সমললৈ যাওক

গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড (ইংৰাজী: Greenply), এটা ভাৰতীয় গৃহ অভ্যন্তৰ আন্তঃগাঁথনি কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিম বংগকলকাতাত।[1] কোম্পানীটো নেচনেল ষ্টক এক্সচেঞ্জ (NSE) আৰু বম্বে ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হৈছে।[2] গ্ৰীণপ্লাইৰ সমগ্ৰ ভাৰতত ৫৫টা শাখা (ভাৰ্চুৱেল শাখাকে ধৰি) আৰু ৭,৫০০ তকৈ অধিক চেনেল অংশীদাৰ আছে। পশ্চিম বংগ, নাগালেণ্ড আৰু গুজৰাটত থকা অত্যাধুনিক নিৰ্মাণ কাৰখানা আৰু গাবন (পশ্চিম আফ্ৰিকা) আৰু ম্যানমাৰত অৱস্থিত উৎপাদন কেন্দ্ৰৰ জৰিয়তে গ্ৰীণপ্লাইয়ে সমগ্ৰ বিশ্বতে নিজৰ উপস্থিতি প্ৰকাশ কৰিছে।[3] [4]

১৯৯০ চনৰ ২৮ নৱেম্বৰত কোম্পানীটো ৰাজেশ মিট্টলে "মিট্টাল লেমিনেটছ প্ৰাইভেট লিমিটেড" নামেৰে প্ৰতিষ্ঠা কৰে। ১৯৯৪ চনৰ ১ এপ্ৰিলত গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ আৰু মিট্টাল লেমিনেটছ লিমিটেডৰ মাজত একত্ৰীকৰণ হয়। পিছলৈ ১৯৯৬ চনত সংস্থাটোৰ নাম সলনি কৰি গ্ৰীণপ্লাই ইণ্ডাষ্ট্ৰীজ লিমিটেড কৰা হয় আৰু ১৯৯৭ চনত গ্ৰীণপ্লাইৰ ফ্লেগশ্বিপ ব্ৰেণ্ড আৰম্ভ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

২০০৮ চনত ব্ৰেণ্ড অপ্টিমা মুকলি হোৱাৰ পাছত ২০১১ চনত ইকোটেক নামৰ আন এটা মিতব্যয়ী ব্ৰেণ্ড মুকলি কৰা হয়। ২০০১ চনত গ্ৰীণ ক্লাব মুকলি কৰা হয় - ই এটা প্ৰিমিয়াম-গ্ৰেড প্লাইউড যি ৩০০% আজীৱন নিৰ্ভৰ পত্ৰ প্ৰদান কৰে (উদ্যোগটোত এয়া প্ৰথম)।[উদ্ধৃতিৰ প্ৰয়োজন]।

কিন্তু অতি শেহতীয়াকৈ ২০১৯-২০ চনত গ্ৰীণ ক্লাব প্লাছ ৭০০, গ্ৰীণ ক্লাব ৫০০ আৰু গ্ৰীণ প্লেটিনামৰে গঠিত প্লাইউডৰ প্ৰিমিয়াম পৰ্টফলিঅ’ খণ্ডটো বিকশিত আৰু উন্নত কৰা হৈছে (নতুন বৈশিষ্ট্য আৰু নিৰ্ভৰতা পত্ৰৰ সৈতে) যাতে নিৰাপদ আৰু স্বাস্থ্যকৰ ঘৰৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যায়। ভাৰতৰ প্ৰথমটো শূন্য নিৰ্গমন (E-0) প্লাইউড হৈছে গ্ৰীণ ক্লাব প্লাছ ৭০০, ইয়াক ২০২০ চনত মুকলি কৰা হৈছিল।[5][6][7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Buy Greenply Industries; tgt of Rs 224: Firstcall Research". Moneycontrol. 2012-07-11. https://www.moneycontrol.com/news/business/stocks/-1278717.html?classic=true আহৰণ কৰা হৈছে: 2024-01-08.
  2. "Greenply Industries Profile". Money Control. http://www.moneycontrol.com/india/stockpricequote/miscellaneous/greenplyindustries/GI19 আহৰণ কৰা হৈছে: 2014-01-15.
  3. "Greenply sets foot in West Africa". Moneycontrol. 2018-09-25. https://www.moneycontrol.com/news/business/greenply-sets-foot-in-west-africa-2985191.html আহৰণ কৰা হৈছে: 2024-01-08.
  4. "Greenply plans to scale up capacity with additional investment of 4 mn euros at its Gabon unit". www.plyreporter.com. 2016-04-01. https://www.plyreporter.com/article/20386/greenply-plans-to-scale-up-capacity-with-additional-investment-of-4-mn-euros-at-its-gabon-unit আহৰণ কৰা হৈছে: 2024-01-08.
  5. "Green Ply Launches Green Club Plus 700: The First-Of-Itskind Zero Emission Plywood In India". www.plyreporter.com. 2016-04-01. https://www.plyreporter.com/article/61428/Green-Ply-Launches-Green-Club-Plus-700-The-First-Of-Itskind-Zero-Emission-Plywood-In-India আহৰণ কৰা হৈছে: 2024-01-08.
  6. "Greenply Industries launches Green Club Plus Seven Hundred: The first-of-its-kind zero emission plywood in India". 2024-01-08. https://www.uniindia.com/greenply-industries-launches-green-club-plus-seven-hundred-the-first-of-its-kind-zero-emission-plywood-in-india/east/news/1864322.html আহৰণ কৰা হৈছে: 2024-01-08.
  7. Green Club Plus Seven Hundred

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]