চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম
| চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম | |
|---|---|
| চমু নাম | DME |
| প্ৰতিষ্ঠা | ১৯৮৪ চন |
| ধৰণ | ৰাজ্যিক শিক্ষা পৰিষদ |
| প্ৰধান কাৰ্যালয় | গুৱাহাটী, ভাৰত |
| অঞ্চল | ছয় মাইল, গুৱাহাটী, অসম, ভাৰত |
| আনুষ্ঠানিক ভাষা | অসমীয়া আৰু ইংৰাজী |
| অধ্যক্ষ | ড° অনুপ কুমাৰ বৰ্মন |
| মাতৃ সন্থা | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰ |
| ৱেবছাইট | https://dme.assam.gov.in/ |
চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম (ইংৰাজী: Directorate of Medical Education,Assam) ১৯৮৪ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ অধীনত প্ৰতিষ্ঠা হোৱা এখন স্বতন্ত্ৰ পৰিষদ।[1]
কৰ্ম পৰিসৰ
[সম্পাদনা কৰক]•এলোপেথিক, আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক চিকিৎসা আৰু পেৰামেডিকেল বিজ্ঞানৰ দৰে বিভিন্ন ধাৰাত চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞতাক প্ৰসাৰ কৰা।
•সঞ্চালকালয়ৰ অধীনস্থ বিভিন্ন চিকিৎসালয়ৰ জৰিয়তে অসমৰ ৰাইজলৈ স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ প্ৰসাৰ কৰা।
•সঠিক পৰিকল্পনাৰ জৰিয়তে চিকিৎসা শিক্ষাৰ বিকাশ বৰ্তাই ৰখা।
•অসমত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণাক প্ৰসাৰিত কৰা
•সঞ্চালকালয়ৰ অধীনৰ বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে চিকিৎসা বিজ্ঞানত মানৱ সম্পদ বিকাশ
•এই সঞ্চালকালয়ৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য শিক্ষানুষ্ঠানৰ স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী/ডিপ্লমা আৰু ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰমৰ প্ৰশাসনিক নিয়ন্ত্ৰণ।
•ইয়াৰ অধীনত থকা সকলো কলেজ আৰু চিকিৎসালয়ৰ ওপৰত প্ৰশাসনিক নিয়ন্ত্ৰণ।[2]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Who We Are". Government of AssamDirectorate of Medical Education, Assam. Archived from the original on 28 August 2024. https://web.archive.org/web/20240828035501/https://dme.assam.gov.in/about-us/who-we-are-2। আহৰণ কৰা হৈছে: 28 August 2024.
- ↑ "What We Do". Directorate of Medical Education, Assam. Archived from the original on 28 August 2024. https://web.archive.org/web/20240828040330/https://dme.assam.gov.in/about-us/what-we-do-2। আহৰণ কৰা হৈছে: 28 August 2024.