কেট বেকিনচেল
কেট বেকিনচেল | |
---|---|
২০১১ চনত কেট বেকিনচেল | |
জন্ম | ২৬ জুলাই, ১৯৭৩ (৫১ বছৰ) লণ্ডন, ইংলেণ্ড |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯১–বৰ্তমান |
দাম্পত্যসঙ্গী | লেন ৱাইচমেন (বি. ২০০৪; বিবি. ২০১৯) |
অংশীদাৰ | মাইকেল শ্বীনা (১৯৯৫–২০০৩) |
সন্তান | ১ |
কেথেৰিন ৰোমাৰী "কেট" বেকিনচেল (জন্ম ২৬ জুলাই ১৯৭৩) এগৰাকী বৃটিছ অভিনেত্ৰী। টেলিভিছনত কেইটামান সৰু সৰু চৰিত্ৰত অভিনয় কৰাৰ পিছত তাই চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে মাচ এডো এবাউট নাথিং (১৯৯৩) নামৰ চলচ্চিত্ৰৰ জড়িয়তে, তেতিয়া তাই আছিল অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী।
নব্বৈৰ দশকৰ শেষৰ ফালে তাই আমেৰিকাৰ ছবিত কাম কৰাৰ সুযোগ বিচাৰিবলৈ আৰম্ভ কৰে আৰু সৰু-সৰু নাটকত অভিনয় কৰে। যেনে: দা লাষ্ট ডে ডিস্কো (১৯৯৮) আৰু ব্ৰকৱানা পেলেচ (১৯৯৯)। ইয়াৰ পিছত তাই যুদ্ধৰ ছবি পাৰ্ল হাৰ্বাৰত মুখ্য চৰিত্ৰত অভিনয় কৰে। তাই ৰোমান্টিক কমেডী ScreenDD ত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তাই দা এভিয়েটৰ (২০০৪) আৰু ক্লিক (২০০৬) ছবিত অভিনয় কৰিছিল।আণ্ডাৰৱৰ্ল্ড চলচ্চিত্ৰ চিৰিজত (২০০৩–বৰ্তমান) তাই চেলিনৰ চৰিত্ৰত অভিনয় কৰিছিল। বেকিনচেলে মূলতঃ একচন ছবিত অভিনয়ৰ বাবে পৰিচিত হৈ উঠে। যেনে: ইয়াৰ উপৰিও তাই স্নো এঞ্জেলছ (২০০৭), নথিং বাট দ্য ট্ৰুথ (২০০৮) আৰু এভাৰিবডিজ ফাইন (২০০৯) আদি সৰু-সৰু নাটক প্ৰকল্পতো অভিনয় কৰিছে। ২০১২ চনত তাই হুইট ষ্টিলমেনৰ জেন অষ্টেন কমেডী লাভ এণ্ড ফ্ৰেণ্ডশ্বিপ চলচ্চিত্ৰত অভিনয় কৰে।