চিত্ৰজিৎ শইকীয়া
চিত্ৰজিৎ শইকীয়া | |
---|---|
জন্ম | পহুমৰা, লখিমপুৰ, অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ |
বিষয় | সমালোচনা সাহিত্য |
সহযোগী | বৰ্ণালী বড়া |
চিত্ৰজিৎ শইকীয়া (জন্ম-১৯৮২) এগৰাকী সাহিত্যিক, সমালোচক, অধ্যাপক৷ মূলতঃ অসমীয়া সমালোচনা সাহিত্যৰ লগত জড়িত৷ তেখেত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷[1] সাতসৰী, প্ৰকাশ, গৰীয়সীৰ লগতে অসমৰ ভালেমান বাতৰি কাকতত তেওঁ প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে কেইবাখনো গ্ৰন্থ প্ৰকাশ আৰু সম্পাদনা কৰিছে৷
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]চিত্ৰজিৎ শইকীয়াৰ জন্ম হৈছিল ১৯৮২ চনত লখিমপুৰ জিলাৰ পহুমৰা অঞ্চলৰ খাগৰী গাঁৱত৷ [2] পিতৃৰ নাম গিৰীধৰ শইকীয়া আৰু মাতৃৰ নাম অম্বিকা শইকীয়া ।
শিক্ষা
[সম্পাদনা কৰক]তেখেতে নৰ্থ লখিমপুৰ কলেজৰ পৰা ২০০৩ চনত অসমীয়া বিভাগৰপৰা স্নাতক আৰু ২০০৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে৷ লগতে একেখন বিশ্ববিদ্যালয়ৰপৰাই ২০০৭ চনত এম.ফিল. ডিগ্ৰী আৰু ২০১৩ চনত সন্মানীয় ‘ডক্টৰেট’ ডিগ্ৰী লাভ কৰে৷ [3] তেওঁৰ গৱেষণাৰ বিষয় হ’ল-লুম্মেৰ দাইৰ উপন্যাসৰ সামাজিক-সাংস্কৃতিক মূল্যায়ন।
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- অনুসন্ধিৎসা, কথা প্ৰকাশন, ২০১০
- প্ৰবন্ধ বিমৃশা, নিৰীক্ষণ প্ৰকাশন, ২০১৫
- সাহিত্য সমালোচনাৰ অনুশীলন, নিৰীক্ষণ প্ৰকাশন, ২০১৫
সম্পাদিত গ্ৰন্থ
[সম্পাদনা কৰক]- জনজাতীয় মূলৰ অসমীয়া উপন্যাসিকৰ উপন্যাসঃ বিচাৰ আৰু বিশ্লেষণ, বনলতা, ২০১৭
- অসমীয়া ভ্ৰমণ সাহিত্য সমীক্ষা, অসম সাহিত্য সভা, ২০১৮
- নিৰ্বাচিত অসমীয়া চুটিগল্প, দুলীয়াজান মহাবিদ্যালয়, ২০১৯ (সম্পাদনা সহযোগী- মনোজ কুমাৰ দত্ত, মুনমী কোঁৱৰ)
- প্ৰকৃতিঃ চিন্তন আৰু মনন, ২০১৯ (সম্পাদনা সহযোগী- জ্যোতিমালি মহন্ত)
- সমাজ সাহিত্য সংস্কৃতি, ২০১৯
- সত্ৰায়ন, ২০১৯
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2019-11-02. https://web.archive.org/web/20191102181006/http://duliajancollege.in/departments.php। আহৰণ কৰা হৈছে: 2019-11-22.
- ↑ সাহিত্য সমালোচনাৰ অনুশীলন, নিৰীক্ষণ প্ৰকাশন, বেটুপাতৰ পৰা সংগ্ৰহীত
- ↑ সাহিত্য সমালোচনাৰ অনুশীলন, নিৰীক্ষণ প্ৰকাশন, বেটুপাতৰ পৰা সংগ্ৰহীত