সমললৈ যাওক

ঘৰ বতাহী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঘৰ বতাহী (House Swift)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Apodiformes
পৰিয়াল: Apodidae
গণ: Apus
প্ৰজাতি: A. nipalnsis
বৈজ্ঞানিক নাম
Apus nipalensis
(Hodgson, 1837)

ঘৰ বতাহী (ইংৰাজী: House Swift, বৈজ্ঞানিক নাম-Apus nipalensis) 'Apodidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।

এই চৰাইবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে।

বাসস্থান

[সম্পাদনা কৰক]

ঘৰ বতাহী চৰায়ে সাধাৰণতে মুকলি অঞ্চলত চৰিবলৈ পছন্দ কৰে।

এই চৰাইবিধে জাকপাতি খাদ্যৰ সন্ধান কৰে আৰু হুলস্থূলীয়াও হোৱা দেখা যায়। ঘৰ বতাহী চৰায়ে সৰহভাগ সময় আকাশত উৰিয়ে কটায়। কেৱল নিশাৰ ভাগতহে জিৰণী ল'বলৈ তললৈ নামি আহে। আনকি উৰন্ত অৱস্থাতে ইহঁতে চিকাৰো কৰে আৰু পানীও খাব পাৰে।

ঘৰ বতাহী চৰায়ে উৰি ফুৰা পোক-পতংগ চিকাৰ কৰে। বিশেষকৈ উৰিব পৰা পোক যেনে উঁই পোক, মাখি আদি খাই ইহঁত জীয়াই থাকে। [2]

এই চৰাইবিধে জাকপাতি বাস কৰে আৰু ওচৰা-ওচৰিকৈ বাহ সাজে। সাধৰণতে থিয় গঁড়াত এই চৱাইবিধে বাহ সাঁজে। এবাৰত প্ৰায় ২-৩ টাকৈ কণী পাৰি পোৱালি জগায়। [3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. BirdLife International (2012). "Apus nipalensis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001788 আহৰণ কৰা হৈছে: 16 July 2012.
  2. Dr. Harold G Cogger (et. al), "Encyclopedia of Animals"; Swifts and Hummingbirds by Charles T. Collins, Weldon Owen, 1993 (p. 354-356).
  3. "আৰ্কাইভ কপি". Archived from the original on 2006-11-13. https://web.archive.org/web/20061113203445/http://www.naturia.per.sg/buloh/birds/Apus_nipalensis.htm আহৰণ কৰা হৈছে: 2013-10-24.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]