সমললৈ যাওক

চেলিম ডুৰানি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেলিম ডুৰানি
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম চেলিম আজিজ ডুৰানি
জন্ম ১১ ডিচেম্বৰ, ১৯৩৪
কাবুল, আফগানিস্তান[1]
মৃত্যু ০২ এপ্ৰিল, ২০২৩ (৮৮ বছৰ)
বেটিং শৈলী বাওঁহতীয়া
বলিং শৈলী বাওঁহতীয়া ধীৰ গতিৰ
ভূমিকা অল-ৰাউণ্ডাৰ
সম্পৰ্ক আব্দুল আজিজ (পিতৃ)
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল ভাৰত
টেষ্ট অভিষেক (কেপ ৯৫) ১ ডিচেম্বৰ ১৯৬০ বনাম অষ্ট্ৰেলিয়া
অন্তিম টেষ্ট ৬ ফেব্ৰুৱাৰী ১৯৭৩ বনাম ইংলেণ্ড
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৫৩ সৌৰাষ্ট্ৰ
১৯৫৪-৫৬ গুজৰাট
১৯৫৬-৭৮ ৰাজস্থান
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টে্ষ্ট প্ৰথম শ্ৰেণী
মুঠ খেল ২৯ ১৭০
ৰাণ ১,২০২ ৮৷৫৪৫
বেটি গড় ২৫.০৪ ৩৩.৩৭
শতক/অৰ্ধশতক ১/৭ ১৪/৪৫
সৰ্বোচ্চ ৰাণ ১০৪ ১৩৭ *
বল ৬,৪৪৬ ২৮,১৩০
উইকেট ৭৪ ৪৮৪
বলিং গড় ৩৫..৪২ ২৬.০৯
এটা ইনিংছত ৫টা উইকেট ২১
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৬/৭৩ ৮/৯৯
কেচ্চ/ষ্টাম্পিং ১৪/– ১৪৪/৪
উৎস: https://www.espncricinfo.com/player/salim-durani-28118 Cricinfo, 12 June 2013

চেলিম আজিজ ডুৰানি pronunciation(১১ ডিচেম্বৰ ১৯৩৪ - ২ এপ্ৰিল ২০২৩) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আছিল৷ তেওঁ ১৯৬০ চনৰ পৰা ১৯৭৩ চনলৈ ২৯খন টেষ্ট মেট্‌চ খেলিছিল। অল-ৰাউণ্ডাৰ হিচাপে খেলা ডুৰানি এজন ধীৰ গতিৰ বাওঁহতীয়া বলাৰ আৰু বাওঁহতীয়া বেটাৰ আছিল। ছয় কোবোৱা ক্ষমতাৰ বাবে তেওঁ জনাজাত আছিল৷ আফগানিস্তানত জন্মগ্ৰহণ কৰা তেওঁ একমাত্ৰ ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ।[2]

ডুৰানি ১৯৬১-৬২ চনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ শৃংখলাৰ বিজয়ৰ নায়ক আছিল৷ তেওঁ কলকাতা আৰু চেন্নাইত ক্ৰমে ৮ আৰু ১০ টা উইকেট দখল কৰে ভাৰতক বিজয়ী কৰে। তদুপৰি, এক দশক পিছত তেওঁ পৰ্ট অৱ স্পেইনত ক্লাইভ লয়ড আৰু গেৰী চোবাৰ্ছৰ উইকেট লৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমটো বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷[3][4]

তেওঁৰ ৫০ টা টেষ্ট ইনিংছত এটা শতক অৰ্জন কৰিছিল৷ সেয়া আছিল ১৯৬২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১০৪ ৰাণ। তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত গুজৰাট, ৰাজস্থান আৰু সৌৰাষ্ট্ৰৰ হৈ খেলিছিল। তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৪ টা শতক অৰ্জন কৰে আৰু ৩৩.৩৭ গঢ়ে মুঠ ৮৫৪৫ ৰান কৰে। ডুৰানী দৰ্শকসকলৰ মাজৰ অতি জনপ্ৰিয় আছিল৷ ১৯৭৩ চনত কানপুৰ টেষ্টৰ বাবে তেওঁ দলৰ পৰা বাদ পৰোঁতে অনুৰাগীসকলে "No Durani, no Test!"ৰ দৰে পোষ্টাৰ আৰু শ্লোগান ব্যৱহাৰ কৰিছিল।

তেওঁ আফগানিস্তানত জন্মলাভ কৰা একমাত্ৰ ভাৰতীয় টেষ্ট ক্ৰিকেটাৰ হিচাপে ২০১৮ চনৰ ১৪ জুনত ঐতিহাসিক ভাৰত বনাম আফগানিষ্টান টেষ্ট মেচত উপস্থিত আছিল।[5] তেওঁ ১৯৭৩ চনত পাৰৱীন বাবীৰ সৈতে চৰিত্ৰ চলচ্চিত্ৰত অভিনয় কৰে।[6] তেওঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথম ক্ৰিকেটাৰ আছিল। ২০১১ চনত বিচিচিআই-য়ে তেওঁক চি কে নাইডু জীৱনযোৰা অৱদান বঁটা প্ৰদান কৰে।[7]

২০২৩ চনৰ ২ এপ্ৰিলৰ পুৱা জামছেদপুৰৰ নিজা বাসভৱনত বাৰ্ধক্যজনিত ৰোগত ভুগি ৮৮ বছৰ বয়সত ডুৰানিৰ মৃত্যু হয়৷[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ezekiel, Gulu (27 June 2017). "Afghan cricket: The Indian connection". Rediff.com. http://www.rediff.com/cricket/report/afghan-cricket-the-indian-connection/20170627.htm আহৰণ কৰা হৈছে: 26 July 2017.
  2. "Nationalities of Test Cricketers". Archived from the original on 25 January 2007. https://web.archive.org/web/20070125070521/http://users.skynet.be/hermandw/cricket/testntlt.html আহৰণ কৰা হৈছে: 2007-01-25.
  3. The Hindu, 6 May 2020, Kozhikode Edition, p. 14
  4. "India news: Sachin Tendulkar, Salim Durani honoured at BCCI awards". http://www.espncricinfo.com/india/content/current/story/517352.html.
  5. Team, DNA Web (2018-06-14). "Kabul-born Indian cricketer present during toss of historic India vs Afghanistan Test" (en ভাষাত). Daily News and Analysis. https://www.dnaindia.com/cricket/report-kabul-born-indian-cricketer-present-during-toss-of-historic-india-vs-afghanistan-test-2625233 আহৰণ কৰা হৈছে: 2021-06-15.
  6. "Did you know Salim Durrani was first cricketer-turned Bollywood hero". DNA. 2 April 2023. https://www.dnaindia.com/bollywood/report-did-you-know-salim-durrani-was-first-cricketer-turned-bollywood-hero-starred-opposite-parveen-babi-tanuja-3033822 আহৰণ কৰা হৈছে: 2 April 2023.
  7. "C.K. Nayudu Lifetime Achievement Award for Durani". The Hindu. 27 May 2011. http://www.thehindu.com/sport/cricket/article2054130.ece আহৰণ কৰা হৈছে: 27 May 2011.
  8. "Former India cricketer Salim Durani passes away aged 88". Sportstar. 2 April 2023. https://sportstar.thehindu.com/cricket/salim-durani-former-india-all-rounder-dies-bcci/article66690658.ece আহৰণ কৰা হৈছে: 2 April 2023.