সমললৈ যাওক

কুমুদিনী ত্যাগী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উপ-লেফটেনেণ্ট
কুমুদিনী ত্যাগী
জন্ম ১৯৯৭
গাজিয়াবাদ, উত্তৰ প্ৰদেশ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কম্পিউটাৰ বিজ্ঞানত বি টেক
শিক্ষানুষ্ঠান এ বি ই এচ অভিযান্ত্ৰিক মহবিদ্যালয়, গাজিয়াবাদ
পেচা হেলিকপ্টাৰ ফ্লীটত পৰ্যবেক্ষক (এয়াৰবৰ্ণ টেক্টিচিয়ান)
সংস্থা ভাৰতীয় নৌসেনা
জনা যায় ভাৰতীয় যুদ্ধজাহাজৰ পৰা উৰা মৰা দুগৰাকী মহিলা বিমান যুঁজাৰুৰ ভিতৰত তেওঁ প্ৰথমগৰাকী আছিল
পিতৃ-মাতৃ ৰীণা ত্যাগী (মাতৃ) আৰু প্ৰৱেশ কুমাৰ ত্যাগী (পিতৃ)

উপ-লেফটেনেণ্ট কুমুদিনী ত্যাগী ভাৰতীয় নৌসেনাৰ এগৰাকী বিষয়া। উপ-লেফটেনেণ্ট ৰিতি সিঙ আৰু কুমুদিনী ত্যাগী হৈছে ভাৰতীয় নৌসেনাৰ প্ৰথম দুগৰাকী মহিলা, যিয়ে ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ পৰিচালনা কৰাৰ বাবে তেওঁলোকৰ শাখাৰ পৰা অৰ্হতা অৰ্জন কৰিছে। [1] [2] [3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৭ চনত গাজিয়াবাদত,প্ৰবেশ কুমাৰ ত্যাগী আৰু ৰীনা ত্যাগীৰ ঘৰত কুমুদিনী ত্যাগীৰ জন্ম হৈছিল।[4] পৰিয়ালটো মিৰাটৰ খাৰখোদাৰ বাসিন্দা আছিল, কিন্তু ১৯৮৩ চনত তেওঁলোক গাজিয়াবাদলৈ স্থানান্তৰিত হৈছিল। তেওঁৰ ককাক সুৰেশ চান্দ ত্যাগী উত্তৰপ্ৰদেশ আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক আছিল, আৰু তেওঁৰ পিতৃ প্ৰবেশে কুমাৰ ত্যাগীয়ে এটা নিৰাপত্তা সংস্থা চলাইছিল। কুমুদিনীৰ আইতাকৰ নাম আছিল ৰাজেশ কুমাৰী ত্যাগী। অপূৰ্ব ত্যাগী নামেৰে তেওঁৰ এগৰাকী কনিষ্ঠ ভাতৃ আছে। তেওঁৱো সংযুক্ত প্ৰতিৰক্ষা সেৱাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।[3] বৰ্তমান তেওঁলোক গাজিয়াবাদৰ সঞ্জয় নগৰ ছেক্টৰ-২৩ত বসবাস কৰে।[5]

ত্যাগীয়ে ৰাজনগৰৰ ছেইণ্ট পল একাডেমীৰ পৰা আই চি এছ ই (দশম শ্ৰেণী) আৰু চি এইছ.ছাবিল দাস পাব্লিক স্কুলৰ পৰা চিবিএছই (দ্বাদশ শ্ৰেণী) শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ এবিইএছ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত প্ৰযুক্তিবিদ্যাৰ স্নাতক ডিগ্ৰী লাভ কৰি মহাবিদ্যায়খনৰ ভিতৰতে শীৰ্ষস্থান দশল কৰিছিল। প্ৰতিৰক্ষা বাহিনীত যোগদানৰ প্ৰতি তেওঁৰ আছিল এক বুজাব নোৱাৰা আৱেগ। তদুপৰি ২০১৫ চনত কিৰণ শ্বেখাৱৰ শ্বহীদ হোৱা ঘটনাই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।[6] তেওঁৰ ওচৰলৈ অতি লাভজনক বৈকল্পিক চাকৰিৰ প্ৰস্তাৱ আহিছিল যদিও ত্যাগীয়ে ২০১৮ চনৰ ডিচেম্বৰ মাহত নৌসেনাৰ চাকৰিতহে যোগদান কৰে। তেওঁৰ পৰিয়ালে তেওঁক এগৰাকী অধ্যয়নশীল আৰু শাৰীৰিক ভাৱে সম্পূৰ্ণ সক্ষম ছোৱালী বুলি অভিহিত কৰিছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ত্যাগীয়ে কোচিৰ দক্ষিণ নৌসেনাৰ কমাণ্ডৰ পৰা ২২ সংখ্যক শ্বৰ্ট চাৰ্ভিচ কমিছনৰ পৰ্যবেক্ষক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।[7][8] ইয়াৰ ভিতৰত ছৰ্টী আৰু চিমুলেটৰ বিমানকে ধৰি ৬০ ঘণ্টাৰ উৰণৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছিল।[9] প্ৰশিক্ষণৰ সময়ত তেওঁ আন্তঃ স্কোয়াড্ৰন নভিচেছ এক্স-কাণ্ট্ৰী চেম্পিয়নশ্বিপ, ২০১৯ত প্ৰায় ৪৬ মিনিট ২৯ ছেকেণ্ডত ৮ কিলোমিটাৰ দৌৰি মহিলাসকলৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল।[10]

২০২০ চনৰ ২১ ছেপ্টেম্বৰত ত্যাগীক ভাৰতীয় নৌসেনাৰ হেলিকপ্টাৰ ফ্লীটত পৰ্যবেক্ষক (এয়াৰবৰ্ণ টেক্টিচিয়ান) হিচাপে অন্তৰ্ভুক্ত কৰা হয়। তেওঁ চাৰিগৰাকী মহিলা বিষয়া আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ তিনিজন বিষয়াকে ধৰি ১৭জন বিষয়াৰ এটা গোটৰ ভিতৰত আছিল, যাক কোচিৰ আইএনএছ গৰুড়ত অনুষ্ঠিত এক অনুষ্ঠানত "পৰ্যবেক্ষক" হিচাপে স্নাতক হোৱাৰ বাবে "উইংছ" প্ৰদান কৰা হৈছিল।[5] অনুষ্ঠানটোৰ সভাপতিত্ব কৰা মুখ্য কৰ্মচাৰী বিষয়া (প্ৰশিক্ষণ) ৰিয়েৰ এডমিৰেল এণ্টনি জৰ্জে ইয়াক এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে আলোকপাত কৰে।[11] গাজিয়াবাদৰ জিলা দণ্ডাধীশ অজয় শংকৰ পাণ্ডেয়ে মন্তব্য কৰে যে গাজিয়াবাদ জিলাই প্ৰ-পত্ৰৰ দায়িত্ব ঘূৰাই দিয়াৰ পিছত তেওঁৰ বাবে সম্বৰ্ধনা জনোৱাৰ পৰিকল্পনা কৰিছে। ক'ভিড-১৯ পৰিস্থিতিৰ বাবে তেওঁৰ পৰিয়ালে এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল।[3]

ত্যাগীৰ প্ৰশিক্ষণত এয়াৰ নেভিগেচন, ফ্লাইং প্ৰছিদিওৰ, এয়াৰ ৱাৰফেয়াৰ, এণ্টি-চাবমেৰিন ৱাৰফেয়াৰ আদি অন্তৰ্গত। বৰ্তমান তেওঁ নৌসেনাৰ মাল্টি-ৰোল, বা ইউটিলিটি হেলিকপ্টাৰত বিভিন্ন চেন্সৰ পৰিচালনা কৰাৰ প্ৰশিক্ষণত ব্যস্ত,যাৰ ভিতৰত আছে চ'নাৰ কনচৌল আৰু ইণ্টেলিজেঞ্চ, চাৰ্ভিলেঞ্চ এণ্ড ৰিকনচাইন্স (আইএছআৰ) পেল'ডছ। তেওঁ এম এইচ-৬০আৰ ছিহকত যুদ্ধবিমান চলোৱাৰ যো-জা কৰি আছে।[12] দীৰ্ঘকালীন বিভিন্ন অভিযানকে ধৰি ভাৰতীয় নৌসেনাৰ ফ্ৰণ্টলাইন যুদ্ধজাহাজত তেওঁৰ নিয়োগ আশা কৰা হৈছে।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "In a first, 2 women officers to operate helicopters from Indian Navy warships" (en ভাষাত). Hindustan Times. 2020-09-21. https://www.hindustantimes.com/india-news/in-a-first-2-women-officers-to-operate-helicopters-from-indian-navy-warships/story-CLvAIV1N3h8ufbPuBqjSjP.html আহৰণ কৰা হৈছে: 2020-09-22.
  2. Service, Tribune News. "Navy selects 2 women officers for warship". Tribuneindia News Service. https://www.tribuneindia.com/news/nation/navy-selects-2-women-officers-for-warship-144903.
  3. 1 2 3 4 "Sub Lieutenant Kumudini Tyagi: The engineer who chose the ocean over office". hindustantimes.com. https://www.hindustantimes.com/cities/sub-lieutenant-kumudini-tyagi-the-engineer-who-chose-the-ocean-over-office/story-Z9PGEJ5kt4rU7AFqfI4NBM.html.
  4. "गाजियाबाद की कुमुदिनी त्यागी ने रचा इतिहास, पहली बार किसी महिला की युद्धपोत पर हुई तैनाती" (hi ভাষাত). Dainik Jagran. https://www.jagran.com/uttar-pradesh/ghaziabad-ncr-know-about-sub-lieutenant-kumudini-tyagi-who-join-as-observers-in-helicopter-stream-at-indian-navy-jagran-special-20778516.html.
  5. 1 2 "नौसेना अफसर के पिता बोलेः बेटी पर नाज, मेरे लिए जिंदगी का सबसे खुशी का दिन" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/delhi-ncr/father-of-kumudini-tyagi-happy-with-daughters-achievement আহৰণ কৰা হৈছে: 2020-09-22.
  6. "Meet the lady officers making naval history" (en ভাষাত). Rediff. https://www.rediff.com/news/special/meet-the-lady-officers-making-naval-history/20200923.htm আহৰণ কৰা হৈছে: 2020-09-26.
  7. "Observer - Join Indian Navy | Government of India". www.joinindiannavy.gov.in. https://www.joinindiannavy.gov.in/en/page/observer.html.
  8. "2 महिला अफसरों को पहली बार वॉरशिप पर तैनात करेगी नौसेना, ये हेलिकॉप्टरों को ऑपरेट करेंगी; राफेल को भी पहली महिला पायलट जल्द मिलेगी" (hi ভাষাত). Dainik Bhaskar. 2020-09-21. https://www.bhaskar.com/national/news/indian-navy-news-today-update-sub-lieutenant-kumudini-tyagi-and-sub-lieutenant-riti-singh-deployed-on-navy-warships-127739706.html আহৰণ কৰা হৈছে: 2020-09-22.
  9. "Designating enemies, pointing out targets will be my job: Navy woman officer picked for deployment on warship" (en ভাষাত). www.timesnownews.com. https://www.timesnownews.com/india/article/designating-enemies-pointing-out-targets-will-be-my-job-navy-woman-officer-sub-lieutenant-riti-singh-picked-for-deployment-on-warship/656326 আহৰণ কৰা হৈছে: 2020-09-26.
  10. "In a historic first, two women chopper pilots to operate from Navy warship". The New Indian Express. https://www.newindianexpress.com/good-news/2020/sep/21/in-a-historic-first-two-women-chopper-pilots-to-operate-from-navy-warship-2199913.html.
  11. "Women Officers in Helicopter Stream of Indian Navy". pib.gov.in. http://pib.gov.in/Pressreleaseshare.aspx?PRID=1657358 আহৰণ কৰা হৈছে: 2020-09-23.
  12. "Meet The Navy's First Women Combat Aviators To Be Deployed On Warships". NDTV.com. https://www.ndtv.com/india-news/women-officers-soon-on-warships-as-mission-specialists-in-historic-first-2298713 আহৰণ কৰা হৈছে: 2020-09-22.
  13. "2 women officers to operate choppers from warships" (en ভাষাত). Rediff. https://www.rediff.com/news/report/two-women-officers-to-operate-choppers-from-warships/20200921.htm আহৰণ কৰা হৈছে: 2020-09-23.