কৱচ-কাপোৰ
কৱচ-কাপোৰ (ইংৰাজী: Kavas-Kapor)হৈছে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি,পাঁজি কাটি, সূতা কাটি ৰাতি নৌপুৱাওঁতেই বৈ কাটি উলিওৱা এক কাপোৰ বিশেষ। এনেধৰণে প্ৰস্তুত কৰা কাপোৰ পিন্ধি যুঁজলৈ গ'লে সেই যুদ্ধত জয়লাভ কৰে বুলি আহোম ৰজাসকলৰ দিনত বিশ্বাস প্ৰচলিত আছিল। “কৱচ’’ শব্দৰ অৰ্থ অভিধানত আছে, “ৰণুৱাই গাত পিন্ধা লোৰ জাখৰ; ভূত-প্ৰেত বা কু-মন্ত্ৰৰ পৰা গা ৰক্ষা কৰাৰ মন্ত্ৰ; যাক মুখেৰে পাঠ কৰা যায় বা ভূৰ্জপত্ৰত লিখি বিৰিত ভৰাই গাত পিন্ধা যায়[1] এই অৰ্থ অনুধাৱন কৰিলে কৱচ শব্দৰ লগত কাপোৰ যোগ কৰি প্ৰিয়জনৰ মংগলৰ বাবে ব্যৱহাৰ কৰা কৱচ-কাপোৰ নাম পাইছে৷ নামনি অসমত উজনি আহোম ৰাজত্বকালত থকা কৱচ কাপোৰৰ দৰে এবিধ কাপোৰৰ প্ৰচলন আছে; যাক আনাকাটা কাপোৰ বোলে৷ আনাকাটা কাপোৰো প্ৰিয়জনৰ মংগলৰ বাবে উপহাৰ দিয়া হয় যদিও আহোম যুগৰ দৰে কেৱল যুদ্ধক্ষেত্ৰত বীৰৰ ৰক্ষা-কৱচৰ দৰে নহয়; কোনো শুভ সংস্কাৰমূলক কামত মংগল কামনা কৰি দিয়া হয়৷
নিয়ম
[সম্পাদনা কৰক]কৱচ-কাপোৰ সম্পৰ্কে বুৰঞ্জীত এইদৰে উল্লেখ আছে-“মা-নিশা ৰাতি কপাহ নেওঠি পাজি কাটি ৰাতি নৌপুৱাওঁতেই বৈ উলিয়াব লাগে, তাকে আহোম মতে মন্ত্ৰেৰে লব, তাকে শাস্ত্ৰত কবচ কাপোৰ বোলে।” আন এখন পুথিত আছে, – “কাপোৰৰ লক্ষণ শুনা, মা-নিশা ৰাতি কপাহ নেওঠিব, পাঁজি কৰিব, সূতাও কাটিব কাপোৰো বব, ৰাতি নৌপুৱাওঁতেই কাপোৰো ওলাব, সেই কাপোৰ আহোম শাস্ত্ৰনিয়মে ৰণলৈ ভাল।”[2]
যুঁজত কৱচ কাপোৰ
[সম্পাদনা কৰক]বুৰঞ্জীমতে, ফ্ৰচেংমুং বৰগোঁহায়ে যুঁজলৈ যাবলৈ ওলাই পত্নী মূলা গাভৰুক কৱচ কাপোৰ খুজিছিল যদিও সময় কম হোৱা বাবে মূলা গাভৰুৱে সেই কাপোৰ দিব নোৱাৰিলে৷ যুঁজত ফ্ৰাচেংমুং বৰগোঁহাঞিৰ মৃত্যু হৈছিল৷ হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন নামৰ কিতাপত আছে,
অসমীয়া শিপিনীৰ দক্ষতা
[সম্পাদনা কৰক]কৱচ-কাপোৰৰ অৱস্থিতিয়ে অসমীয়া শিপিনীৰ অতুলনীয় দক্ষতাৰ কথা প্ৰমাণ কৰে৷ অসমত বাদে বিশ্বৰ কোনো ঠাইতে এনে কাপোৰ বোৱা অৰ্থাৎ ৰাতিৰ ভিতৰতে কপাহ নেওঠি, পাঁজি উলিয়াই, সূতা কটাৰ উপৰি বয়নৰ সকলো স্তৰ অতিক্ৰম কৰি কাপোৰ বোৱা প্ৰথা হয়তো নাই৷[4]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ বৰুৱা, হেমচন্দ্ৰ (২০১৫). হেমকোষ. হেমকোষ প্ৰকাশন. পৃষ্ঠা. ২৯২.
- ↑ 2.0 2.1 ভূঞা, সূৰ্য্যকুমাৰ (১৯৫৫). বুৰঞ্জীৰ বাণী. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৬৩.
- ↑ বৰবৰুৱা, হিতেশ্বৰ (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৫৬.
- ↑ শইকীয়া, নগেন (২০১৬). অসমীয়া মানুহৰ ইতিহাস. কথা. ISBN 978-81-89148-15-7.