কুকুৰা-ঠেঙীয়া গছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কুকুৰা-ঠেঙীয়া গছ (বৈজ্ঞানিক নাম: Leea sambucina) এবিধ লেংলেঙীয়া বিধৰ জোপোহা গছউজনি অসমৰ চিৰসেউজীয়া বনভূমিবিলাকত এই গছ দেখিবলৈ পোৱা যায়৷[1]

বিৱৰণ[সম্পাদনা কৰক]

কুকুৰা-ঠেঙীয়া গছৰ উচ্চতা ৩-৪ মিটাৰ মান হোৱা দেখা যায়৷ পাত ধাৰণ কৰা দীঘলীয়া ঠাৰিবোৰে কেতিয়াবা দুযোৰা আৰু কোনো  কোনো ক্ষেত্ৰত তিনিযোৰা শাখা-পত ধাৰণ কৰে৷

পাতৰ আকৃতি দীঘল চানেকীয়াকৈ আগৰফালে জোঙা হয়৷ কেতিয়াবা ওভতাকৈ নাল লগোৱা চামুচৰ আকৃতি ধাৰণ কৰে৷ আগডোখৰ দীঘলীয়া নেজৰ নিচিনা হয়৷ পাতবিলাক অলপ ডাঠ আৰু মিহি হয়৷ মূলসিৰ দুয়োকাষে ৭ যোৰাৰ পৰা ১২ যোৰা পৰ্য্যন্ত শাখাসিৰ বিকশিত হয়৷ অগ্ৰভাগত শাখাসিৰ বিলাক দুডলীয়াকৈ বিভক্ত হোৱা দেখা যায়৷

ফুলবোৰ বগা চানেকীয়াকৈ সেউজ-বুলীয়া হয়৷ পাতৰ মূল ঠাৰিডালে একাধিক শাখাঠাৰি বহন কৰা আৰু প্ৰত্যেকডাল শাখাঠাৰিৰ অগ্ৰভাগে থোপাৰ আকাৰে কেবাপাহ ফুল ধাৰণ কৰে৷ কম-বেছি পৰিমাণে ঘুৰণীয়া আকৃতিৰ মঙহাল ফলবোৰ সমান্যভাৱে চেপেটা হয়৷

ফলৰ সোৱাদ মিঠা৷[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ