গীতাঞ্জলি মিশ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গীতাঞ্জলি মিশ্ৰ

২০১৬ চনত গীতাঞ্জলি মিশ্ৰ
পেচা উকীল, সমাজকৰ্মী আৰু লেখক


গীতাঞ্জলি মিশ্ৰ (ইংৰাজী: Geetanjali Misra) হৈছে এগৰাকী ভাৰতীয় নাৰী অধিকাৰ কৰ্মী। তেওঁ হৈছে নতুন দিল্লীত অৱস্থিত মহিলা অধিকাৰৰ হকে কাম কৰা বেচৰকাৰী সংস্থা “ক্ৰিয়েটিং ৰিচ’ৰ্চ ফৰ এম্পাৱাৰমেণ্ট ইন একচন”ৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা। গীতাঞ্জলিয়ে যৌনতা, প্ৰজনন স্বাস্থ্য, লিংগ, মানৱ অধিকাৰ আৰু লিংগভিত্তিক হিংসাৰ বিষয়সমূহৰ ওপৰত এজন কৰ্মী, অনুদান সংগ্ৰহকাৰী আৰু নীতিগত পৰ্যায়ত কাম কৰি আহিছে। বৰ্তমান তেওঁ “এম্নেষ্টী ইণ্টাৰনেশ্যনেল জেণ্ডাৰ টাস্ক ফ'ৰ্চ” (Amnesty International Gender Task Force), “স্পটলাইট চিভিল ছ'চাইটি ৰেফাৰেন্স গ্ৰুপ” (Spotlight Civil Society reference group) আৰু “এষ্ট্ৰিয়া লেচবিয়ান ফাউণ্ডেশ্যন ফৰ জাষ্টিছ”ৰ (Astraea Lesbian Foundation for Justice) ব'ৰ্ড সদস্য।[1]

শেহতীয়া জীৱন আৰু কৰ্ম[সম্পাদনা কৰক]

গীতাঞ্জলি মিশ্ৰই “কলম্বিয়া ইউনিভাৰ্চিটি মেইলমেন স্কুল অৱ পাব্লিক হেলথ”ত এলজিবিটি (LGBT) সমস্যা, যৌন অধিকাৰ আৰু জনস্বাস্থ্যৰ বিষয়ৰ এডজাণ্ট প্ৰফেচাৰ হিচাপে অধ্যাপনা কৰি আহিছে। ক্ৰিয়েটিং ৰিচ’ৰ্চ ফৰ এম্পাৱাৰমেণ্ট ইন একচন (CREA) নামৰ বেচৰকাৰী সংস্থাটো প্ৰতিস্থা আৰু যোগদান কৰাৰ পূৰ্বে তেওঁ নতুন দিল্লীৰ ফৰ্ড ফাউণ্ডেশ্যনত যৌনতা আৰু প্ৰজনন স্বাস্থ্যৰ পৰিকল্পনা বিষয়া আছিল। এজন পৰিকল্পনা বিষয়া হিচাপে সেই সময়ত তেওঁ ভাৰত, নেপাল, আৰু শ্ৰীলংকাৰ বেচৰকাৰী সংস্থাসমূহক সহায় কৰিছিল, যৌন আৰু প্ৰজনন স্বাস্থ্য আৰু অধিকাৰৰ ওপৰত কাম কৰিছিল। ১৯৮৯ চনত তেওঁ দক্ষিণ এছিয়ান মূলৰ মহিলাৰ ওপৰত হোৱা হিংসাৰ অন্ত পেলোৱাৰ উদ্দেশ্যে নিউয়ৰ্কত দক্ষিণ এছীয় মহিলাৰ বাবে ‘SAKHI’ নামৰ এটা অলাভজনক সংস্থাৰ সহ-প্ৰতিষ্ঠাপক আছিল। ইয়াৰ পূৰ্বে তেওঁ যৌন আৰু প্ৰজনন স্বাস্থ্য আৰু অধিকাৰৰ সম্পৰ্কীয় বহুচৰ্চিত বিশ্বব্যাপী সমনীয়াৰ পৰ্যালোচিত জাৰ্নেল “ৰিপ্ৰডাক্টিভ হেলথ মেটাৰ্ছ”ৰ (Reproductive Health Matters) আৰু নেদাৰলেণ্ডত প্ৰতিষ্ঠা হোৱা বিশ্বৰ আটাইতকৈ পুৰণি আন্তঃৰাষ্ট্ৰীয় মহিলা পুঁজি “মামা কেছ”ৰ (Mama Cash) বৰ্ড সমিতিৰ অধ্যক্ষ আছিল। তেওঁ আমেৰিকাৰ উত্তৰ কেৰ’লিনাত অৱস্থিত অলাভজনক মানৱ উন্নয়ন সংস্থা “এফ এইচ আই ৩৬০”ৰ ব’ৰ্ডৰ সদস্য আছিল আৰু “এছচিয়েশ্বন ফৰ উইমেনছ ৰাইটছ ইন ডেভেলপমেণ্ট”ৰ (AWID; Association for Women's Rights in Development) ব’ৰ্ডৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ কেইবাটাও অনুষ্ঠানৰ পৰামৰ্শদাতাৰ ভূমিকা পালন কৰিছিল যেনে “কৰ্ডেইড”ৰ (Cordaid) বিশেষজ্ঞ পৰামৰ্শদাতা গোট (নেদাৰলেণ্ড)ৰ সদস্য হোৱা, “একচন প্লাছ ক’লিচন ফৰ ৰাইটছ”, “এডুকেচন এণ্ড কেয়াৰ ইন এইচ আই ভি/এইডছ (ভাৰত)”ৰ মূল সদস্য হিচাপে কাম কৰা, আৰু “গ্ল'বেল ফাণ্ড ফৰ উইমেন (আমেৰিকা)”ৰ আঞ্চলিক আৰু বিশ্বব্যাপী উপদেষ্টা আছিল। তেওঁ যৌনতা, লিংগ, আৰু অধিকাৰৰ বিষয়ত লেখা-মেলা আৰু ২০০৫ চনত ৰাধিকা চন্দিৰমণিৰ সৈতে লগ লাগি ছেজ পাব্লিকেশ্বনৰ পৰা Sexuality, Gender and Rights: Exploring Theory and Practice in South and Southeast Asia নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। গ্ৰন্থখনত দক্ষিণ এছিয়াৰ যৌনতা আৰু অধিকাৰ, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ পৰা আৰম্ভ কৰি হিজড়া, এইডছৰ উদ্বেগ আৰু চিকিৎসা, আৰু পোষকতা আদিৰ বিষয়ে আলোচনা কৰা হৈছে।[2] মিশ্ৰই এছিয়াৰ যৌনকৰ্মীসকলৰ অধিকাৰৰ ওপৰত কেইবাখনো শৈক্ষিক গৱেষণা পত্ৰও লিখিছে, য'ত ২০০০ চনত হাৰ্ভাৰ্ড স্কুল অৱ পাব্লিক হেলথ, হেলথ এণ্ড হিউমেন ৰাইটছ জাৰ্নেলত প্ৰকাশিত “প্ৰটেক্টিং দ্য ৰাইটছ অৱ চেক্স ৱৰ্কাৰছ: দ্য ইণ্ডিয়ান এক্সপিৰিয়েন্স” আদিও অন্তৰ্ভুক্ত।[3] তেওঁ AWIDৰ দ্বাৰা প্ৰকাশিত ‘The Power of Movements’ গ্ৰন্থৰো লেখিকা।

গীতাঞ্জলি মিশ্ৰই আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিষয়ত আৰু আমেৰিকাৰ চিৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]