৃ আছিল এহছান হায়দৰী আৰু মাতৃ বিদ্যা ৰাও৷ বিদ্যা ৰাও হৈছে এগৰাকী সমাদৃত শাস্ত্ৰীয় কণ্ঠশিল্পী৷ তেখেতে থুমৰী আৰু দাদৰা প্ৰকাৰৰ সংগীতলৈ বৰঙণি আগবঢ়াইছে৷[4][5] পিতৃ এগৰাকী ছুলাইমানী মুছলিম আৰু মাতৃ এগৰাকী হিন্দু আছিল৷ ২০১৩ চনত অদিতিৰ পিতৃৰ দেহাৱসান হয়৷ [6]

অদিতিৰ দুবছৰ বয়সত তেখেতৰ পিতৃ-মাতৃৰ মাজত বিবাহ-বিচ্ছেদ হয়৷ মাতৃ হায়দৰাবাদলৈ আহে আৰু তাৰপৰাই পাৰিবাৰিক ব্যৱসায় চম্ভালে৷ আনহাতে পিতৃয়ে দ্বিতীয় বিবাহ কৰে৷[6] হায়দৰীয়ে হায়দৰবাদ আৰু দিল্লীত শৈশৱ অতিবাহিত কৰে৷ ছবছৰ বয়সত অদিতিয়ে ভাৰতনাট্যমৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু প্ৰতিষ্ঠিত নৃত্যশিল্পী লীলা ছেমছনৰ শিষ্যা হয়৷[7] অদিতিয়ে কৃষ্ণমূৰ্তি সংস্থাত শিক্ষাগ্ৰহণ কৰে আৰু পাছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ লেডি শ্ৰীৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে৷[8][9]

হায়দৰীয়ে পিতৃ আৰু মাতৃ দুয়োৰে উপাধিটো নিজৰ নামৰ লগত সংলগ্ন কৰিছে৷ তেখেতে কয় যে-"I wanted to keep both, as my mom has brought me up, but my father is also a part of me. Hydari is a rare name so I kept both Rao and Hydari."[10]

কৰ্মজীৱন[সম্পাদনা কৰক]

ভাৰতনাট্যমৰ নৃত্যশিল্পী হিচাপে হায়দৰীয়ে নিজৰ কেৰিয়াৰৰ পাতনি মেলে৷ শিক্ষাগুৰু লীলা ছেমছনৰ নৃত্যৰ দল স্পেন্দাৰ লগত অদিতি জড়িত হয় আৰু শিক্ষাৰ্থীসকলক প্ৰশিক্ষিত কৰে৷ তেখেতে ভাৰতৰ বাহিৰলৈও গৈ মঞ্চত নৃত্য প্ৰদৰ্শন কৰে৷[11][12] ২০০৪ চনৰ প্ৰাৰম্ভতে, হায়দৰীয়ে তেখেতৰ অভিনয় জীৱনৰ প্ৰথমখন ছবি শৃংগৰামত অভিনয় কৰে৷ ছবিখনত অদিতিয়ে ১৯ শতিকাৰ উপাসনাগৃহৰ এগৰাকী নৃত্যশিল্পী দেৱদাসীৰ ভূমিকাত অৱতীৰ্ণ হয়৷ [13] তামিল ভাষাৰ এই ছবিখনৰ পৰিচালক আছিল শাৰদা ৰামানাথন আৰু প্ৰযোজক আছিল পদ্মিনী ৰৱি৷[14] ছবিখন ২০০৫ আৰু ২০০৬ চনত বহুকেইটা ছবি মহোৎসৱত প্ৰদৰ্শিত হয়৷ ইয়াৰ পিছত ছবিখনে তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়৷[14] ছবিগৃহত ছবিখন মুক্তি হয় ২০০৭ চনৰ অক্টোবৰ মাহত৷ অদিতৰ অভিনয়দক্ষতা প্ৰত্যক্ষ কৰি এগৰাকী সমালোচকে মন্তব্য কৰে যে-"the film has brilliant acting from the lead, Aditi Rao".[15][16]

অৱশ্যে ছবিগৃহত মুক্তি পোৱা আদিতিৰ প্ৰথমখন ছবি হয়গৈ মালায়ালম ভাষাৰ ছবি প্ৰজাপতি (২০০৬)৷ এইখন ছবিত অদিতিয়ে মাম্মুট্টীৰ সৈতে অভিনয় কৰিছিল৷ [17] ২০০৯ চনত অদিতিয়ে ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ ছবি দিল্লী-৬ত অভিনয় কৰে৷ ছবিখনত অভিষেক বচ্চন আৰু ছোনম কাপুৰ-য়েও অভিনয় কৰিছিল৷ এইখন হৈছে অদিতিৰ প্ৰথমখন হিন্দী ছবি৷ [18]

২০০৯-২০১৫[সম্পাদনা কৰক]

২০১১ চনত হায়দৰীয়ে সুধীৰ মিশ্ৰৰ ৰোমাণ্টিক ড্ৰামা ছবি য়ে ছালী জিন্দেগীত অভিনয় কৰে৷ ছবিখনত তেখেতৰ বিপৰীতে অভিনয় কৰিছিল অৰুণোদয় সিঙে৷ এগৰাকী প্ৰাক্তন অভিযুক্তৰ পত্নীৰ ভূমিকাত অৱতীৰ্ণ হোৱা অদিতিয়ে ছবিখনত আগবঢ়োৱা অনবদ্য অভিনয়শৈলীৰ বাবে দৰ্শক আৰু সমালোচকৰ পৰা প্ৰশংসা লাভ কৰে৷ অৱশ্যে অৰুণোদয় আৰু অদিতিৰ মাজত চিত্ৰায়িত হোৱা কেতবোৰ উত্তেজক দৃশ্যইও এইক্ষেত্ৰত অৰিহণা যোগাইছিল৷[19] অদিতিয়ে অভিনয়ৰ বাবে স্ক্ৰীণ বঁটাৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ ইয়াৰ পিছত ছবিখনৰ জনপ্ৰিয়তা বৃদ্ধি হয়৷[20] ২০১১ চনত অদিতিক দেখা যায় সাংগীতিক ড্ৰামা ছবি ৰকষ্টাৰত৷[21] পোনপ্ৰথমে অদিতিক কেন্দ্ৰীয় চৰিত্ৰটোৰ বাবে যোগাযোগ কৰা হৈছিল যদিও ছবিখনৰ পৰিচালক ইমতিয়াজ আলীয়ে নৱাগতা নাৰ্গিছ ফাকৰীকহে শেষমুহূৰ্তত সেই চৰিত্ৰটোলৈ নিৰ্বাচিত কৰে৷ পাছত আলীয়ে অদিতিক সহ-অভিনেত্ৰীৰ বাবে যোগাযোগ কৰে৷[20][22]অৱশ্যে ছবিখন মুক্তি হোৱাৰ আগে আগে অদিতিৰ বহুকেইটা দৃশ্য মূল ছবিৰ পৰা কাটি দিয়া হয়৷ এনেধৰণৰ কাৰ্য তেখেতৰ পূৰ্বৰ ছবি দিল্লী-৬তো কৰা হৈছিল৷ এগৰাকী সমালোচকে এই অসামঞ্জস্যতা প্ৰত্যক্ষ কৰি মন্তব্য কৰে যে, তেখেতৰ চৰিত্ৰটো- (her role)..."suffers due to an undeveloped characterization".[23][24]

অদিতিয়ে এটা ৰাজহুৱা মন্তব্য প্ৰকাশ কৰে যে-তেখেতে কেন্দ্ৰীয় চৰিত্ৰতহে অভিনয় কৰিব বিচাৰে, সহকাৰী অভিনেত্ৰী হিচাপে নহয়৷ ২০১২ চনত অদিতিয়ে আলী জাফৰৰ বিপৰীতে লণ্ডন, পেৰিছ, নিয় ইয়ৰ্ক নামৰ ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ এইটো আছিল তেখেতৰ প্ৰথমটো কেন্দ্ৰীয় চৰিত্ৰ৷[25][26] অনু মেননৰ দ্বাৰা পৰিচালিত হোৱা এই ছবিখনত এহাল ডেকা-গাভৰু বিভিন্ন প্ৰেক্ষাপটত পৃথিৱীৰ তিনিখন ভিন্ন ঠাইত দেখাদেখি হয়৷[27] ছবিখনত অদিতিয়ে ললিতা নামৰ চৰিত্ৰটো ৰূপায়ন কৰে আৰু সমালোচকৰ পৰা মোটামুটি ইতিবাচক সঁহাৰি লাভ কৰে৷ উদাহৰণস্বৰূপে, Sify.comৰ এগৰাকী সমালোচকে কয় যে, haydari "makes the transition from side actress to leading lady and is instantly impressive". [28] দ্য হিন্দু আৰু এনডিটিভিৰ সমালোচকেও অদিতিৰ অভিনয়ক প্ৰশংসা কৰে৷[29][30] হলিউডৰ এনিমেশ্যন ছবি Ice Age 4: Continental Driftত অদিতিয়ে সেইখিনি সময়তে উই আৰ ফেমিলি নামৰ গীতটোত কণ্ঠদান কৰে৷[31][32]

২০১৩ চনত অদিতিক বিশেষ ভাটৰ ছবি মাৰ্ডাৰ-৩ত দেখা যায়৷[33][34] ২০১৩ চনতে হায়দৰীয়ে অক্ষয় কুমাৰ অভিনীত এখন একছন কমেডি বছত অভিনয় কৰে৷[35]

২০১৬-বৰ্তমান[সম্পাদনা কৰক]

২০১৬ চনত হায়দৰীয়ে অমিতাভ বচ্চন আৰ ফাৰহান আখতাৰৰ লগত ৱাজীৰ ছবিখনত অভিনয় কৰে৷[36] ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে হায়দৰীয়ে ইতিবাচক সঁহাৰি লাভ কৰে৷ ফাৰ্ষ্টপ'ষ্টৰ গায়ত্ৰী গৌৰীয়ে কয় যে-"welcome change from glamorous heroines we usually see on screen."[37]

২০১৭ চনত অদিতিয়ে অভিনয় কৰা প্ৰথমখন ছবি আছিল মণি ৰত্নমৰ নিৰ্দেশনাত তামিল ভাষাৰ Kaatru Veliyidai.(৷) এ আৰ ৰহমানে সংগীত সজোৱা এই ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰে৷[38]

২০২১ চনত অদিতিক দ্য গাৰ্ল অন দ্য ট্ৰেইনত দেখা যায়৷ ছবিখনৰ পৰিচালক হৈছে ৰিভু দাসগুপ্তা৷ ছবিখনত পৰিনীতি চোপ্ৰা, কীৰ্তি কুলহাৰী, অভিনাশ তিৱাৰী আদিয়ে অভিনয় কৰে৷[39]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Roy, Tulip (28 October 2020). "Aditi Rao Hydari Birthday: 15 Facts About The Actor That Fans Would Like To Know". Republicworld.com. https://www.republicworld.com/entertainment-news/regional-indian-cinema/aditi-rao-hydari-birthday-15-facts-about-the-actor-that-fans-would-like-to-know.html. 
  2. MumbaiJuly 3, Suhani Singh; July 3, 2020UPDATED; Ist, 2020 01:21. "They were writing scripts for me: Aditi Rao Hydari". India Today. https://www.indiatoday.in/india-today-insight/story/they-were-writing-scripts-for-me-aditi-rao-hydari-1696415-2020-07-03। আহৰণ কৰা হৈছে: 10 September 2020. 
  3. Adivi, Sashidhar (26 November 2017). "I always consider myself a Hyderabadi: Aditi Rao Hydari". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/tollywood/261117/i-always-consider-myself-a-hyderabadi-aditi-rao-hydari.html. 
  4. Panicker, Anahita (20 September 2017). "I feel like a kid in a candy shop!". The Hindu. http://www.thehindu.com/entertainment/movies/i-feel-like-a-kid-in-a-candy-shop/article19722718.ece. 
  5. Stephen, Rosella (21 July 2017). "Doing desi-boho like Aditi". The Hindu. http://www.thehindu.com/life-and-style/fashion/doing-desi-boho-like-aditi/article19324058.ece. 
  6. 6.0 6.1 Chakraborty, Sumita (5 December 2013). "Aditi Rao Hydari on screen kissing, the casting couch and more...". savvy.co.inStardust. http://www.savvy.co.in/article/i-believe/aditi-rao-hydari-on-screen-kissing-the-casting-couch-and-more/2403। আহৰণ কৰা হৈছে: 20 November 2017. [সংযোগবিহীন উৎস]
  7. "Delhi girl's Chennai tryst". The Hindu (Chennai, India). 6 August 2005. http://www.hindu.com/mp/2005/08/06/stories/2005080602230100.htm. 
  8. Mukherjee, Treena (12 October 2014). "Making the right moves". The Telegraph. https://www.telegraphindia.com/1141012/jsp/graphiti/18902153.jsp. 
  9. Kaushik, Divya (7 August 2015). "Aditi Rao Hydari: I know the best places to shop in Delhi". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Aditi-Rao-Hydari-I-know-the-best-places-to-shop-in-Delhi/articleshow/48374392.cms. 
  10. Gupta, Priya (23 February 2013). "I've always struggled with my relationship with my father: Aditi". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Ive-always-struggled-with-my-relationship-with-my-father-Aditi/articleshow/18627876.cms. 
  11. "The Hindu : Winsome twosome". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-metroplus/winsome-twosome/article28200979.ece। আহৰণ কৰা হৈছে: 27 March 2018. 
  12. "The Tribune, Chandigarh, India – Chandigarh Stories". The Tribune. http://www.tribuneindia.com/2004/20040218/cth2.htm। আহৰণ কৰা হৈছে: 27 March 2018. 
  13. "Dance, to me, has been like a marriage". The Times of India. https://timesofindia.indiatimes.com/city/bengaluru/Dance-to-me-has-been-like-a-marriage/articleshow/643904.cms। আহৰণ কৰা হৈছে: 27 March 2018. 
  14. 14.0 14.1 "Sringaram, a labour of love". Rediff.com. 26 September 2007. https://www.rediff.com/movies/2007/sep/24slid1.htm। আহৰণ কৰা হৈছে: 12 November 2011. 
  15. "Sringaram review". Rediff.com. http://www.rediff.com/movies/review/sri/20071005.htm। আহৰণ কৰা হৈছে: 27 March 2018. 
  16. Sumathi, Saigan. "Review – Poignant tale of the devadasis...- Lada Singh". Narthaki.com. http://www.narthaki.com/info/reviews/rev403.html। আহৰণ কৰা হৈছে: 27 March 2018. 
  17. "Shobana look-alike?". Sify.com. http://www.sify.com/movies/shobana-look-alike-news-malayalam-kkfvn9hcifisi.html। আহৰণ কৰা হৈছে: 15 February 2018. 
  18. "Aditi: Delhi 17 to Delhi 6". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Aditi-Delhi-17-to-Delhi-6/articleshow/4075541.cms। আহৰণ কৰা হৈছে: 27 March 2018. 
  19. Record breaking lip-locks!. Rediff. 31 January 2011. Retrieved 9 December 2011. 
  20. 20.0 20.1 "Meet Rockstar Ranbir's impulsive co-star". Rediff.com. http://www.rediff.com/movies/slide-show/slide-show-1-interview-with-aditi-rao-hydari/20110316.htm#1। আহৰণ কৰা হৈছে: 27 March 2018. 
  21. "Aditi Rao the other woman in Rockstar". The Times of India. 8 February 2011. Archived from the original on 23 September 2012. https://web.archive.org/web/20120923131918/http://articles.timesofindia.indiatimes.com/2011-02-08/news-interviews/28545395_1_nargis-fakhri-imtiaz-ali-s-rockstar-imtiaz-sir. 
  22. "Aditi Rao the other woman in Rockstar". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Aditi-Rao-the-other-woman-in-Rockstar/articleshow/7450511.cms। আহৰণ কৰা হৈছে: 27 March 2018. 
  23. "ROCKSTAR: Was Aditi Rao Hydari's role shortened?". Bollywoodlife.com. http://www.bollywoodlife.com/news-gossip/rockstar-was-aditi-rao-hydaris-role-shortened/। আহৰণ কৰা হৈছে: 27 March 2018. 
  24. "Rockstar Review –". Bollywood Hungama. http://www.bollywoodhungama.com/movie/rockstar/critic-review/। আহৰণ কৰা হৈছে: 27 March 2018. 
  25. "Aditi Rao Hydari wants to play lead roles – Indian Express". The Indian Express. http://archive.indianexpress.com/news/aditi-rao-hydari-wants-to-play-lead-roles/915281/। আহৰণ কৰা হৈছে: 27 March 2018. 
  26. "Drama Queen". The Indian Express. https://www.filmfare.com/interviews/drama-queen-392.html। আহৰণ কৰা হৈছে: 27 March 2018. 
  27. "Ali Zafar busy shooting his third Hindi film". 22 August 2011. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Ali-Zafar-busy-shooting-his-third-Hindi-film/articleshow/9693265.cms. 
  28. "Review : London Paris New York (2012)". Sify.com. http://www.sify.com/movies/i-london-paris-new-york-i-review-ali-aditi-rock-the-film-review-bollywood-pcmaqRajeadjj.html। আহৰণ কৰা হৈছে: 15 February 2018. 
  29. "Review: London Paris New York – NDTV Movies". Movies.ndtv.com. Archived from the original on 11 October 2020. https://web.archive.org/web/20201011233211/https://movies.ndtv.com/movie-reviews/review-london-paris-new-york-687। আহৰণ কৰা হৈছে: 27 March 2018. 
  30. Kamath, Sudhish (3 March 2012). "London Paris New York: Love, lost and found". The Hindu. http://www.thehindu.com/features/cinema/london-paris-new-york-love-lost-and-found/article2957454.ece। আহৰণ কৰা হৈছে: 27 March 2018. 
  31. Ghosh, Deboshree. "Aditi Rao Hydari sings for 'Ice Age: Continental Drift': watch video!". Bollywoodlife.com. http://www.bollywoodlife.com/news-gossip/aditi-rao-hydari-sings-for-ice-age-continental-drift-watch-video/। আহৰণ কৰা হৈছে: 27 March 2018. 
  32. "Actress Aditi Rao Hydari to sing for Ice Age 4". Rediff.com. http://www.rediff.com/movies/report/actress-aditi-rao-hydari-to-sing-for-ice-age-four/20120709.htm। আহৰণ কৰা হৈছে: 27 March 2018. 
  33. "I've always struggled with my relationship with my father: Aditi". The Times of India. 23 February 2013. Archived from the original on 28 February 2013. https://web.archive.org/web/20130228083108/http://articles.timesofindia.indiatimes.com/2013-02-23/news-interviews/37242750_1_aditi-rao-hydari-j-rameshwar-rao-sir-akbar-hydari. 
  34. "'Murder 3' review: But where's the murder?". Deccan Chronicle. 16 February 2013. Archived from the original on 24 February 2013. https://web.archive.org/web/20130224094040/http://deccanchronicle.com/130216/entertainment-movie-reviews/article/murder-3-review-where%E2%80%99s-murder। আহৰণ কৰা হৈছে: 1 July 2013. 
  35. "Boss Cast & Crew". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/cast/id/566663। আহৰণ কৰা হৈছে: 25 April 2016. 
  36. "Bejoy Nambiar's Do is now Wazir". The Asian Age. 24 October 2014. http://www.asianage.com/bollywood/bejoy-nambiar-s-do-now-wazir-270. 
  37. Gauri, Gayatri (9 January 2016). "Wazir review: Farhan is the Badshah, but Bachchan is mechanical in Vidhu Chopra's laborious gimmick". Firstpost. http://www.firstpost.com/bollywood/wazir-review-farhan-is-the-badshah-but-bachchan-is-mechanical-in-vidhu-chopras-laborious-gimmick-2575734.html। আহৰণ কৰা হৈছে: 24 April 2016. 
  38. "Kaatru Veliyidai box office collection". M.behindwoods.com. http://m.behindwoods.com/tamil-movies/kaatru-veliyidai/kaatru-veliyidai-box-office-apr-09.html। আহৰণ কৰা হৈছে: 26 August 2017. 
  39. "'The Girl On The Train': Parineeti Chopra, Aditi Rao Hydari, Kirti Kulhari, Avinash Tiwary's character posters out" (en ভাষাত). DNA India. 30 January 2021. https://www.dnaindia.com/bollywood/report-the-girl-on-the-train-parineeti-chopra-aditi-rao-hydari-kirti-kulhari-avinash-tiwary-character-posters-out-2871762। আহৰণ কৰা হৈছে: 6 February 2021. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]