চীনা সাম্যবাদী বিপ্লৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

চীনা সাম্যবাদী বিপ্লৱ, যাক গণপ্ৰজাতন্ত্ৰী চীনমুক্তি যুদ্ধৰ নামেৰেও জনা যায়, চীনা সাম্যবাদী দল আৰু সভাপতি মাও চে টুঙৰ নেতৃত্বত হোৱা সংঘাট যাৰ ফলস্বৰূপে গণপ্ৰজাতন্ত্ৰী চীনৰ গঠন হ'ল ১৯৪৯ চনৰ অক্টোবৰ মাহৰ ১ তাৰিখে। এই বিপ্লৱৰ সূচনা ১৯৩৭ চনৰ পৰা ১৯৪৫ চনলৈ হোৱা চীন-জাপান যুদ্ধৰ পাছতেই ১৯৪৬ চনৰ পৰা হৈছিল। এই বিপ্লৱ চীনা গণ যুদ্ধৰ অংশ, যি ১৯৪৫ চনৰ পৰা ১৯৪৯ চনলৈ সংঘটিত হৈছিল।[1]

ঐতিহাসিক পটভূমি[সম্পাদনা কৰক]

চীনা সাম্যবাদী বিপ্লৱৰ হ্ৰস্ব আৰু দীৰ্ঘকালীন কাৰণৰ বিষয়ে ইতিহাসবিদৰ মাজত ঐক্যমতৰ অভাৱ। গণপ্ৰজাতন্ত্ৰী চীনত ইতিহাসবিদসকলে ১৯৪৯ চনৰ এই বিপ্লৱৰ গুড়ি চীনা সমাজত সেই সময়ত দেখা দিয়া অসমতা আৰু ঔপনিৱেশিক আগ্ৰাসন বুলি মত পোষণ কৰে। ঘৰ ভাড়াৰ উচ্চ দৰ, ধনৰ উচ্চ সূদৰ দৰ আৰু বিভিন্ন কৰে গাওঁ প্ৰধান আৰু ভূমিৰ মালিকৰ সংখ্যালঘু গোটৰ হাতত প্ৰায় সম্পত্তি তুলি ধৰিছিল। এজন পাশ্চাত্য ইতিহাসবিদৰ মতে "গাঁৱত ১০% লোকৰ হাতত দুই তৃতীয়াংশ ভূমি আছিল"।[2] এই ইতিহাসবিদৰ দলে এই কথাও দাবী কৰে যে পাশ্চাত্য আৰু জাপানী ঔপনিৱেশিক হেঁচা, কানি উৎপাদনক লৈ হোৱা যুদ্ধ, অসম সন্ধি, বক্সাৰ বিদ্ৰোহ আদিয়ে চীনত জাতীয়তাবাদ, শ্ৰেণী সচেতনতা আৰু বাম্পন্থৰ বীজ সিঁচিছিল।

আভ্যন্তৰীণ অসন্তুষ্টি আৰু বিদেশী হেঁচাই চিং বংশৰ শাসনক দুৰ্বল কৰি তুলিছিল। নতুনকৈ আধুনীকৃত হোৱা সামৰিক বিষয়াসমূহৰ পৰা শ্বিনহাই বিপ্লৱৰ উদয় হ'ল। এই বিপ্লৱৰ ফলস্বৰূপে চীন দেশত দুহাজাৰ বছৰীয়া ঔপনিৱেশিক শাসনৰ অন্ত পৰিল আৰু চীন গণৰাজ্যৰ গঠন হ'ল।[3] প্ৰথম বিশ্ব যুদ্ধৰ সময়তে ৰাছিয়াত বলছেভিক বিপ্লৱৰ মাধ্যমেৰে সাম্যবাদী দল ক্ষমতালৈ আহিছিল। এই কথাকেই অনুসৰণ কৰি চৰমপন্থী চীনা বুদ্ধিজীৱী কিছুমানে চীনা সাম্যবাদী দল গঠন কৰিলে। তাৰ সমকক্ষভাৱে, চান য়াৎ-চেনে চীনা জাতীয়তাবাদী দল গঠন কৰিলে।[4]

ফঁৰাচী ইতিহাসবিদ লুচিয়েন বিয়ানক'ই উপৰ্যুক্তি চীনা ইতিহাসবিদৰ যুক্তিক প্ৰশ্ন কৰে। তেওঁৰ মতে, ঔপনিৱেশিকতাবাদ আৰু সামন্তবাদে সম্পূৰ্ণকৈ চীনা সাম্যবাদী বিপ্লৱৰ কাৰণক বুজাব নোৱাৰে। তেওঁ যুক্তি দাঙি ধৰে, যে ১৯৩৭ চনত ঔপনিৱেশিক জাপানে চীন আক্ৰমণ কৰা পূৰ্বে চীনা সাম্যবাদী দলৰ বিশেষ জনপ্ৰয়তা বা সাফল্য নাছিলেই। জাপানৰ সৈতে যুদ্ধৰ পূৰ্বে চীনৰ কৃষক বিপ্লৱৰ বাবে সাজু নাছিল। সেয়ে অৰ্থনৈতিক কাৰণ মুখ্য কাৰণ নাছিল, বিয়ানক'ৰ মতে। জাতীয়তাবাদহে গুৰুত্বপূৰ্ণ।

চীনা সাম্যবাদী দলৰ গঠন[সম্পাদনা কৰক]

১৯২১ চনত চীনা সাম্যবাদী দলৱ গঠন হৈছিল। চাৰি মে'ৰ আন্দোলনত এই কাৰ্য সম্পন্ন কৰা হৈছিল। মাও চে টুঙে এই ঘটনাক চীনত সাম্যবাদৰ জন্ম আখ্যা দিছিল। এই জাপান বিৰোধী দেশপ্ৰেমী আন্দোলনৰ ফলস্বৰূপে বুদ্ধিজীৱী আৰু ছাত্ৰ-ছাত্ৰী অনুপ্ৰাণিত হ'ল। তদুপৰি, এই আন্দলনৰ ফলতেই চীনা সাম্যবাদী দল আৰু তেতিয়ালৈ ইতিমধ্যে অস্তিত্বত থকা চীনা জাতীয়তাবাদী দল প্ৰথমে বন্ধু, আৰু পাছলৈ পৰস্পৰে পৰস্পৰৰ শত্ৰু হৈ পৰিল।[5]

প্ৰথমে 'প্ৰথম ঐক্যবদ্ধ মঞ্চ'ৰ লেহেমীয়া বিকাশ হ'ল, যি চীনা জাতীয়তাবাদী দল বা কুৱ'মিণ্টাঙৰ সৈতে এক বন্ধুত্ব আছিল। ১৯২৭ চনত চীনা জাতীয়তাবাদী দলৰ নেতা আছিল চিয়াং কাই-শ্বেক। তেওঁৰ নেতৃত্বত চীনা সাম্যবাদী দলৰ সদস্যসমূহ আক্ৰমণৰ সন্মুখীন হ'বলগীয়ে হ'ল।[6] ১৯২৭ চনৰ পাছত সাম্যবাদীসকল গ্ৰাম্য অঞ্চললৈ পলাই গ'ল। তেওঁলোকে স্থানীয়ভাৱে সংগঠন কৰিলে, আৰু জিয়াংশ্বি ছ'ভিয়েটৰ দৰে অনুষ্ঠান সৃষ্টি কৰিলে। এই ছ'ভিয়েট তেওঁলোকে নিজৰ দখলতেই ৰাখিছিল, তেতিয়ালৈকে যেতিয়া জাতীয়তাবাদীসকলৰ হেঁচাত 'লং মাৰ্চ' কৰিবলৈ সাম্যবাদীসকল বাধ্য নহ'ল। জাপানৰ চীন আক্ৰমণ আৰু দখলৰ সময়ত সাম্যবাদীসকলে জাপান অধিকৃত অঞ্চলসমূহত অনেক গুপ্ত ঠিকনাৰ নিৰ্মাণ কৰিলে আৰু তাকেই নিজৰ মুখ্যালয় হিচাপে ব্যৱহাৰ কৰিলে।[7]

চীনা গণ যুদ্ধ[সম্পাদনা কৰক]

শীঘ্ৰে জাতীয়তাবাদী আৰু সাম্যবাদীসকলৰ মাজত গণ যুদ্ধ আৰম্ভি কৰিলে। ছ'ভিয়েট সংঘই পৰোক্ষভাৱে সাম্যবাদী দলৰ সহায় কৰিছিল, আৰু আমেৰিকা যুক্তৰাষ্টই জাতীয়তাবাদী দলৰ। উত্তৰ আৰু উত্তৰ-পশ্চিম চীনত সাম্যবাদীসকলৰ দখল আছিল। চিয়াং কাই-শ্বেকে মাঞ্চুৰিয়া অঞ্চল দখল কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাবেই লিয়াওশ্বিৰ যুদ্ধ হৈছিল। য'দিও জাতীয়তাবাদী সেনাৰ প্ৰশিক্ষণ ভাল আছিল,[8][9][10] যুদ্ধৰ অন্তত সাম্যবাদীসকলে এক নিৰ্ণায়ক জয় লাভ কৰিলে।

ফল[সম্পাদনা কৰক]

১৯৪৯ চনত ১ অক্টোবৰ তাৰিখে মাও চে টুঙে টিয়ানানমেন স্কুৱেৰত গণপ্ৰজাতন্ত্ৰী চীনৰ গঠনৰ ঘোষণা কৰিলে। জাতীয়তাবাদী নেতাসকল টাইৱান দ্বীপলৈ পলাবলৈ বাধ্য হ'ল।সাঁচ:Sfnb বৰ্তমানেও গণপ্ৰজাতন্ত্ৰী চীনে টাইৱানক নিজৰ বুলি দাবী কৰে, আৰু চীন গণৰাজ্যই চীনৰ মূলভূমিক নিজৰ বুলি দাবী কৰে।[11]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. “Chinese Civil War of 1945–49”, Dictionary of Wars (2007), Third Edition, George Childs Cohn, Ed., pp. 121–122.
  2. Roberts, John Peter (2016-01-21) (en ভাষাত). China: From Permanent Revolution to Counter-Revolution. Wellred. ISBN 9781900007634. https://books.google.com/books?id=dXt7jwEACAAJ. "Ten percent of the agricultural population of China possessed as much as two-thirds of the land. In the province of Shansi, 0.3% of the families possessed one-quarter of the land. In Chekiang, 3.3% of the families possessed half the land, while 77% of the poor peasants possessed no more than 20% of the land." 
  3. Li, Xiaobing. [2007] (2007). A History of the Modern Chinese Army. University Press of Kentucky. আই.এচ.বি.এন. 0-8131-2438-7, আই.এচ.বি.এন. 978-0-8131-2438-4. pp. 13, 26–27.
  4. Dirlik, Arif (1989) (en ভাষাত). The Origins of Chinese Communism. Oxford University Press. ISBN 9780195054545. https://archive.org/details/originsofchinese00dirl. "The Origins of Chinese Communism." 
  5. Wasserstrom, Jeffrey, "Chinese Students and Anti-Japanese Protests, Past and Present" (en-US ভাষাত), World Policy Journal - Summer 2005, https://worldpolicy.org/world-policy-journal-summer-2005/, r কৰা হৈছে: 2018-12-10 
  6. Hunt, Michael H. (2015). The World Transformed 1945 to the present. Oxford University Press. পৃষ্ঠা. 113. ISBN 978-0-19-937102-0. 
  7. Patrick Fuliang Shan, “Local Revolution, Grassroots Mobilization and Wartime Power Shift to the Rise of Communism,” in Xiaobing Li (ed.), Evolution of Power: China’s Struggle, Survival, and Success, Lexington and Rowman & Littlefield, 2013, pp. 3–25.
  8. (zh ভাষাত). পৃষ্ঠা. 374. 
  9. (zh ভাষাত). পৃষ্ঠা. 12. 
  10. (zh ভাষাত). পৃষ্ঠা. 450. 
  11. "Army Department Teletype conference, ca. June 1950". US Department of DefenseHarry S. Truman Library and Museum. http://www.trumanlibrary.org/whistlestop/study_collections/koreanwar/documents/index.php?documentdate=1950-06-00&documentid=ki-21-5&pagenumber=1। আহৰণ কৰা হৈছে: 2015-04-14.