চন্দ্ৰকমল গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰকমল গগৈ
জন্ম লখিমপুৰ, ৰঙানদী অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা শান্তিনিকেতনত চাৰুকলাৰ শিক্ষা লাভ
বিষয় প্ৰবন্ধ সাহিত্য, চিত্ৰকলা

চন্দ্ৰকমল গগৈ (জন্ম:১৯৩২ - ) (ইংৰাজী: Chandra Kamal Gogoi) একাধাৰে চিত্ৰশিল্পী, সমালোচক, অধ্যাপক।[1] তেখেত কলানিকেতন মহাবিদ্যালয়ৰ অধ্যক্ষ।[2] ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গগৈক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে।[3]

শিক্ষা[সম্পাদনা কৰক]

পহুমৰা প্ৰাথিমক বিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি উত্তৰ লখিমপুৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৯-৭৪ লৈকে শান্তি নিকেতনত পাঁচবছৰীয়া চাৰুকলাৰ উচ্চশিক্ষা গ্ৰহণ কৰে। [4]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেওঁ লখিমপুৰৰ বিভিন্ন স্থানত প্ৰায় ১৭খন পূৰ্ণাঙ্গ পৰ্যায়ৰ চাৰুকলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰে। ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰা এই প্ৰতিষ্ঠানবোৰে লখিমপুৰৰ চাৰুকলাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি ৰাখিছে। [5]

শিল্পকৰ্ম[সম্পাদনা কৰক]

তেখেতৰ প্ৰথম শিল্পকলাৰ প্ৰদৰ্শন হয় কলকাতাৰ একাডেমী অৱ ফাইন আৰ্টচ্ত, ১৯৭২ চনত। ইয়াৰ পাছত আচাম ফাইন আৰ্টচ্ এণ্ড ক্ৰেক্ট’ চ’ছাইট, ক’লা বিথিকা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, শান্তিনিকেতনৰ কলাভৱন আদিত তেখেতৰ শিল্পকৰ্ম প্ৰদৰ্শন হয়। তেখেত ভাৰতীয় ডাক বিভাগৰ অধীনত মহাৰাষ্ট্ৰৰ নাশিকস্থিত ইণ্ডিয়া চিকিউৰিটি প্ৰেছত দেশশ্ৰেষ্ঠ দহজনৰ এজন হিচাপে ডাকটিকটৰ ডিজাইনিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু ১৯৭৪ চনত ফ্ৰান্স ডাক বিভাগৰ বাবে ডাক টিকটৰ ডিজাইনো প্ৰস্তুত কৰে। [6]

সাহিত্যৰাজি[সম্পাদনা কৰক]

  • শান্তিনিকেতনৰ সাত হিন্দুঃস্থানী
  • কল্পনাৰ স্বাধীন অসম

বঁটা[সম্পাদনা কৰক]

  • বিষ্ণু ৰাভা বঁটা, অসম চৰকাৰৰ ৰাজ্যিক বঁটা, [7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Documentary on Chandra Kamal Gogoi released". The sentinel. 22 July 2016. https://www.sentinelassam.com/news/documentary-on-chandra-kamal-gogoi-released/। আহৰণ কৰা হৈছে: 15 August 2019. 
  2. সাধনাৰ চন্দ্ৰকমল, সম্পাদক- স্বপ্নালী গগৈ, সুদীপ্ত কিমিনউকেশ্যন, প্ৰথম প্ৰকাশ, বেটুপাতৰ পৰা সংগৃহীত
  3. "ডিব্ৰুগড়ত কেন্দ্ৰীয় কলাগুৰু বিষ্ণু ৰাভা দিৱস: বিশিষ্ট শিল্পীলৈ সন্মান চৰকাৰৰ". www.etvbharat.com. 20 June 2022. https://www.etvbharat.com/assamese/assam/state/dibrugarh/bishnu-rabha-divas-centrally-observed-at-dibrugarh/assam20220620212806121121459। আহৰণ কৰা হৈছে: 26 June 2022. 
  4. লখিমপুৰ, স্মৃতিগ্ৰন্থ, অৰবিন্দ ৰাজখোৱা, হিৰণ্য সভাপণ্ডিত, প্ৰথম প্ৰকাশ-২০০৮, পৃষ্ঠা-৪১০
  5. লখিমপুৰ, স্মৃতিগ্ৰন্থ, পৃষ্ঠা-৪১০
  6. লখিমপুৰ, স্মৃতিগ্ৰন্থ, পৃষ্ঠা-৪১০
  7. অসমীয়া প্ৰতিদিন, গুৱাহাটী, শনিবাৰ,১৮ জুন, পৃষ্ঠা-৫