সমললৈ যাওক

চেউনি আলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চেউনি আলি(ইংৰাজী: Seuni Ali)আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত নিৰ্মিত চেউনি আলিটো[1] এটা বিখ্যাত ঐতিহাসিক আলি। মধ্যযুগত নিৰ্মাণ কৰা এই আলিটো গোলাঘাট জিলাৰ কমাৰগাঁৱৰ ধোদৰ আলিৰ পৰা দেৰগাঁও, যোৰহাট,টীয়ক, জাঁজী হৈ শিৱসাগৰ জিলাৰ চামগুৰিত পুনৰ ধোদৰ আলিত মিলিছে। অৱশ্যে এই আলিটোৰ অধিকাংশ বৰ্তমান ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে মিলি গৈছে।[2]চেউনি শব্দৰ অৰ্থ হ'ল হাবি-বন কাটি ৰাস্তা মুকলি কৰি মাটিত চিন দিয়া কাৰ্য্য। এই আলিটো নিৰ্মাণ কৰাৰ আগতে অঞ্চলটো হাবি বননি আৰু পথাৰেৰে ভৰপূৰ আছিল। পাছত পথ নিৰ্মাণ কৰাৰ উদ্দেশ্যে হাবি বন কাটি চিন দিয়া কাৰ্য কৰা হয়। সেয়ে আলিটোৰ নাম চেউনি আলি হয়। ঐতিহাসিক তথ্য অনুসৰি আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত আহোম ৰাজবিষয়া বাদুলী ফুকনৰ তত্ত্বাৱধানত ১৬৫০ চনত এই পথটো বন্ধোৱা হৈছিল।[3]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. https://aamarasom.com/detail-news/2679
  2. অসমৰ ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
  3. "আৰ্কাইভ কপি". Archived from the original on 2024-11-11. https://web.archive.org/web/20241111040857/https://jorhat.assam.gov.in/information-and-services/mediaval-monuments-jorhat। আহৰণ কৰা হৈছে: 2024-10-18.