কৰ্দ্দৈ
অৱয়ব
(কৰদৈ টেঙাৰ পৰা পুনঃনিৰ্দেশিত)
| কৰ্দ্দৈ | |
|---|---|
| Carambolas still on the tree | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Eudicots |
| (অশ্ৰেণীকৃত): | Rosids |
| বৰ্গ: | Oxalidales |
| পৰিয়াল: | Oxalidaceae |
| গণ: | Averrhoa |
| প্ৰজাতি: | A. carambola |
| বৈজ্ঞানিক নাম | |
| Averrhoa carambola L. | |
কৰ্দ্দৈ (ইংৰাজী: Carambola) ইয়াৰ বৈজ্ঞানিক নাম হ'ল Averrhoa Carambola ৷ ইয়াক ইংৰাজীত পাঁচকোণীয়া (star)ফল বুলিও কোৱা হয়৷ এই ফল কেঁচাতে টেঙা আৰু পকিলে কিছু মিঠা হয়৷ [1]
খাদ্যপ্ৰাণ
[সম্পাদনা কৰক]শৰ্কৰা আৰু খনিজ পদাৰ্থৰ ভিতৰত - কেলচিয়াম,মেগনেছিয়াম আৰু ফছফৰাছ থাকে৷ ইয়াত Oxalic acid থাকে,গতিকে বেছিকৈ খালে বৃক্কৰ পাথৰ (kidney) হোৱাৰ সম্ভাৱনা বঢ়াই দিয়ে৷ ইয়াত প্ৰচুৰ পৰিমাণে 'গ' খাদ্যপ্ৰাণ থাকে৷ কৰ্দ্দৈৰ বাকলিৰ সেউজীয়া ৰং হ'ল এবিধ Pigment ,যি যকৃতৰ বাবে ভাল৷ গতিকে কৰ্দ্দৈ বাকলিৰ সৈতে খাব লাগে৷
আকাৰ
[সম্পাদনা কৰক]কৰ্দ্দৈ এবিধ পাঁচকোনীয়া ৰসাল ফল৷ এই ফলৰ গছজোপা জোপোহা আৰু পাতবিলাক সৰু সৰু সেউজীয়া ৰঙৰ৷ ফুলবিলাক সৰু আৰু গোলাপী ৰঙৰ৷ এই ফল কেঁচাতে সেউজীয়া ৰঙৰ আৰু পকিলে হালধীয়া বৰণৰ হয়৷


| পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
|---|---|
| শক্তি | 128 কিলোজুল (31 কিলোকেলৰি) |
| শৰ্কৰাসমূহ | 6.73 g |
| - চেনি | 3.98 g |
| - খাদ্য আঁহ | 2.8 g |
| চৰ্বী | 0.33 g |
| প্ৰ’টিন | 1.04 g |
| - লিউটিন and জিয়াক্সনথিন | 66 μg |
| থায়েমিন (ভিটামিন বি১) | 0.014 mg (1%) |
| Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.016 mg (1%) |
| নিয়াচিন (ভিটামিন বি৩) | 0.367 mg (2%) |
| পেণ্টথেনিক এচিড (বি৫) | 0.391 mg (8%) |
| ভিটামিন বি৬ | 0.017 mg (1%) |
| ফলেট (ভিটামিন বি৯) | 12 μg (3%) |
| চলিন | 7.6 mg (2%) |
| ভিটামিন চি | 34.4 mg (41%) |
| ভিটামিন ই | 0.15 mg (1%) |
| কেলচিয়াম | 3 mg (0%) |
| লো | 0.08 mg (1%) |
| মেগনেছিয়াম | 10 mg (3%) |
| মেংগানিজ | 0.037 mg (2%) |
| ফছফ’ৰাছ | 12 mg (2%) |
| পটাছিয়াম | 133 mg (3%) |
| ছডিয়াম | 2 mg (0%) |
| জিংক | 0.12 mg (1%) |
| Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ | |

ঔষধি গুণ
[সম্পাদনা কৰক]- কেঁচা কৰ্দ্দৈ বা কৰ্দ্দৈৰ ৰস পানীত মিলাই খালে ,শৌচ পনীয়া হোৱা ৰোগীয়ে খালে ভাল ফল পায়৷
- কৰ্দ্দৈত 'গ' ভিটামিন যথেষ্ট পৰিমানে থাকে বাবে ই অৰ্শৰোগ,দাঁত আলুৰ ৰক্তক্ষৰণ আৰু জণ্ডিছ ৰোগীৰ বাবে ভাল৷
- খনিজ পদাৰ্থ সঠিক পৰিমাণে থাকে বাবে ই শৰীৰত acid-base ৰ সমতা ৰক্ষা কৰিব পাৰে৷
- Isothio cynates নামৰ pigment থাকে বাবে কৰ্দ্দৈ যকৃতৰ বাবে ভাল৷[1]