ক্ষেত্ৰীয় গ্ৰামীণ বেংক
ক্ষেত্ৰীয় গ্ৰামীণ বেংক (ইংৰাজী: Regional Rural Bank) ভাৰতবৰ্ষৰ একপ্ৰকাৰৰ বেংক ব্যৱস্থা। ১৯৭৬ চনৰ ক্ষেত্ৰীয় গ্ৰামীণ বেংক আইনৰ অধীনত ক্ষেত্ৰীয় গ্ৰামীণ বেংক বা আঞ্চলিক গাঁৱলীয়া বেঙ্ক স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এখন বা একাধীক প্ৰশাসনীক জিলা এলেকাৰ, সামগ্ৰীক ভাবে একেধৰণৰ অৰ্থনৈতিক বাতাবৰণৰ অঞ্চল একোটাক লৈ একো একোটা ক্ষেত্ৰীয় গ্ৰামীণ বেংক বা আঞ্চলিক গাঁৱলীয়া বেঙ্ক স্থাপন কৰা হয়। অঞ্চলটোৰ অগ্ৰণী বেংক (Lead Bank) ৰ পোষকতাত স্থাপন কৰা ক্ষেত্ৰীয় গ্ৰামীণ বেংক বা আঞ্চলিক গাঁৱলীয়া বেঙ্কবিলাকৰ মূলধন গঠনত কেন্দ্ৰীয় চৰকাৰ ৫০%, ৰাজ্য চৰকাৰৰ ১৫% আৰু পোষক বেঙ্কৰ ৩৫% অংশ থাকে।[1] প্ৰাথমিক ভাবে প্ৰসাশনীয় দিশতো পোষক বেঙ্কটোৱে পৰিচালনা কৰিছিল যদিও পাচলৈ স্বায়ত্ত্বশাসিত হয়।
ইতিহাস
[সম্পাদনা কৰক]১৯৬৯ চনত ভাৰতবৰ্ষত বেঙ্ক শিল্প ৰাষ্ট্ৰীয়কৰণ হয়। পূৰ্বতে সকলো বেঙ্ক বেচৰকাৰী তথা ব্যক্তিগত খণ্ডৰ আছিল। ব্যৱসায়িক দিশৰ অগ্ৰাধীকাৰৰ দৃষ্টিভংগীও লাভকেন্দ্ৰীক আছিল। দেশৰ সমগ্ৰ অৰ্থনীতিয়েই গ্ৰাম্য তথা কৃষিভিত্তিক হোৱাৰ স্বৰ্ত্তেও, গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰখন অসংগঠিত হোৱাৰ বাবে বিপদ সংকুল তথা অনিশ্চিত। ফলত সদ্য ৰাষ্টায়ত্ত বেঙ্ক সমূহ গ্ৰাম্যক্ষেত্ৰলৈ, ফলপ্ৰসূ ভাবে যাবলৈ মানসিকভাবে বৰ আগ্ৰহী নাছিল। ইফালে চৰকাৰ হাতত ব্যাপক গ্ৰাম্য উণ্ণয়ণ আঁচনি। এনে পৰিপেক্ষিতত কেৱল গাৱঁকেই কাৰ্যক্ষেত্ৰ হিচাবে লৈ ১৯৭৬ চনৰ ক্ষেত্ৰীয় গ্ৰামীণ বেংক আইনৰ অধীনত ক্ষেত্ৰীয় গ্ৰামীণ বেংক বা আঞ্চলিক গাঁৱলীয়া বেঙ্ক স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ National Bank for Rural and Agricultural Development (NABARD). Financial Report, Chapter 5 – Regional Rural Banks