গুনিত মংগা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুনিত মংগা
Guneet Monga

২০১৮ চনত মংগা
জন্ম ২১ নৱেম্বৰ, ১৯৮৩ (৪০ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
শিক্ষানুষ্ঠান গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়
পেচা ছবি প্ৰযোজক,
শিখ্যা এণ্টাৰটেইনমেণ্টৰ মুখ্য কাৰ্যবাহী বিষয়া
জনা যায় এলিফেণ্ট হুইছপাৰাৰছ

গুনীত মংগা (ইংৰাজী: Guneet Monga ; জন্ম: ২১ নৱেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২৩ চনৰ একাডেমী বঁটা বিজয়ী চুটি তথ্যচিত্ৰ-ছবি দ্য এলিফেণ্ট হুইছপাৰাৰ্ছৰ তেখেত কাৰ্যবাহী প্ৰযোজক। মংগা শিক্ষা এণ্টাৰটেইনমেণ্ট বুটিক ফিল্ম প্ৰডাকচন হাউছৰ প্ৰতিষ্ঠাপক যিয়ে গেংছ অৱ ৱাছেইপুৰ - পাৰ্ট ১, গেংছ অৱ ৱাছেইপুৰ - পাৰ্ট ২, পেডলাৰ্ছ, দ্য লাঞ্চবক্স, মাছান, জুবান আৰু পাগগ্লাইটৰ দৰে উল্লেখযোগ্য ছবি নিৰ্মাণ কৰিছিল।[1]

২০১৮ চনত ভাৰতৰ প্ৰথমগৰাকী প্ৰযোজক হিচাপে মংগাই একাডেমী অৱ চলচ্চিত্ৰ আৰ্টছ এণ্ড চাইন্সেছত অন্তৰ্ভুক্ত হয়।[2]তেখেতে পিৰিয়ড দ্য এণ্ড এৱ চেনটেঞ্চনামৰ তথ্যচিত্ৰ চুটি ছবিত কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰিছিল। ছবিখনে ২০১৯ চনৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ একাডেমী বঁটা লাভ কৰে। দ্য হলিউড ৰিপ’ৰ্টাৰে বিশ্ব মনোৰঞ্জন উদ্যোগৰ শীৰ্ষ ১২ গৰাকী সফল মহিলা ভিতৰত মংগাক অন্যতম বুলি ঘোষনা কৰিছে৷ ইণ্ডিয়া টুডেৰ দ্বাৰা ভাৰত সলনি কৰা শীৰ্ষ ৫০ গৰাকী ভাৰতীয়ৰ ভিতৰতো মংগাৰ নাম সন্নিৱিষ্ট হৈছে৷

২০২১ চনত গুণিত মংগাক ফ্ৰান্স চৰকাৰে চেভালিয়াৰ ডান্স ল’অৰ্ডে ডেছ আৰ্টছ এট ডেছ লেট্ৰেছৰ সৈতে সন্মানিত কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মংগা দিল্লীত ডাঙৰ-দীঘল হৈছিল। ব্লুবেলছ স্কুল ইণ্টাৰনেশ্যনেলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ২০০৪ চনত দিল্লীৰ গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত মধুবালা ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন এণ্ড ইলেক্ট্ৰনিক মিডিয়াৰ পৰা তেখেতে গণসংযোগ বিভাগত ডিগ্ৰী লাভ কৰে।[1]

কেৰিয়াৰ[সম্পাদনা কৰক]

২০০৩ চনত মংগাই দিল্লীত এজন প্ৰডাকচন ক'অৰ্ডিনেটৰৰ অধীনত কাম কৰে আৰু গণসংযোগ লাভ কৰাৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰডাকচনৰ প্ৰডাকচন সমন্বয়ক হিচাপে কেৰিয়াৰ আৰম্ভ কৰে৷ ২০০৬ চনত মংগা মুম্বাইলৈ স্থানান্তৰিত হয়, তাৰ পিছত তেওঁ ক্ৰিকেটধৰ্মী ছবি ছেই চালাম ইণ্ডিয়া (২০০৭)ত কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ৰং ৰাছিয়া (২০০৮) আৰু দাসবিদানিয়া (২০০৮) আৰু পিছলৈ ২০০৯ চনত বালাজী টেলিফিল্মছৰ দ্বাৰা প্ৰযোজিত ৱান্স আপন এ টাইম ইন মুম্বাই (২০১০) ছবিখনৰ নিৰ্মাণৰ সময়ত তেওঁ পৰিচালক-প্ৰযোজক অনুৰাগ কাশ্যপৰ সৈতে চিনাকি হয়৷ ২০০৯ চনৰ শেষৰ ফালে তেওঁ অনুৰাগ কাশ্যপ ফিল্মছত যোগদান কৰে।[1]

মংগাৰ প্ৰথমখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ছবি আছিল ২০১০ চনৰ শ্ৰেষ্ঠ লাইভ একচন চুটি ছবিৰ বাবে একাডেমী বঁটা লাভ কৰা কৱি (২০০৯)৷ ছবিখনত ভাৰতৰ চুক্তিযুক্ত শ্ৰমিকৰ বিষয়ে আলোচনা হৈছিল৷ পৰিচালনা আছিল গ্ৰেগ হেলভেৰ৷ ছবিখনে ২০০৯ চনত ছাত্ৰ একাডেমী বঁটা - নেৰেটিভ লাভ কৰে।[3] ২০০৮ চনত তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী শিখ্যা এণ্টাৰটেইনমেণ্ট আৰম্ভ কৰে আৰু লগতে এটা লাইন প্ৰডাকচন কোম্পানীও আৰম্ভ কৰে।[1]অনুৰাগ কাশ্যপৰ সৈতে তেওঁ গেংছ অৱ ৱাছেইপুৰ, পাৰ্ট ১ আৰু ২ (২০১২) আৰু ডেট গাৰ্ল ইন ইয়েলো বুটছ (২০১১)[4] আদি ছবিত কাম কৰে৷ ইয়াৰ উপৰিও, তেখেতে তৃষ্ণা (২০১১), শৈতন (২০১১), মাইকেল ( ২০১১), আৰু আইয়াৰৰ লগত জড়িত হৈছিল৷ তেখেতে ছবিখনৰ চিত্ৰনাট্য ফেচবুকত পোষ্ট কৰি ২ কোটি টকাৰ বাজেটেৰে নিৰ্মিত পেডলাৰ্ছ (২০১২)ৰ বাবে প্ৰায় ১ লাখ ৩০ হাজাৰ মাৰ্কিন ডলাৰ সংগ্ৰহ কৰে।[5] আন্তঃৰাষ্ট্ৰীয় সমালোচক সপ্তাহত পেডলাৰ্ছক নিৰ্বাচিত কৰা হৈছিল আৰু ছবিখনে ৰেভ ৰিভিউ লাভ কৰিছিল৷ ইয়াৰ ফলত ভাৰতীয় চিনেমাৰ বাবেও নতুন বজাৰ মুকলি হৈছিল।

ভাৰত, নেদাৰলেণ্ড আৰু ব্ৰিটেইনৰ সহ-প্ৰডাকচন হিচাপে তেখেতে মনছুন শ্বুটআউট আৰু ফিল্ম বজাৰত প্ৰদৰ্শিত প্ৰজেক্ট দ্য লাঞ্চবক্স (২০১১) নিৰ্মাণ কৰে৷ ভাৰত, ফ্ৰান্স, জাৰ্মানী আৰু আমেৰিকাৰ মাজত সহযোগী প্ৰডাকচন হিচাপে চিনেমাৰ্ট (২০১২), বাৰ্লিনেল কো-প্ৰডাকচন মাৰ্কেট (২০১২) আৰু টৰিনোফিল্মলেব (২০১২) তেখেতে দৰ্শকৰ বাবে সাজু কৰি উলিয়ায়৷

২০১৩ চনৰ মে' মাহত যেতিয়া দ্য লাঞ্চবক্স (ডাব্বা) আৰু মনছুন শ্বুটআউট দুয়োটাকে ক্ৰমে আন্তৰ্জাতিক সমালোচক সপ্তাহ আৰু ২০১৩ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত মাজনিশা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হয়,[6]দ্য হলিউড ৰিপ'ৰ্টাৰে তেওঁক "most prolific producers of a new wave of cinema" বুলি অভিহিত কৰে৷ আনহাতে দ্য হলিউড ৰিপ'ৰ্টাৰৰ "২০১২ উইমেন ইন এণ্টাৰটেইনমেণ্ট বিশেষ"-এ তেওঁক "দৰ্শনযোগ্য ১২ জন আন্তঃৰাষ্ট্ৰীয় ব্যক্তি"ৰ ভিতৰত স্থান দিছিল৷[7][8]

চলচ্চিত্ৰপুঞ্জী[সম্পাদনা কৰক]

  • Say Salaam India (২০০৭)
  • Rang Rasiya (২০০৮)
  • Dasvidaniya (২০০৮)
  • Kavi (২০০৯)
  • Once Upon a Time in Mumbaai (২০১০)
  • That Girl in Yellow Boots (২০১১)
  • Shaitan (২০১১)
  • Trishna (২০১১)
  • Michael (২০১১)
  • Peddlers (২০১২)
  • Gangs of Wasseypur - Part 1 (২০১২)
  • Gangs of Wasseypur - Part 2 (২০১২)
  • Aiyyaa (২০১২)
  • Shahid (২০১২)
  • The Lunchbox (২০১২)
  • Monsoon Shootout (২০১২)
  • Mickey Virus (২০১২)
  • White Lies (২০১২)
  • Vakratunda Mahakaaya (২০১২)
  • Masaan (২০১২)
  • Zubaan (২০১২)
  • Haraamkhor (২০১২)
  • Period. End of Sentence. (২০১২)
  • Soorarai Pottru (২০১৯, তামিল)
  • Pagglait (২০২১)
  • 1232 KMS (২০২১) (কাৰ্যবাহী প্ৰযোজক)
  • The Elephant Whisperers (২০২২) (সহ-প্ৰযোজক) (তামিল)
  • Kathal (২০২৩) (কাৰ্যবাহী প্ৰযোজক)
অভিনেত্ৰী হিচাপে
Love, Wrinkle-free (২০১২)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 Nandini Ramnath (26 October 2012). "Guneet Monga: Sealing the deal". Mint (newspaper). http://www.livemint.com/Leisure/tP9mOVFYoF0RJOSX4vCveP/Guneet-Monga--Sealing-the-deal.html। আহৰণ কৰা হৈছে: 26 May 2013. 
  2. "SRK, Aditya Chopra invited to join Oscar Academys Class of 2018". The Tribune. https://www.tribuneindia.com/news/archive/lifestyle/srk-aditya-chopra-invited-to-join-oscar-academy-s-class-of-2018-610856. 
  3. "Student Film Award Winners". Academy of Motion Picture Arts and Sciences. Archived from the original on 29 February 2012. https://web.archive.org/web/20120229173821/http://www.oscars.org/awards/saa/winners/winners.pdf। আহৰণ কৰা হৈছে: 26 May 2013. 
  4. "Guneet Monga | Sealing the deal". Livemint. 26 October 2012. http://www.livemint.com/Leisure/tP9mOVFYoF0RJOSX4vCveP/Guneet-Monga--Sealing-the-deal.html। আহৰণ কৰা হৈছে: 6 May 2013. 
  5. "TorinoFilmLab | Network | Guneet Monga". Torinofilmlab.it. Archived from the original on 14 May 2014. https://web.archive.org/web/20140514042346/http://www.torinofilmlab.it/person.php?id=686। আহৰণ কৰা হৈছে: 6 May 2013. 
  6. "What makes Guneet Monga the most successful Indie producer at 29". DearCinema.com. 11 May 2013. http://dearcinema.com/article/why-guneet-monga-is-the-most-successful-indie-producer-at-29/2055। আহৰণ কৰা হৈছে: 11 May 2013. 
  7. "Cannes: India's New Wave Producer Guneet Monga 2:00 AM PDT". The Hollywood Reporter. 22 May 2013. http://www.hollywoodreporter.com/news/cannes-indias-new-wave-producer-524945। আহৰণ কৰা হৈছে: 26 May 2013. 
  8. Prachi Rege (14 December 2012). "Parallel Queen: Guneet Monga, has managed to bridge the gap between Indian films and foreign buyers and distributors". India Today. http://indiatoday.intoday.in/story/guneet-monga-helped-give-independent-cinema-a-facelift/1/237745.html। আহৰণ কৰা হৈছে: 26 May 2013.