কলাখাৰ
কলাখাৰ বা খাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ-পানী। সাধাৰণতে ভীমকল গছৰ পটুৱা ছিৰলা-ছিৰিলিকৈ ফালি ৰ’দত শুকুৱাই, জুইত পুৰি, তাৰ ছাইৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয়।[1] কেতিয়াবা কলৰ গছ অংশও (পাত, পটুৱা আৰু কলগছৰ মাজৰ ডিলা অংশও) ৰ’দত শুকুৱাই পুৰি কলাখাৰ প্ৰস্তুত কৰা হয়। [2]
খাৰ আৰু এচিডৰ বিক্ৰিয়া
[সম্পাদনা কৰক]কলাখাৰে হাইড্ৰক্ল’ৰিক এচিডৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি লৱণৰ (KCl) উৎপাদন কৰে, অৰ্থাৎ এচিডিটী নাইকিয়া কৰে। এই বিক্ৰিয়াত লৱণৰ লগতে কাৰ্বন ডাই অক্সাইড (CO
2) আৰু পানী (H
2O) উৎপন্ন হয়। ইয়াৰ সমীকৰণটো হৈছে: KHCO
3 + HCl → KCl + CO
2 + H
2O।[3]
খাদ্য হিচাপে
[সম্পাদনা কৰক]কলাখাৰ এক ঔষধৰ দৰে খাদ্যত ব্যৱহাৰ কৰা হয়। অসমৰ লোকে ব্যৱহাৰ কৰা বিভিন্ন খাৰৰ ভিতৰত ভীমকলৰ বাকলি, পটুৱা বা আলু অংশ শুকুৱাই পুৰি উলিওৱা ছাইৰ পৰা তৈয়াৰ কৰি উলিওৱা আৰু খাবৰ বাবে ব্যৱহাৰ কৰা খাৰবিধেই হ'ল কলাখাৰ। ছাইখিনি পানীত তিয়াই থোৱাৰ পাছত যিখিনি ৰঙচুৱা পানী ওলায়— তাক খাৰণি (Alkali) বোলে। ধান-খেৰৰ পৰা উলিওৱা খাৰণি সাধাৰণতে কাপোৰ, চুলি, বাচন আদি ধুবৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ [4]খাবৰ বাবে ভীমকলৰ বাকলি, মধুনাৰ পৰা তৈয়াৰ কৰা খাৰণি ব্যৱহাৰ কৰা হয়। অতীতকালৰ অসমত নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল[5] কোনো কোনো অঞ্চলত মৃতকৰ সকামত দিয়া ভোজত খাৰ-মাছ ৰন্ধাটো মাংগলিক নিয়মৰ ভিতৰতে পৰে। আগৰ দিনত লোণ সততে পোৱা নগৈছিল বাবে লোণৰ মূল্য বহুত বেছি আছিল। তেতিয়া সাধাৰণ মানুহে লোণৰ সলনি খাৰণি ব্যৱহাৰ কৰিছিল। খাৰে অম্লক প্ৰশমিত কৰে বাবে অম্লশূল ৰোগত খাৰণি দি ৰন্ধা খাদ্য উপকাৰী। খাৰণি দি ৰন্ধা খাদ্যত হালধি দিলে ৰঙচুৱা বা মুগা বৰণৰ হয়। সেয়ে খাৰণি দি ৰন্ধা খাদ্যত হালধি সাধাৰণতে নিদিয়ে।
প্ৰবাদ
[সম্পাদনা কৰক]অসমীয়াসকলক খাৰখোৱা অসমীয়া বুলি কোৱা হয়। অতীতত অসমীয়াসকলৰ ভিতৰত বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি খাবৰ বাবে তৈয়াৰ কৰা আঞ্জাত খাৰ দি খাইছিল, তেনেকৈয়ে অসমীয়া সমাজত খাৰ এক খাদ্যজাত সামগ্ৰী হিচাপে জনপ্ৰিয় হৈ উঠে আৰু এই অভ্যাসেই অসমীয়া সকলক “খাৰখোৱা অসমীয়া”ত পৰিণত কৰে।[6]
উপকাৰ-অপকাৰ
[সম্পাদনা কৰক]কল পুৰি প্ৰস্তুত কৰা প্ৰতি ১০০ গ্ৰাম ছাইত থাকে— ফছফ’ৰাছ ৩৩ মিলিগ্ৰাম, প’টাছিয়াম ২৫৫ মিলিগ্ৰাম, মেগনেছিয়াম ২৭ মিলিগ্ৰাম, ছ’ডিয়াম ৫১ মিলিগ্ৰাম আৰু কেলছিয়াম ৬.৬ মিলিগ্ৰাম।
- কলত থকা প’টাছিয়াম নামৰ উপাদানবিধ শৰীৰৰ বাবে অতি লাগতিয়াল খনিজ তত্ত্ব। মানুহৰ শৰীৰক দৈনিক প্ৰায় ১০০ মিলিগ্ৰাম প’টাছিয়ামৰ প্ৰয়োজন হয়। কলাখাৰ ইয়াৰ বাবে এক ফলপ্ৰসূ উৎস হ'ব পাৰে।
- প’টাছিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে।
- কিডনীত পাথৰ হোৱা প্ৰতিৰোধ কৰে আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে।
- কলৰ ছাইৰ পৰা উৎকৃষ্ট অ’ৰ্গেনিক বা জৈৱিক সাৰ উৎপাদন কৰা হয়।
- কলৰ ছাইৰ পৰা চাবোন বা অন্য ডিটাৰজেণ্ট তৈয়াৰ কৰা হয়।
- চীন, জাপান আৰু আমেৰিকাৰ দৰে উন্নত দেশত হোৱা গৱেষণা অনুসৰি মাতৃৰ গৰ্ভাৱস্থাত খাৰ বা খাৰুৱা পানীৰ প্ৰয়োজনীয়তা আছে।
- খাৰে গৰ্ভাৱস্থাত দেখা দিয়া মৰ্ণিং ছিকনেছ আঁতৰ কৰে।
- খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়।
- খাৰ খোৱা মহিলাৰ যথেষ্ট মাতৃদুগ্ধ উৎপন্ন হয়।
- নৱজাতকৰ জণ্ডীচৰ সম্ভাৱনা হ্ৰাস পায়।
- খাদ্য হিচাপে ই পেটৰ অম্ল বা এচিডিটীৰ উপশম ঘটায়। অন্যান্য খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়। আভোক আঁতৰায়। খাদ্য সহজে হজম কৰায়।
বিভিন্ন উপকাৰিতাসমূহৰ ভিতৰত কলাখাৰৰ কিছুমান বিশেষ অপকাৰিতা হ’ল :
- খাদ্যত অতিমাত্ৰা কলাখাৰ ব্যৱহাৰ কৰিলে ই খাদ্যৰ সোৱাদ নষ্ট কৰাৰ লগতে পুষ্টিগুণো কিছু পৰিমাণে নাশ কৰে৷[2]
- কেঞ্চাৰৰ ৰিস্ক আৰু ভাৰতীয় খাদ্যৰ ওপৰত হোৱা আলোচনাত কেইজনমান বিশেষজ্ঞই কলাখাৰ দৈনিক ব্যৱহাৰ কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি আশংকা প্ৰকাশ কৰিছে।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোকসংস্কৃতি. ক্ৰান্তিকাল. পৃষ্ঠা. ৬৮.
- ↑ 2.0 2.1 কাকতী, কুমকুম (১৬-৩১ আগষ্ট ২০১২). প্ৰান্তিক. pp. ৪৩.
- ↑ "Potassium hydrocarbonate react with hydrogen chloride". https://chemiday.com/en/reaction/3-1-0-6521.
- ↑ চলিহা, দীপশিখা. "কলাখাৰ ব্যৱহাৰৰ পৰম্পৰা". সাহিত্য ডট অৰ্গ. Archived from the original on 2022-09-09. https://web.archive.org/web/20220909143801/https://xahitya.org/%E0%A6%95%E0%A6%B2%E0%A6%BE%E0%A6%96%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: এপ্ৰিল, ২০১৯.
- ↑ চাংমাই, নিতুল (ডিছেম্বৰ ২০১৩). "কলাখাৰ". প্ৰান্তিক.
- ↑ শইকীয়া, ভূপেন. "কলাখাৰ - বিকাশপেডিয়া". http://as.vikaspedia.in/health/nutrition/9959b29be9969be9f0.
- ↑ "Cancer Risk and Diet in India". http://www.scgcorp.com/pdf/scg_written_11.pdf.