সমললৈ যাওক

গোবিন্দৰাজন পদ্মনাভন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোবিন্দৰাজন পদ্মনাভন

জন্ম ২০ মাৰ্চ, ১৯৩৮ (৮৬ বছৰ)
মাদ্ৰাজ, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ জৈৱৰসায়ন
কৰ্মস্থান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান
চেণ্ট মেৰী হাস্পতাল মেডিকেল স্কুল
চিকাগো বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালুৰু
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, নতুন দিল্লী
প্ৰেচিডেন্সি কলেজ, চেন্নাই
ডক্তৰেল পৰামৰ্শদাতা পি এচ শৰ্মা
ডক্তৰেল বিদ্যাৰ্থী পুণ্ডি এন. ৰঙাৰাম, এম সত্যনাৰায়ণ ৰাও, চেল্লাম ৰাজমণিসিকম, ভেৰাৱনী দ্বাৰাকি, পূৰ্ণিমা উপাধ্যায়, এম ভেংকটেশ্বৰ ৰাও, বাৰাধৰাজম সুন্দৰমূৰ্তি।
উল্লেখনীয় বঁটা পদ্মভূষণ (২০০৩)
পদ্মশ্ৰী (১৯৯১)
শান্তি স্বৰূপ ভাটনাগৰ বঁটা (১৯৮৩)

গোবিন্দৰাজন পদ্মনাভন(ইংৰাজী: Govindarajan Padmanaban জন্ম ২০ মাৰ্চ ১৯৩৮, মাদ্ৰাজ) এগৰাকী ভাৰতীয় জৈৱ ৰসায়নবিদ আৰু জৈৱ প্ৰযুক্তিবিদ তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল আৰু বৰ্তমান আইআইএছচি-ৰ জৈৱ ৰসায়ন বিভাগৰ সন্মানীয় অধ্যাপক আৰু তামিলনাডুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

পদ্মনাভন এটা অভিযন্তা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁ তামিলনাডু তাঞ্জোৰ জিলাৰ বাসিন্দা যদিও বাংগালোৰত স্থায়ীভাৱে থাকিবলৈ লয়। বাংগালোৰত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ এখন অভিযান্ত্ৰিক কলেজত যোগদান কৰিছিল। অৱশ্যে, তেওঁ অভিযান্ত্ৰিক বিদ্যাৰ প্ৰতি আগ্ৰহী নাছিল, আৰু তেওঁ ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত যোগদান কৰিছিল। তেওঁ নতুন দিল্লী ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত মাটি ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৬৬ চনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আইআইএছচি) বাংগালোৰ জৈৱ ৰসায়নবিজ্ঞানত পিএইচডি সম্পূৰ্ণ কৰে।[2]

গৱেষণাৰ প্ৰাৰম্ভিক বছৰবোৰত তেওঁ প্ৰাথমিকভাৱে যকৃতত ইউকেৰিয়টিক জিনৰ প্ৰতিলিপি নিয়ন্ত্ৰণত কাম কৰিছিল। তেওঁ কোষীয় প্ৰক্ৰিয়াত হেমৰ বহুমুখী ভূমিকা স্পষ্ট কৰিবলৈ আগ্ৰহী আছিল। তেওঁৰ দলটোৱে মেলেৰিয়াৰ পৰজীৱীৰ হেম-জৈৱ সংশ্লেষিত পথ আৱিষ্কাৰ কৰিছিল আৰু ইয়াক ঔষধৰ লক্ষ্য হিচাপে দেখুৱাইছিল। তেওঁ প্ৰতিষেধকৰ বিকাশৰ ক্ষেত্ৰতো আগ্ৰহী। তেওঁৰ দলটোৱে ২০০৪ চনত কাৰ্কুমিনৰ এণ্টিমেলাৰিয়েল বৈশিষ্ট্য আৰু সংমিশ্ৰণ থেৰাপীত ইয়াৰ কাৰ্য্যকৰীতা দেখুৱাবলৈ সফল হৈছিল।[3]

পুৰস্কাৰ

[সম্পাদনা কৰক]
২০২৪ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা বিজ্ঞান ৰত্ন বঁটা গ্ৰহণ কৰি থকা অৱস্থাত পদ্মনাভন।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Chancellor". Central University of Tamil Nadu. https://cutn.ac.in/chancellor/। আহৰণ কৰা হৈছে: 27 June 2021. 
  2. Diamond, Bruce (2003). "Profile: Govindarajan Padmanaban". Nature Medicine খণ্ড 9 (8): 985. doi:10.1038/nm0803-985. PMID 12894150. 
  3. Reddy, Raju C.; Vatsala, Palakkodu G.; Keshamouni, Venkateshwar G.; Padmanaban, Govindarajan; Rangarajan, Pundi N. (2005). "Curcumin for malaria therapy". Biochemical and Biophysical Research Communications খণ্ড 326 (2): 472–4. doi:10.1016/j.bbrc.2004.11.051. PMID 15582601. 
  4. "Rashtriya Vigyan Puraskar (RVP) - 2024 : Final List of Awardees". CASU, Ministry of Home Affairs, Government of Indiaawards.gov.in. https://awards.gov.in/Home/GoToIndex?filename=Award%2FCommunication%2F202488013634H24ZU2.pdf। আহৰণ কৰা হৈছে: 15 August 2024. [সংযোগবিহীন উৎস]
  5. "Rashtriya Vigyan Puraskar: Chandrayaan-3 team and 32 others selected for first ever edition". The Economic Timeseconomictimes.indiatimes.com. https://economictimes.indiatimes.com/news/science/rashtriya-vigyan-puraskar-chandrayaan-3-team-and-32-others-selected-for-first-ever-edition-here-is-full-list/articleshow/112349033.cms?from=mdr। আহৰণ কৰা হৈছে: 15 August 2024. 
  6. 6.0 6.1 "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  7. "List of Fellows NAMS". National Academy of Medical Sciences. 2016. http://www.nams-india.in/downloads/fellowsmembers/ZZ.pdf। আহৰণ কৰা হৈছে: 19 March 2016. 
একাডেমীক মুৰব্বীসকল
পূৰ্বৱৰ্তী
C. N. R. Rao
Director, Indian Institute of Science
1994–1998
পৰৱৰ্তী
Govardhan Mehta