সমললৈ যাওক

চেলুলাৰ জে'ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেলুলাৰ জে'ল (আলফাস্তান জে’ল)

চেলুলাৰ জে'ল, আন্দামান
সাধাৰণ তথ্য
প্ৰকাৰ ৰাজনৈতিক বন্দীৰ বাবে কাৰাগাৰ
স্থাপত্য শৈলী Cellular, Pronged
চহৰ পৰ্ট ব্লেয়াৰ, আন্দামান
দেশ ভাৰত
স্থানাংক 11°40′30″N 92°44′53″E / 11.675°N 92.748°E / 11.675; 92.748
নিৰ্মাণ আৰম্ভ ১৮৯৬
সম্পূৰ্ণ ১৯০৬
মূল্য ৫১৭,৩৫২[1]
নক্সা আৰু নিৰ্মাণ
গ্ৰাহক ব্ৰিটিছ ৰাজ

চেলুলাৰ জে'ল (ইংৰাজী: Cellular Jail) ভাৰতআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰত অৱস্থিত এখন প্ৰসিদ্ধ জে'ল। ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ ৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷ ১৯৭৯ চনত ছেলুলাৰ জে'লক ৰাষ্ট্ৰীয় স্মাৰকৰূপে (National Memorial) ঘোষণা কৰা হয়৷ ছেলুলাৰ জে'লক কলীয়া পানী বুলিও কয়[2]

গঠন প্ৰণালী

[সম্পাদনা কৰক]

মূল আন্দামানৰ উত্তৰ-পূব অংশৰ সমুদ্ৰ তীৰত নিৰ্মিত বৃহৎ আৰু ঐতিহাসিক চেলুলাৰ জে'লৰ নামটো ইয়াৰ গঠনশৈলীৰপৰা আহিছে৷ ইয়াত প্ৰত্যেকটো কুঠৰী, অৰ্থাৎ চে'ল (Cell) অকলশৰীয়াকৈ নিৰ্মাণ কৰা হৈছিল৷ ইয়াত কোনো সমূহীয়া কোঠা (Dormitory) নাছিল৷ আৰম্ভনিতে ইয়াত থকা কুঠৰীৰ সংখ্যা ৬৯৮ টা আছিল৷ বৰ্তমান এই সংখ্যা কমি ২৯৬ টা হৈছেগৈ৷ খিৰিকিবিহীন আৰু মাত্ৰ তিনি মিটাৰ উচ্চতাৰ এই সংকীৰ্ণ কুঠৰী বা ছেলত বন্দীসকলৰ ওপৰত জে'ল কৰ্তৃপক্ষই অকথ্য অত্যাচাৰ চলাইছিল৷ তিনিমহলীয়া এই চেলুলাৰ জে'লৰ দ্বিতীয় মহলাৰ বেৰত ১৩ খন ফলকত তেনে ৩৩৬ জন ছহিদৰ নাম খোদিত হৈ আছে৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "A memorial to the freedom fighters". Hinduonnet.com. প্ৰকাশক India: The Hindu. August 15, 2004. Archived from the original on October 23, 2007. https://web.archive.org/web/20071023104742/http://www.hinduonnet.com/thehindu/features/andaman/stories/2004081500160200.htm আহৰণ কৰা হৈছে: September 2, 2006.
  2. জ্ঞানাঞ্জন প্ৰান্তিক, খণ্ড ২০১৩ ( ১ - ১৫ জুন ) ৩২শ বছৰ (১৩শ সংখ্যা) পৃষ্ঠা নং ৩৭