গুৱলা সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুৱলা সাপ
Red milk snake Lampropeltis triangulum syspila
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
উপপৰিয়াল: Colubrinae
গণ: Lampropeltis
প্ৰজাতি: L. triangulum
বৈজ্ঞানিক নাম
Lampropeltis triangulum
(LaCépède, 1788)[1]
Subspecies

24 sspp, see text

সমাৰ্থক

Coluber triangulum LaCépède, 1788
Pseudoëlaps Y Berthold, 1843
Ablabes triangulum - Duméril & Bibron, 1854
Lampropeltis triangula - Cope, 1860
Coronella triangulum - Boulenger, 1894
Osceola doliata triangula - Cope, 1900

গুৱলা সাপ (ইংৰাজী: milk snake, বৈজ্ঞানিক নাম-Lampropeltis triangulum) এবিধ অবিষাক্ত সাপৰ প্ৰজাতি৷ ইয়াৰ কমেও ২৪ বিধমান উপ-প্ৰজাতি আছে বুলি জনা যায়৷[1] [2][3]

বিৱৰণ[সম্পাদনা কৰক]

গুৱালা সাপ সাধাৰণতে ২০-৬০ ইঞ্চি (৫১-১৫০ ছে:মি:) পৰ্যন্ত দীঘল হ'ব পাৰে৷ [1] ইয়াৰ গাৰ বাকলি (scale) মিহি আৰু উজ্জল ( shiny) হয়৷ ইয়াৰ দেহৰ বৰণ ঘুৰণীয়াকৈ চপৰা-চপৰে থকা (alternating bands) ৰঙা-ক'লা-হালধীয়া বা বগা-ক'লা -ৰঙা হোৱা দেখা যায়৷ [1]

Juvenile Eastern milk snake

বিতৰণ[সম্পাদনা কৰক]

গুৱালা সাপ প্ৰধানকৈ এছিয়া, দক্ষিণ-পূব কানাডা, ভেনিজুৱেলা, দক্ষিণ আমেৰিকা আদিত দেখিবলৈ পোৱা যায়৷ [1][4]

বাসস্থান[সম্পাদনা কৰক]

ইয়াৰ বাসস্থান ঠাইবিশেষে বেলেগ বেলেগ হয়৷ সাধাৰণতে ই বনাঞ্চলত থাকে৷ ই ঘাইকৈ শিলাময় ঠাইত বাস কৰিবলৈ পছন্দ কৰে৷ [1]

আচৰণ[সম্পাদনা কৰক]

গুৱালা সাপ ঘাইকৈ নিশাচৰ৷ ই মাটিত বাস কৰে (terrestrial) আৰু মাটিৰ সৰাপাতৰ সৈতে মিলি থাকিবলৈ চেষ্টা কৰে৷

খাদ্য[সম্পাদনা কৰক]

পোৱালি গুৱালা সাপে পোক-পতংগ, ফৰিং আৰু কেঁচু আদি খাই জীয়াই থাকে৷ [5] পূৰ্ণবয়স্ক গুৱালা সাপে জেঠীকে আদি কৰি সৰু আকাৰৰ স্তন্যপায়ী প্ৰাণী খায়৷ [1] তাৰোপৰি ই চৰাই, কণী, ভেকুলী, মাছ আৰু অন্য সাপ খাই বুলিও জনা যায়৷ [5]

প্ৰজনন[সম্পাদনা কৰক]

গুৱালা সাপ অণ্ডপ্ৰসৱী (oviparous)৷ ই এবাৰত গড়ে ১০ টাকৈ কণী পাৰে৷ অৱশ্যে ঠাইবিশেষে এই সংখ্যাৰ পৰিৱৰ্তন হয়৷[1] ই বছৰৰ মে মাহৰ প্ৰথম ভাগৰ পৰা জুন মাহলৈকে প্ৰজনন কৰে৷[5] জুন-জুলাইত মাইকী গুৱালা সাপে সৰা গছৰ ডালৰ তলত , বা শিলৰ আঁৰত বা গেলা-পচা উদ্ভিদৰ মাজত কণী পাৰে৷ [5] প্ৰায় দুমাহ উমনি দিয়াৰ পিছত আগষ্ট বা ছেপ্টেম্বৰ মাহত কণী ফুটি পোৱালি জগে৷ [5] গুৱালা সাপ সাধাৰণতে ১২ বছৰ পৰ্যন্ত জীয়াই থাকে৷ [5]

স্থিতি[সম্পাদনা কৰক]

আই ইউ চি এন ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও চোৰাং চিকাৰ আৰু বন্য জীৱৰ অনৈতিক বেহাৰ বাবে বহুতো অঞ্চলত এই সাপবিধ ভাবুকিৰ সন্মুখীন হৈছে৷ [1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]