চেলেং গছ
অৱয়ব
| চেলেং গছ | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Tracheophytes |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Eudicots |
| (অশ্ৰেণীকৃত): | Rosids |
| বৰ্গ: | Malpighiales |
| পৰিয়াল: | Euphorbiaceae |
| গণ: | Balakata |
| প্ৰজাতি: | B. baccata |
| বৈজ্ঞানিক নাম | |
| Balakata baccata (Roxb.) Esser | |
| সমাৰ্থক[1] | |
|
তালিকা
| |
চেলেং (বৈজ্ঞানিক নাম: Balakata baccata) ইউফৰবিয়েচিয়া (Euphorbiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।[2] পূৰ্ৱতে ইয়াক Sapium baccatum নামেৰে নামকৰণ কৰা হৈছিল। অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত প্ৰচুৰ পৰিমানে চেলেং গছ পোৱা যায়। পেকেজিং বাকচ তৈয়াৰ কৰিবলৈ ইয়াৰ কাঠ ব্যৱহাৰ কৰা হয়।[2] ইয়াৰ ফলৰ পৰা সুগন্ধি প্ৰস্তুত কৰা হয়।[2] মিজোৰামত এই উদ্ভিদৰ পাত পোহনীয়া জন্তুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।[2]
বিৱৰণ
[সম্পাদনা কৰক]চেলেং গছজোপা প্ৰায় ২৫ ফুট পৰ্যন্ত ওখ হয়।[2] ইয়াৰ ফলবোৰ ৯ - ১২ মিলিমিটাৰ ব্যাসৰ জামুকৰ দৰে মাংসযুক্ত, ৰঙা বেঙুনীয়া বৰণৰ পকিলে বেঙুনীয়া ক'লালৈ পৰিণত হয়।[2]
বিতৰণ
[সম্পাদনা কৰক]চেলেং গছ ভাৰত, ভূটান, বাংলাদেশ, নেপাল, ম্যানমাৰ, ইণ্ডো-চীন, চীন, থাইলেণ্ড, মালয়েছিয়া, সুমাত্ৰা আৰু ব্ৰুনেউ, লাওছ, ভিয়েটনাম, কম্বোডিয়া আৰু পূৱ হিমালয় অঞ্চলত পোৱা যায়।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Balakata baccata (Roxb.) Esser". Plants of the World Online. https://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:1007111-1। আহৰণ কৰা হৈছে: 11 August 2024.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "Balakata baccata (Roxb.) Esser". India biodiversity Portal. https://indiabiodiversity.org/species/show/245904। আহৰণ কৰা হৈছে: 11 August 2024.