গেৰেলা
অৱয়ব
(গেন্দেৰাৰ পৰা পুনঃনিৰ্দেশিত)
গেৰেলা (Hog badger) | |
---|---|
Arctonyx collaris in Huai Kha Khaeng Wildlife Sanctuary, Thailand. | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Arctonyx |
প্ৰজাতি: | A. collaris |
দ্বৈৰাশিক নামকৰণ | |
Arctonyx collaris Cuvier, 1825 | |
Hog badger range |
গেৰেলা (ইংৰাজী: Hog badger; বৈজ্ঞানিক নাম:Arctonyx collaris) এবিধ সৰু আকাৰৰ স্তন্যপায়ী নিশাচৰ প্ৰাণী৷ অসমৰ বিভিন্ন অঞ্চলত এই প্ৰাণীবিধ দেখা পোৱা যায়৷
বিৱৰণ
[সম্পাদনা কৰক]গেৰেলাৰ গা মলিয়ন মুগাৰ ওপৰত মলিয়ন ক'লা পটীৰে অনিয়মিতভাৱে আঁকবাঁক (irregularly striped) থকা৷ ইয়াৰ উচ্চতা ৰাম-শিয়ালৰ সমানেই,মাত্ৰ কিছু চুটি আৰু ঠেং শিয়ালতকৈ শকত৷ পিছ ঠেং দুখন আগঠেঙতকৈ যথেষ্ট চুটি৷ মুখ ছাইবৰণীয়া আৰু কিছু জোঙা৷ কাণৰ ওপৰভাগ ধেনুভিৰীয়া আৰু বহল৷ [2]
আচৰণ
[সম্পাদনা কৰক]গেৰেলা সাধাৰণতেই গোপনতাপ্ৰিয় (secretive) প্ৰাণী৷
খাদ্য
[সম্পাদনা কৰক]গেৰেলা মাংসহাৰী যদিও প্ৰধানত: অপমাৰ্জক (scavenger)৷ ই মৰা গৰু-ম'হ খাই জীয়াই থাকে৷ সুবিধা পালে বেং, কেকোঁৰা, শামুক, মাছ আদিও খায়৷[2]
প্ৰজনন
[সম্পাদনা কৰক]গেৰেলাই বাঁহৰ মূঢ়াত বা ডাঙৰ গছৰ গুৰিৰ খোৰোঙত বাঁহ সাজে৷ দুবছৰৰ মূৰত এটা বা দুটা পোৱালি জগায়৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Duckworth, J.W.; Timmins, R.J.; Chutipong, W.; Gray, T.N.E.; Long, B.; Helgen, K.; Rahman, H.; Choudhury, A.; Willcox, D.H.A. (2016). Arctonyx collaris. 2016. IUCN. p. e.T70205537A45209459. doi:10.2305/IUCN.UK.2016-1.RLTS.T70205537A45209459.en. https://www.iucnredlist.org/species/70205537/45209459। আহৰণ কৰা হৈছে: 30 October 2018.
- ↑ 2.0 2.1 কীৰ্তিনাথ মহন্ত (২০১৩). অৰণ্য জীৱনৰ ৰোমাঞ্চকৰ কাহিনী. বনলতা. পৃষ্ঠা. ১৪৫-১৪৯.