কেঁচুখাটী
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | কেঁচুখাটী | |
---|---|
![]() | |
Olive-backed Pipit | |
সংৰক্ষণ স্থিতি | |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Motacillidae |
গণ: | en:Anthus |
প্ৰজাতি: | A. hodgsoni |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | বৈজ্ঞানিক নাম | |
Anthus hodgsoni Richmond, 1907 |
কেঁচুখাটী(ইংৰাজী: Olive-backed Pipit, বৈজ্ঞানিক নাম-Anthus hodgsoni) Anthus গোত্ৰৰ অন্তৰ্ভুক্ত এটা মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই দক্ষিণ এছিয়া, ইউৰোপ তথা ৰাছিয়াত বহুলভাৱে বিস্তৃত। ই শীতকালত দীঘলীয়া প্ৰব্ৰজন কৰে বুলি জান যায়।
বিৱৰণ
[সম্পাদনা কৰক]
- আকাৰ- ঘৰচিৰিকাৰ সমান প্ৰায় ১৫ ছে:মি দৈৰ্ঘ্যৰ
- বাহ্যিক গঠন- দেহৰ উপৰিভাগত ডাঠ-মটীয়া আৰু সেউজীয়া আঁচেৰে পূৰ্ণ। ইয়াৰ চকুত স্পষ্ট চেলাউৰি ( Supercilium) আছে। ডেউকাৰ দুডলীয়া আঁচ (double wingbar) বগা বৰণৰ। পেটৰ অংশ বগা বা ধোঁৱা বৰণীয়া হয়। মতা আৰু মাইকী দুয়ো দেখাত একেধৰণৰ।[2]
বিতৰণ
[সম্পাদনা কৰক]
- গ্ৰীষ্মকাল: পাকিস্তান, ভাৰত, নেপাল, চীনৰ পৰা পূবে কোৰিয়া, জাপানলৈকে ই বিস্তৃত। তদুপৰি ইউৰোপৰ কোনো কোনো অংশতো ইয়াক দেখিবলৈ পোৱা যায়।
- শীতকাল: ইয়াক এছিয়াৰ ভাৰত, দক্ষিণ-পূব এছিয়া তথা ফিলিপাইনছলৈ দেখিবলৈ পোৱা যায়।
বাসস্থান
[সম্পাদনা কৰক]কেঁচুখাটীয়ে প্ৰধানকৈ মুকলি অঞ্চলত চৰি ভাল পায়। শীতকালত ইয়াক চিৰসেউজীয়া কাঠনি (evergreen woodland)ত আৰু গ্ৰীষ্মকালত বনাঞ্চলত থকা দেখা পোৱা যায়।
আচৰণ
[সম্পাদনা কৰক]এই চৰাইবিধক খুউব কমেইহেযোৰ পাতি থকা দেখা যায়। সাধৰণতে মাটিতে ইহঁতে খাদ্যৰ সন্ধান কৰে, কেৱল বিপদৰ আশংকা হ'লেহে ওপৰৰ গছলৈ উৰি যায়।
ইয়াৰ মাতটো 'চ্চীইইপ' বা ''স্পেইইক'' ধৰণৰ যেন শুনিবলৈ পোৱা যায়।
খাদ্য
[সম্পাদনা কৰক]কেচুঁখাটীয়ে সাধাৰণতে পোক-পতংগ, ঘাঁহ বা গছৰ গুটি আদি খায়।
প্ৰজনন
[সম্পাদনা কৰক]
ই সাধাৰণতে মে' ৰ পৰা জুলাই মাহৰ ভিতৰত প্ৰজনন কৰে। ইহঁতে শেলুৱৈ আৰু ঘাঁহেৰে মাটিত বাহ সাজে। এবাৰত ৩-৫ টাকৈ ফুটুকীয়া মটীয়া কণী পাৰে।
আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
Singing at 10500 ft. in Kullu - Manali District of Himachal Pradesh, India
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Anthus hodgsoni". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106008447। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Ali, Salim; Sidney Dillon Ripley (1986/2001). Handbook of the Birds of India and Pakistan, 2nd ed.,10 vols (2nd সম্পাদনা). Oxford University Press.Bird Number 1852, vol. 9, p. 247-249.