খাদৈচুক গাঁও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খাদৈচুক
—  গাঁও  —
খাদৈচুক গাঁ‌ৱৰ পশ্চিম অঞ্চলৰ পথ সহ মন্দিৰ আৰু তেলৰ ৰিফিল ষ্টেচন।
খাদৈচুক is located in Assam
খাদৈচুক
অসমৰ মানচিত্ৰত খাদৈচুকৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°43′14″N 92°54′53″E / 26.7205°N 92.9146°E / 26.7205; 92.9146স্থানাংক: 26°43′14″N 92°54′53″E / 26.7205°N 92.9146°E / 26.7205; 92.9146
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শোণিতপুৰ
চহৰ জামুগুৰিহাট
চৰকাৰ
 - পৰিষদ গাঁও পঞ্চায়ত
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
পিন নং ৭৮৪১৮০
কাষৰীয়া চহৰ তেজপুৰ, বিশ্বনাথ চাৰিআলি
নাগৰিক সংস্থা গাঁও পঞ্চায়ত

খাদৈচুক (ইংৰাজী: Khadoi chuck) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ এখন গাঁ‌ও। [1] জামুগুৰিহাটৰ কেন্দ্ৰ অংশৰ পৰা পশ্চিম দিশলৈ প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈত এই গাঁ‌ওখন অৱস্থিত। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এই গাওঁখনৰ লোকসকল নাথ-যোগী সম্প্ৰদায়ৰ।

মূলতঃ জামুগুৰি-চকিঘাট সংযোগী পথৰ দুয়োপাৰে এই গাঁ‌ৱৰ বসতি বিস্তাৰিত হৈছে। মুখ্য পথৰপৰা এৰাবাৰী-চুটিয়ামৰ ফালে গাঁ‌ওখনৰ এটা অংশ ফাটি গৈছে। কিছুদূৰ পশ্চিমলৈ আগুৱাই আহি আন এটা অংশ উধৱৰা চুক গাঁ‌ৱৰ ফালে ফাটি গৈছে। এই পথৰ সোঁ-হাতে গাঁ‌ওখনৰ নামঘৰটো (26°43′17″N 92°54′53″E / 26.721493°N 92.914789°E / 26.721493; 92.914789) আছে। পশ্চিম জামুগুৰিৰ দিশত গাঁ‌ওখনৰ পৰা আন এটা পথ হাটবৰ গাঁ‌ৱলৈ বুলি ফাটি গৈছে। এই অংশতে এটা এম/এছ এম বি পেট্ৰ’ল-ডিজেল ৰিফিল ষ্টেচন (26°43′14″N 92°54′44″E / 26.720456°N 92.912246°E / 26.720456; 92.912246) আৰু এটা মন্দিৰ আছে।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

আদিতে গাঁ‌ওখনৰ বসতি সেৰেঙা আছিল। কথিত তথ্য অনুসৰি এই গাৱঁত খাদৈ নামৰ এগৰাকী জ্যেষ্ঠ মহিলা আছিল, মানুহৰ মুখে-মুখে খাদৈ বুঢ়ীৰ চুক হিচাপে প্ৰচলিত হৈ পিছত তেওঁৰ নামেৰেই গাঁ‌ওখনৰ নাম খাদৈচুক হয়।[2]

শৈক্ষিক পৰিৱেশ[সম্পাদনা কৰক]

গাঁ‌ওখনৰ সাক্ষৰতাৰ হাৰ ১০০ শতাংশ। স্বৰ্গীয় পূৰ্ণ নাথ শিক্ষক হিচাপে এই গাঁ‌ৱৰ প্ৰথমজন চৰকাৰী চাকৰিয়াল। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তিলক নাথ গাঁ‌ওখনৰ প্ৰথমজন স্নাতক। তেখেতৰ পত্নী অজন্তা নাথক অসম চৰকাৰে ২০২২চনৰ ২৭ জুন তাৰিখৰ চৰকাৰী আদেশৰ জৰিয়তে অসম লোকসেৱা আয়োগৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।[3] ড° নাথ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ প্ৰাক্তন অধ্যাপিকা আৰু অসম লোকসেৱা আয়োগত ২০১৮ চনৰ ১১ জুনৰ পৰা সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। আনহাতে প্লাৱন নাথ গাঁ‌ওখনৰ প্ৰথমজন লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হোৱা ব্যক্তি। গাঁ‌ওখনত শৈক্ষিক আৰু বৌদ্ধিক অনুষ্ঠান হিচাপে এটা মইনাপাৰিজাত আছে। ইয়াৰোপৰি খাদৈ-উদ্ধবৰা-হাতবৰ মিলি তিনিখন গাঁ‌ৱৰ মাজত এটা ৰাজহুৱা পুথিভঁৰাল আছিল যদিওঁ বৰ্তমান এই পুথিভঁৰালৰ অস্তিত্ব নাই।

শৈক্ষিক প্ৰতিষ্ঠান
প্ৰতিষ্ঠানৰ নাম প্ৰকাৰ প্ৰতিষ্ঠা কাল
খাদৈচুক প্ৰাথমিক বিদ্যালয় নিম্ন প্ৰাথমিক (অংকুৰ-পঞ্চম) ১৯২৫[4]
পশ্চিম জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় উচ্চ মাধ্যমিক (ষষ্ঠ-দশম) ১৯৭১[5]

জনসংখ্যা[সম্পাদনা কৰক]

উৎসৱ-অনুষ্ঠান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "জামুগুৰিহাটৰ অজন্তা নাথক এপিএছচিৰ অধ্যক্ষ পদত নিযুক্তিঃ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আনন্দ-উল্লাস". নিয়মীয়া বাৰ্তা. https://niyomiyabarta.com/assam/ajanta-nath-of-jamugurihat-has-been-appointed-as-the-principal-of-apsc/। আহৰণ কৰা হৈছে: 5 May 2023. 
  2. জামুগুৰি হাটৰ ইতিহাস. জামুগুৰি ইতিহাস প্ৰণয়ন সমিতি. পৃষ্ঠা. ১৩৯. 
  3. "Assam Ajanta Nath appointed as apsc chairman.". Guwahatiplus. https://www.guwahatiplus.com/assam/assam-ajanta-nath-appointed-as-apsc-chairman। আহৰণ কৰা হৈছে: 11 May 2023. 
  4. হিমাংশু ৰঞ্জন ভূঞা. "জামুগুৰিহাটৰ ঐতিহ্য আৰু বৈশিষ্ট্য". দৈনন্দিন বাৰ্তা. 
  5. "Pachim jamuguri hs". Schools.org. https://schools.org.in/sonitpur/18110417804/pachim-jamuguri-hs.html। আহৰণ কৰা হৈছে: 11 May 2023.