ছানী লিয়নি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছানী লিয়নি

'লেকমি ফেছন ৱিক'ত লিয়নি, ২০১৭
জন্ম কৰেনজিৎ কৌৰ ভোহৰা
১৩ মে', ১৯৮১ (৪২ বছৰ)[1]
চাৰনিয়া, অণ্টৰিঅ' কানাডা
নাগৰিকত্ব কানাডীয়-আমেৰিকান
পেচা
  • অভিনেত্ৰী
  • মডেল
  • প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০১-২০১৩ (পৰ্ণগ্ৰাফি)
২০১২-বৰ্তমানলৈ (মূলসুঁতি)
উল্লেখযোগ্য কৰ্ম
  • বিগ বছ-৫ (হিন্দী), জিচম-২, ৰাগিনী এমএমএচ-২, স্প্লিটভিলা
উচ্চতা ৫ ফুট ৪ ইঞ্চি
দাম্পত্যসঙ্গী ডেনিয়েল ৱেবৰ[2]
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • পেট অফ দা ইয়েৰ
  • শীৰ্ষ পৰ্ণ তাৰকা

কৰেনজিৎ কৌৰ ভোহৰা (ইংৰাজী: Karenjit Kaur Vohra জন্ম মে ১৩, ১৯৮১), জনপ্ৰিয় নাম ছানী লিয়নি (Sunny Leone), এগৰাকী মডেল তথা আমেৰিকান আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁ এগৰাকী প্ৰাক্তন পৰ্ণ তাৰকা।[3][4] কানাডাৰ এটা ভাৰতীয় শিখ পৰিয়ালত লিয়নিয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ কানাডীয়-আমেৰিকান নাগৰিকত্ব আছে। লিয়নিৰ ঘৰুৱা নাম কাৰেন।[5][6] ২০০৩ চনত তেওঁক পেণ্টহাউচ পেট অফ দা ইয়েৰ হিচাপে মনোনীত কৰা হৈছিল। তেওঁ ভিভিড এণ্টাৰটেইনমেণ্টৰ চুক্তিবদ্ধ প্ৰদৰ্শক আছিল, আৰু ২০১০ চনত মেক্সিমে তেওঁক ১২জন শীৰ্ষ পৰ্ণ তাৰকাৰ ভিতৰত এজন হিচাপে নামকৰণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কৰেনজিৎ কৌৰ ভোহৰাৰ জন্ম হয় ১৯৮১ চনৰ ১৩ মে তাৰিখে অণ্টাৰিঅ'ৰ চাৰ্নিয়াৰ এটি শিখ ভাৰতীয় পঞ্জাবী পৰিয়ালত।[7][8][9] সৰু ছোৱালী হিচাপে, তেওঁ এগৰাকী স্ব-বৰ্ণিত টমবয়,[10] তথা খেলৰ প্ৰতি অধিক আগ্ৰহী আছিল আৰু ল'ৰাবোৰৰ সৈতে পদপথত হকী খেলিছিল।[11]

যদিও পৰিয়ালটো শিখ আছিল,[9] তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ সুৰক্ষাৰ কথা চিন্তা কৰি কেথলিক বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল।[9][12][13] ১৩ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো মিচিগানৰ ফৰ্ট গ্ৰাটিঅটলৈ, আৰু এবছৰ পিছতে কেলিফৰ্ণিয়াৰ লেক ফৰেষ্টলৈ স্থানান্তৰিত হৈছিল।[12][14] এজন বাস্কেটবল খেলুৱৈৰ সৈতে ১৬ বছৰ বয়সত ছানীয়ে নিজৰ কুমাৰীত্ব হেৰুৱাই[15] আৰু ১৮ বছৰ বয়সত তেওঁ নিজকে উভকামী বুলি আৱিষ্কাৰ কৰে।[16][15]

প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ জীৱন[সম্পাদনা কৰক]

পৰ্ণ উদ্যোগত কাম কৰাৰ আগতে, তেওঁ এখন জাৰ্মান বেকাৰীত কাম কৰিছিল,[17] এটা জিফি লুবে,[12] আৰু পিছত এটা কৰ আৰু অৱসৰ প্ৰতিষ্ঠানত কাম কৰা আৰম্ভ কৰে।[18] ছানীয়ে নাৰ্ছ হ'বলৈও পঢ়া-শুনা কৰিছিল। [10] এডাল্ট কেৰিয়াৰৰ বাবে নাম এটা বাছনি কৰোঁতে, তেওঁ কৈছিল যে ছানী তেওঁৰ প্ৰকৃত নাম আৰু 'লিয়নী' অংশ পেণ্টহাউচ আলোচনীখনৰ প্ৰাক্তন গৰাকী বব গুচিওনে বাছনি কৰিছিল। তেওঁ পেণ্টহাউচ আলোচনীৰ বাবে পজ দিছিল, আৰু মাৰ্চ ২০০১ সংখ্যাৰ বাবে পেণ্টহাউচ পেট অফ দা মান্থ হিচাপে মনোনীত হৈছিল,[19]। তেওঁ চেৰী,[20] মিষ্টিক আলোচনী,[21] হাই চছাইটি, সোয়াংক, এভিএন অনলাইন, লেগ ৱৰ্ল্ড, ক্লাব ইণ্টাৰনেচনেল আৰু লোৰাইডাৰকে ধৰি অন্যান্য আলোচনীতো প্ৰকাশিত হৈছে,[22][23] আনহাতে তেওঁৰ অনলাইন ক্ৰেডিটৰ ভিতৰত আছে মডএফএক্স মডেল,[24] চুজে ৰাণ্ডাল,[25] কেন মাৰ্কাছ[26] আৰু মেক এণ্ড বাম্বল। [27] ২০০৩ চনত, তেওঁক "পেণ্টহাউচ পেট অফ দা ইয়েৰ" হিচাপে মনোনীত কৰা হৈছিল আৰু টেৰা পেট্ৰিক আৰু কাইলা কোলৰ সৈতে পেণ্টহাউচ পেটছ ইন পেৰাডাইজ শীৰ্ষক ভিডিঅ'ত অভিনয় কৰিছিল। ২০০৫ চনত এডাম এণ্ড ইভে তেওঁক তেওঁলোকৰ ৱেষ্ট কোষ্ট ইণ্টাৰনেট বিক্ৰী প্ৰতিনিধি হিচাপে নিযুক্ত কৰিছিল।[28]

২০০৬ চনৰ এভিএন বঁটা বিতৰণ অনুষ্ঠানত ছানী

২০০৫ চনত লিয়নে ভিভিড এণ্টাৰটেইনমেণ্টৰ সৈতে তিনি বছৰীয়া চুক্তি স্বাক্ষৰ কৰে যাৰ সৈতে তেওঁ হাৰ্ডক'ৰ পৰ্ণগ্ৰাফীৰ পৃথিৱীৰে জড়িত হয় আৰু কেৱল সমকামী দৃশ্যতহে অংশগ্ৰহণৰ চুক্তি চাক্ষৰ কৰে।[11] ইয়াৰ পিছত মুক্তি পোৱা তেওঁৰ প্ৰথমখন চলচ্চিত্ৰৰ শিৰোনাম আছিল ছানী[29]

২০০৭ চনৰ মে মাহত ভিভিডৰ সৈতে আন ছয়খন চলচ্চিত্ৰৰ বাবে তেওঁ চুক্তিত পুনৰ স্বাক্ষৰ কৰাৰ পিছত লিয়নে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সমুখত পুৰুষৰ সৈতে প্ৰদৰ্শন কৰিবলৈ সন্মত হয়, কিন্তু কেৱল তেওঁৰ ফিয়াঞ্চে মেট এৰিকছনৰ সৈতে।[30]

২০০৯ চনৰ আগষ্টমাহত, তেওঁ ডেনিয়েল ৱেবৰক তেওঁৰ সংগী হিচাপে লৈ নিজৰ ষ্টুডিঅ' চানলাষ্ট পিকচাৰ্ছ মুকলি কৰাৰ কথা ঘোষণা কৰে।[31] তেওঁৰ নতুন উদ্যোগৰ সৈতে লিয়নে ভিভিড এণ্টাৰটেইনমেণ্টক তেওঁৰ বিতৰক হিচাপে লৈ নিজৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ লিখিবলৈ, পৰিচালনা কৰিবলৈ আৰু সৃষ্টি কৰাৰ পৰিকল্পনা ঘোষণা কৰে। তেওঁৰ প্ৰথম স্বতন্ত্ৰ প্ৰযোজনা দ্য ডাৰ্ক চাইড অফ দ্য চান ২০০৯ চনৰ মাৰ্চ মাহত মুক্তি পায় আৰু লাছ ভেগাছৰ ইৰোটিক হেৰিটেজ মিউজিয়ামত আত্মপ্ৰকাশ কৰে।[32] ২০০৯ চনৰ জুন মাহত তেওঁ ছানি স্লাম্বাৰ পাৰ্টি[31] (ছেপ্টেম্বৰ 2009 ত মুক্তি প্ৰাপ্ত) শীৰ্ষক তেওঁৰ দ্বিতীয় স্বতন্ত্ৰ প্ৰযোজনাৰ বাবে লাছ ভেগাছত কাষ্টিং কৰিছিল। তেওঁৰ আন তিনিটা স্ব-নিৰ্মিত গিয়া পোট্ৰেইট অফ এ পৰ্ণ ষ্টাৰ (২০১০) এভিএন পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছিল,[31]

জেনেচিছ আলোচনীৰ "শীৰ্ষ ১০০ পৰ্ণ তাৰকা" তালিকাত লিয়নীক ১৩ নম্বৰ স্থানত আছিল। ২০১০ চনত মেক্সিমে তেওঁক পৰ্ণৰ ১২ গৰাকী শীৰ্ষ মহিলা তাৰকাৰ ভিতৰত এগৰাকী হিচাপে নামকৰণ কৰে। আস্কমেনৰ তালিকাত তেওঁ ২০১২ চনৰ শীৰ্ষ ৯৯ গৰাকী মহিলাৰ ভিতৰত ৮২তম স্থানত আছিল। ২০১৩ চনত, তেওঁ প্ৰাপ্তবয়স্ক উদ্যোগৰ পৰা অৱসৰ ঘোষণা কৰি কয় যে "মই ভাগ্যৱান যে দৰ্শকে মোক গ্ৰহণ কৰিছে। মই তাৰ পৰা (পৰ্ণ উদ্যোগ) মোৰ পথলৈ আহিছোঁ। এতিয়ালৈকে তালৈ উভতি যোৱাৰ মোৰ কোনো পৰিকল্পনা নাই।" [33] ২০১৬ চনত, তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ এগৰাকী হিচাপে বাছনি কৰা হৈছিল।[34] 'দা টেক' আলোচনীৰ অক্টোবৰ ২০১৬ সংখ্যাৰ তেওঁলোকৰ কভাৰ গাৰ্লৰ বাবে লিয়নীক বাছনি কৰিছিল। [35]

পৰিয়াল[সম্পাদনা কৰক]

এটা বঁটা বিতৰণ অনুষ্ঠানত স্বামী ৱেবৰৰ সৈতে ছানী, ২০১৭

জুলাই ২০১৭ত, লিয়নী আৰু তেওঁৰ স্বামী ডেনিয়েল ৱেবৰে মহাৰাষ্ট্ৰৰ এখন গাওঁ লাতুৰৰ পৰা তেওঁলোকৰ প্ৰথম সন্তান হিচাপে এগৰাকী কণমাণিক তুলি লৈছিল আৰু নাম থৈছিল নিশা কৌৰ ৱেবৰ। তুলি লোৱাৰ সময়ত নিশাৰ বয়স আছিল ২১ মাহ। এই সম্পৰ্কে ডেনিয়েল ৱেবাৰে হিন্দুস্তান টাইমছক কৈছিল যে- "অনাথ আশ্ৰমত এনে ধৰণৰ আশ্চৰ্যকৰ কাম কৰা লোকসকলে মোৰ মন সলনি কৰি দিছিল।" [36][37][38][39]

৪ মাৰ্চ, ২০১৮ তাৰিখে, ছানী লিয়নী আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ যমজ পুত্ৰ সন্তান জন্মৰ কথা জানিবলৈ দিয়ে, তেওঁলোকৰ এই দুই সন্তানৰ জন্ম চাৰোগেচীৰ পদ্ধতিৰে কৰিছিল। দুয়োৰে নাম ৰাখিছিল আশেৰ সিং ৱেবৰ আৰু নোৱা সিং ৱেবৰ। [40][41]

লেখিকা ৰূপত[সম্পাদনা কৰক]

"চুইট ড্ৰীমছ" হৈছে ছানী লিয়নীৰ দ্বাৰা লিখিত ১২টা চুটি গল্পৰ এখন গল্প সংকলন।[42][43] ছানীয়ে এই গল্পবোৰ ডিজিটেল ভাৱে ই-বুক ৰূপত প্ৰকাশ কৰিছিল আৰু ২০১৬ চনৰ ২২ এপ্ৰিলত এক মোবাইল এপৰ জৰিয়তে জাৰ্গানেট বুকছে এই গল্প সংকলনখন মুকলি কৰিছিল।[44] প্ৰতি নিশা ১০ বজাত উক্ত এপটোত এটা কাহিনী উপলব্ধ কৰা হৈছিল।[45] ২০১৬ চনত ২০০ পৃষ্ঠাৰ মুদ্ৰিত সংস্কৰণো মুকলি কৰা হৈছিল।[46]

চলচ্চিত্ৰৰ তালিকা[সম্পাদনা কৰক]

চন চলচ্চিত্ৰ চৰিত্ৰ ভাষা মন্তব্য
২০০৪ দা গাৰ্ল নেক্সট ড'ৰ ইংৰাজী কেমিও চৰিত্ৰত
২০০৮ পইৰেট'চ ব্লাড ছানী ইংৰাজী
২০১০ দা ভাৰ্জিনিটি হিট ছানী ইংৰাজী
২০১২ জিচম-২ ইজনা হিন্দী নায়িকা
২০১৩ শ্বুটআউট এট ওডালা লায়লা হিন্দী "লায়লা" আইটেম সঙ্গীতত অভিনয়
জেকপট (২০১৩) মায়া হিন্দী নায়িকা
২০১৪ ৰাগিনি এমএমএচ-২ ছানী হিন্দী নায়িকা
ভাডাকাৰি তামিল আইটেম সংগীতত অভিনয়
হেট ষ্ট'ৰি-২ স্ব-ভূমিকাত হিন্দী পিঙ্ক লিপচ আইটেম সঙ্গীতত অভিনয়
বালভিন্দৰ সিং ফেমাচ হ' গয়া স্ব-ভূমিকাত হিন্দী চ্যেক দেট বুটি আইটেম সঙ্গীতত অভিনয়
কাৰেণ্ট থীগা ছানী তেলুগু কেমিও চৰিত্ৰত অভিনয়
২০১৫ ডিকে স্ব-ভূমিকাত কন্নড় আইটেম সঙ্গীতত অভিনয়
মাস্তিজাদে লায়য়া লালে হিন্দী
এক পেহেলি লীলা লীলা হিন্দী নায়িকা
কুচ কুচ লোচা হ্যে অনিৰ্ধাৰিত হিন্দী
টিনা এণ্ড ল'ল' টিনা হিন্দী বিলম্বিত

দূৰদৰ্শন[সম্পাদনা কৰক]

বৰ্ষ ধাৰাবাহিক চৰিত্ৰ চেনেল টীকা
২০০৫ এমটিভি বঁ‌টা প্ৰতিবেদক এমটিভি ইণ্ডিয়া প্ৰথম মূলধাৰাৰ উপস্থিতি
২০০৭ ডেবি ডোৱেছ ডালাছ স্ব-ভূমিকা শ্বোটাইম তথ্যচিত্ৰ
২০০৮ মাই বেয়াৰ লেডী ২: অ'পেন ফৰ বিজনেছ প্ৰতিযোগী ফক্স ৰিয়েলিটি চেনেল
কো-ইড কনফিডেন্সিয়েল ষ্ট্ৰাইপাৰ চিনেমেক্স আফটাৰ ডাৰ্ক তিন পৰ্ব
২০১১ বিগ বচ ৫ প্ৰতিযোগী কালাৰ্ছ ৯১ দিন পৰ্যন্ত
২০১৪ হণ্টেড ৱিকেণ্ডছ ৱিথ ছানি লিয়নী উপস্থাপক এমটিভি ইণ্ডিয়া
২০১৪ স্প্লিটছভিলা: ছিজন ৭ ঘোষিত

অন্যান্য গণমাধ্যমত[সম্পাদনা কৰক]

বৰ্ষ নিৰ্মাণ চৰিত্ৰ ধৰণ টীকা
২০০১ লিভিন' ইট আপ নৃত্যশিল্পী ভিডিঅ' ক্লিপ জা ৰুল-ৰ গানত
২০০৭ পকেট পুল পেণ্টহাউছ পেট প্লেষ্টেচন পোৰ্টেবল গেম

বিতৰ্ক[সম্পাদনা কৰক]

২০১৫ চনৰ মে মাহত ভাৰতৰ মুম্বাইত এগৰাকী মহিলাই লিয়নৰ ৱেবছাইট ছানীলিয়নী ডট্ কমৰ বিৰুদ্ধে ভাৰতীয় সংস্কৃতি ধ্বংস কৰি থকা বুলি এই গোচৰ ৰুজু কৰিছিল। ৰামনগৰ থানা আৰক্ষীৰ চাইবাৰ কৰ্তৃপক্ষই এই গোচৰটো ধাৰা ২৯২, ২৯২-ক, ২৯৪ ৰ অধিনত বিচাৰ কৰে। জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক জে কে সাৱন্তে কয় যে, "আমি ৱেবছাইটটো অৱৰোধ কৰিব নোৱাৰো, কিন্তু অপাৰেটৰজনক আপত্তিজনক সমল আঁতৰাবলৈ কম।" [47]

২০১৭ চনৰ নতুন বছৰৰ সময়ত, বাংগালোৰত বাংগালুৰু এন.ৱাই.ই ২০১৮-ত ছানী নাইট অনুষ্ঠানটোৰ বিৰুদ্ধে এক কানাড়া পন্থী গোটে প্ৰতিবাদ কৰিছিল। ছানী লিয়নীয়ে এই অনুষ্ঠানটোত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছিল কিন্তু গোটটোৱে যুক্তি প্ৰদৰ্শন কৰিছিল যে ছানীৰ অশ্লীল চলচ্চিত্ৰৰে জড়িত অতীতত হেতু তেওঁক এনেকৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়াটো যুক্তি সংগত নহয়। প্ৰতিবাদকাৰীসকলে এক গণ আত্মহত্যাৰ ভাবুকি দিছিল আৰু কৰ্ণাটকৰ গৃহ মন্ত্ৰী ৰামলিঙ্গ ৰেড্ডীয়ে অনুষ্ঠানটোত উপস্থিত হ'বলৈ ছানীৰ অনুমতি অস্বীকাৰ কৰিছিল। [48]

২০১৮ চনত, এজন সমাজকৰ্মীয়ে চেন্নাইৰ নাজাৰেথপেট আৰক্ষী থানাত লিয়নীৰ পৰ্ণগ্ৰাফি প্ৰচাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। তেওঁৰ যুক্তি আছিল যে, এই কাৰ্য ভাৰতীয় ৰাষ্ট্ৰৰ আইনবিৰোধী। তেওঁ লগতে কৈছিল যে ই ভাৰতীয় সংস্কৃতিক মুখ্যতঃ আঘাত হানিব আৰু সমাজৰ নৈতিক গাঁথনি নষ্ট কৰিব।[49]

প্ৰযোজক আৰু বিতৰক ভাৰত পেটেলে তেওঁৰ ছবি পেটেল কি পাঞ্জাৱী চাদীৰ বাবে এটা বিশেষ নৃত্যত অভিনয়ৰ বাবে স্বাক্ষৰিত মাচুল লিয়নীয়ে তেওঁৰ চৰিত্ৰটো বাতিল হোৱাৰ পিছত ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল। [50]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "About Me". SunnyLeone.com. http://www.sunnyleone.com/en/about। আহৰণ কৰা হৈছে: January 5, 2016. 
  2. "Sunny Leone's husband comes to India". The Times of India. April 16, 2012. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Sunny-Leones-husband-comes-to-India/articleshow/12687162.cms/। আহৰণ কৰা হৈছে: October 1, 2012. 
  3. "Sunny Leone – Desi Porn". SunnyLeone.com. http://www.sunnyleone.com/en। আহৰণ কৰা হৈছে: April 11, 2015. 
  4. "Sunny Leone profile". AVN. http://www.avn.com/porn-stars/Sunny-Leone-274888.html। আহৰণ কৰা হৈছে: Dec 27, 2015. 
  5. "A Sunny day in Sarnia". The Globe and Mail. https://www.theglobeandmail.com/arts/film/a-sunny-day-in-sarnia/article4098311/। আহৰণ কৰা হৈছে: July 16, 2016. 
  6. "How Karen Malhotra turned into a world-famous porn star Sunny Leone". santabanta.com. http://www.santabanta.com/bollywood/51052/how-karen-malhotra-turned-into-a-world-famous-porn-star-sunny-leone/। আহৰণ কৰা হৈছে: July 16, 2016. 
  7. "Sunny Leone's real name revealed!". Hindustan Times. Agencies. April 27, 2012. http://www.hindustantimes.com/entertainment/tabloid/sunny-leone-s-real-name-revealed/article1-847131.aspx। আহৰণ কৰা হৈছে: 1 April 2014. 
  8. Vickey Lalwani, Mumbai Mirror (August 8, 2013). "People in India are conservative: Sunny Leone". The Times of India. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/People-in-India-are-conservative-Sunny-Leone/articleshow/23691999.cms?। আহৰণ কৰা হৈছে: Dec 27, 2015. 
  9. 9.0 9.1 9.2 Weisblott, Marc (July 4, 2008). "Sunny Leone's America". Eye Weekly. http://eyeweekly.com/blog/post/32910. 
  10. 10.0 10.1 Bengali, Shashank (2016-08-24). "Can porn star-turned-Bollywood actress Sunny Leone teach India to be cool about sex?". Los Angeles Times (Los Angeles: Tribune Co). ISSN 0458-3035. http://www.latimes.com/world/la-fg-c1-india-porn-sunny-leone-snap-story.html। আহৰণ কৰা হৈছে: 25 August 2016. 
  11. 11.0 11.1 "Sunny Leone Becomes Vivid Girl". AVN (magazine). 2007-06-20. http://business.avn.com/articles/Sunny-Leone-Becomes-Vivid-Girl-43494.html। আহৰণ কৰা হৈছে: 2007-08-26. 
  12. 12.0 12.1 12.2 "Ambush Interview #97". Ambush Interview. October 8, 2006. http://www.ambushinterview.com/97/interview97.html। আহৰণ কৰা হৈছে: October 8, 2006. 
  13. Alff, Shawn (August 23, 2010). "Pornstar Sunny Leone on thriving in the wild, wild west of the adult industry". blogs.creativeloafing.com. http://cltampa.com/dailyloaf/archives/2010/08/23/pornstar-sunny-leone-on-thriving-in-the-wild-wild-west-of-the-adult-industry-nsfw। আহৰণ কৰা হৈছে: September 11, 2010. 
  14. Kandathil, Sonia M. (2007-10-11). "Sunny Leone on life as a desi adult star". Toronto Star. https://www.thestar.com/DesiLife/article/265411/। আহৰণ কৰা হৈছে: 2007-10-26. 
  15. 15.0 15.1 "Sunny Leone profile". Brazzers. March 9, 2018. https://www.brazzers.com/profile/view/id/1213/sunny-leone/। আহৰণ কৰা হৈছে: March 9, 2018. 
  16. "Meet the Girl: Sunny Leone". Men's Fitness. February 1, 2007. http://www.mensfitness.com/advice/hot-women/meet-girl-sunny-leone। আহৰণ কৰা হৈছে: February 1, 2007. 
  17. Big D (2006-07-06). "Inside Sunny Leone". XRentDVD. http://www.xrentdvd.com/Porn_Star_Interviews/Sunny_Leone.html। আহৰণ কৰা হৈছে: 2007-06-07. 
  18. freeones (2007-08-06). "Exclusive Interview with Sunny Leone". freeones. http://blog.freeones.com/2007/08/06/exclusive-interview-with-sunny-leone। আহৰণ কৰা হৈছে: 2007-08-06. 
  19. "Sunny Leone makes history by becoming first Indian model to become a Penthouse Pet". https://www.indiatoday.in/magazine/indiascope/story/20011231-sunny-leone-makes-history-by-becoming-first-indian-model-to-become-a-penthouse-pet-776379-2001-12-31। আহৰণ কৰা হৈছে: March 12, 2021. 
  20. Adams, Eddie (2007-08-28). "Sunny Leone Featured in Cheri". AVN. http://business.avn.com/articles/Sunny-Leone-Featured-in-i-Cheri-i-27277.html। আহৰণ কৰা হৈছে: 2007-08-28. 
  21. "Sunny Leone Jpg Pic Image & Video Gallery". Mystique Magazine. http://www.mystique-magazine.com/bio/Sunny-Leone.html। আহৰণ কৰা হৈছে: 2008-08-26. 
  22. Vargas, Saul (2003-06-01). "Lowrider Model  — Sunny Leone  — June 2003 enter fold". Lowrider Magazine. http://www.lowridermagazine.com/models/0306_sunny_leone_lowrider_girl/index.html। আহৰণ কৰা হৈছে: 2003-06-01. 
  23. Robinson, Reinaldo (2003-11-01). "Lowrider Model  — Sunny Leone  — November 2003 Center Fold". Lowrider Magazine. http://www.lowridermagazine.com/models/0311_sunny_leone_lowrider_girl/index.html। আহৰণ কৰা হৈছে: 2003-11-01. 
  24. modfxmodels.com (2003-06-29). "SUNNY LEONE MODFX COVER MODEL  — JULY 2003". modfxmodels.com. http://www.modfxmodels.com/FeaturedModels/fm-SunnyLeone.html। আহৰণ কৰা হৈছে: 2008-08-31. 
  25. suze.net. "Sunny Leone Free Nude Pics:: Official Nude Gallery of Sunny Leone". suze.net. http://free.suze.net/modelbios/sunnyleone/index.html। আহৰণ কৰা হৈছে: 2008-08-31. 
  26. Marcus, Ken. "Sunny Leone Free Fetish Pics". kenmarcus.com. http://www.kenmarcus.com/promos/sunny_leone/index.html। আহৰণ কৰা হৈছে: 2018-03-14. 
  27. macandbumble.com. "SMacandBumble.com  — Sunny Leone, News, Photos...". macandbumble.com. http://www.macandbumble.com/models_list/sunny_leone/। আহৰণ কৰা হৈছে: 2008-08-31. 
  28. Baker, Chip (2005-02-24). "Sunny Leone Joins Adam & Eve Sales Team". AVN. http://business.avn.com/articles/Sunny-Leone-Joins-Adam-Eve-Sales-Team-42354.html। আহৰণ কৰা হৈছে: 2005-02-24. 
  29. Millar, Dan (2005-11-01). "Vivid to Ship Sunny". AVN. http://business.avn.com/articles/Vivid-to-Ship-i-Sunny-i-46475.html। আহৰণ কৰা হৈছে: 2007-07-03. 
  30. Sullivan, David (2007-05-13). "Sunny Leone Renews Vivid Contract, Will Perform with Men". AVN. http://business.avn.com/articles/4035.html। আহৰণ কৰা হৈছে: 2007-05-13. 
  31. 31.0 31.1 31.2 Cachapero, Joanne (2007-09-11). "Sunny Leone Launches SunLust Pictures With N.Y. Bash". XBIZ. http://www.xbiz.com/news/news_piece.php?id=98989&mi=all&q=sunny+leone। আহৰণ কৰা হৈছে: 2007-09-11. 
  32. Sullivan, David (2009-06-02). "Sunny Leone Shows Her 'Dark Side' in Sin City". AVN. http://business.avn.com/articles/34405.html। আহৰণ কৰা হৈছে: 2009-06-06. 
  33. "Leone Announces Retirement From Adult Films!". MTV.com. 2013-08-13. http://www.mtvindia.com/blogs/parent/urban-cupid/leone-announces-retirement-from-adult-films-50244810.html। আহৰণ কৰা হৈছে: 2015-08-20. 
  34. "BBC 100 Women 2016: Who is on the list?". BBC News. 21 November 2016. https://www.bbc.com/news/world-38012048. 
  35. "The futuristic Sunny Leone on the cover of Exhibit Magazine’s October Issue" (en-US ভাষাত). CineTalkers. 2016-10-20. https://www.cinetalkers.com/futuristic-sunny-leone-cover-exhibit-magazines-october-issue/। আহৰণ কৰা হৈছে: 2021-09-02. 
  36. "Sunny Leone And Husband Daniel Weber Adopt Baby Girl". NDTV. http://www.ndtv.com/india-news/sunny-leone-and-husband-daniel-weber-adopt-baby-girl-1727387। আহৰণ কৰা হৈছে: 2017-07-22. 
  37. "Sunny Leone and Daniel Weber adopt baby girl, see first photos of Nisha Kaur Weber". The Indian Express. Indian Express Group. 2017-07-21. http://indianexpress.com/article/entertainment/bollywood/sunny-leone-and-daniel-weber-adopt-daughter-nisha-confirmed-see-photos-4761395/। আহৰণ কৰা হৈছে: 2017-07-22. 
  38. "Sunny Leone and husband Daniel Weber adopts baby girl Nisha". The Times of India. Bennett, Coleman & Co. Ltd.. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/sunny-leone-adopts-baby-girl-nisha/articleshow/59692469.cms। আহৰণ কৰা হৈছে: 2017-07-22. 
  39. "Sunny Leone, Daniel Weber adopt baby girl from Latur, name her Nisha Kaur Weber". Firstpost. 2017-07-21. http://www.firstpost.com/entertainment/sunny-leone-daniel-weber-adopt-baby-girl-from-latur-name-her-nisha-kaur-weber-3839393.html। আহৰণ কৰা হৈছে: 2017-07-22. 
  40. "Sunny Leone announces birth of twins, tweets about it". The Economic Times. Bennett, Coleman & Co. Ltd.. https://economictimes.com/magazines/panache/sunny-leone-announces-birth-of-twins-tweets-about-it/articleshow/63167825.cms। আহৰণ কৰা হৈছে: 2018-03-05. 
  41. "Sunny Leone and Daniel Weber become parents for the second time". Bombay Times. Bennett, Coleman & Co. Ltd.. http://bombaytimes.com/celebs/sunny-leone-and-daniel-weber-become-parents-for-the-second-time/articleshow/63167458.cms। আহৰণ কৰা হৈছে: 2018-03-05. 
  42. "Sunny Leone Writes Her First Short Story Collection - Sweet Dreams". The Quint. 22 April 2016. https://www.thequint.com/entertainment/2016/04/22/sunny-leone-writes-her-first-short-story-collection-sweet-dreams। আহৰণ কৰা হৈছে: 2019-11-29. 
  43. "Love, the Sunny Leone way". The Indian Express. 2016-04-23. http://epaper.indianexpress.com/c/9859346। আহৰণ কৰা হৈছে: 2016-04-23. 
  44. "Sunny Leone's first book is everything you'd expect it to be". India Today. 29 April 2019. https://www.indiatoday.in/lifestyle/what-s-hot/story/sunny-leone-first-book-erotica-erotic-literature-sweet-dreams-319372-2016-04-22। আহৰণ কৰা হৈছে: 2019-11-29. 
  45. "Sunny Leone to share her stories on your phone every night!" (en ভাষাত). The Times of India. 28 January 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Sunny-Leone-to-share-her-stories-on-your-phone-every-night/articleshow/51927942.cms। আহৰণ কৰা হৈছে: 2019-11-29. 
  46. Leone, Sunny (6 June 2016). Sweet Dreams. ASIN 8193237226. 
  47. Pradeep Gupta (2015-05-16). "Mumbai woman files FIR against Leone for 'destroying Indian culture'". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Mumbai-woman-files-FIR-against-Leone-for-destroying-Indian-culture/articleshow/47303642.cms. 
  48. "Karnataka government denies permission to Sunny Leone's New Year's Eve event". Bollywood Hungama. 16 December 2017. http://www.bollywoodhungama.com/news/bollywood/karnataka-government-denies-permission-sunny-leones-new-years-eve-event/. 
  49. "FIR filed against Sunny Leone for promoting pornography". Bollywood Hungama. 10 February 2018. http://www.bollywoodhungama.com/news/bollywood/fir-filed-sunny-leone-promoting-pornography/. 
  50. "Sunny Leone accused of not returning signing amount by 'Patel Ki Punjabi Shaadi' producer". Times of India. 16 December 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/sunny-leone-accused-of-not-returning-signing-amount-by-patel-ki-punjabi-shaadi-producer/articleshow/67656731.cms.