সমললৈ যাওক

গলমণিকা নাচনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গলমণিকা নাচনী
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Muscicapidae
গণ: Ficedula
প্ৰজাতি: F. parva
বৈজ্ঞানিক নাম
Ficedula parva
(Bechstein, 1792)

গলমণিকা নাচনী (ইংৰাজী: Red-breasted Flycatcher, বৈজ্ঞানিক নাম-Ficedula parva) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই।

প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক মতা গলমণিকা নাচনী চৰাইৰ আকাৰ প্ৰায় ১১-১২ ছে: মি: হয়। ইয়াৰ পিঠি অংশ মটিয়া বৰণীয়া। তল অংশ বগা,মূৰ মুগা আৰু ডিঙি কমলা বৰণীয়া হয়। এই চৰাইবিধৰ ঠোঁট ক'লা আৰু জোঙা হয়।

অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰাইৰ মূৰ মটিয়া হয় আৰু ডিঙিত কমলা বৰণ নাথাকে।

এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে। শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে।

Red Breasted Flycatcher, wintering in Nagpur
Ficedula parva

বাসস্থান

[সম্পাদনা কৰক]

গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়। [2]

ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে।

এই চৰাইবিধে সাধাৰণতে গছৰ খোৰোঙত বাহ সাজে। এবাৰত ৪-৭ টাকৈ কণী পাৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]