ছান মাৰিণ'

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছান মাৰিণ', আনুষ্ঠানিকভাৱে ছান মাৰিণ' গণৰাজ্য(ইটালীয় ভাষাত:Repubblica di San Marino) বা চেৰেনিছিমা ৰিপাব্লিকা ডি ছান মাৰিণ' এখন সৰু ৰাজ্য যি ইটালীয়ে আৱৰা। ইটালীয় পেনিঞ্ছুলাত অৱস্থিত এই দেশৰ মুঠ ভূমি দখল ৬১ বৰ্গ কিলোমিটাৰতকৈ অলপ অধিক। এই দেশৰ জনসংখ্যা প্ৰায় ৩২০০০। ৰাজধানী চিটি অৱ ছাঅন মাৰিণ' আৰু বৃহত্তম চহৰ ডগানা।[1][2]

ছান মাৰিণ' ষষ্ঠদশ শতিকাৰ ছান মাৰিণ' সংবিধানৰ দ্বাৰা শাসিত যিয়েআন আন বিষয়ৰ লগতে ছান মাৰিণ'ৰ ৰাজনৈতিক গঠন নিয়ন্ত্ৰন কৰে।[3]

এই দেশৰ অৰ্থনীতি সৰু হ'লেও এই দেশ জনমূৰি মুঠ ঘৰুৱা উত্পাদনৰ ক্ষেত্ৰত ইউৰোপৰ আটাইতকৈ ধনী দেশসমূহৰ সমতুল্য। ছান মাৰিণ'ত নিবনুৱা সংখ্যা তেনেই কম আৰু চৰকাৰী বাজেটত ধন প্ৰয়োজনতকৈ অধিকহে।[1] ই বিশ্বৰ একমাত্ৰ দেশ য'ত মানুহতকৈ বাহনৰ সংখ্যা অধিক।

বুৰঞ্জী[সম্পাদনা কৰক]

চেইণ্ট মেৰিনাছ, ছান মাৰিণ' গণৰাজ্যৰ প্ৰটিষ্ঠাপক

নিজৰ বন্ধু লিঅ'ৰ সৈতে চেইণ্ট মেৰিনাছে এতিয়াৰ ক্ৰ'চিয়াৰ আৰ্বা চহৰ ত্যাগ কৰি মিস্ত্ৰি হিচাপে ৰিমিনি পালেগৈ। ডায়'ক্লেটিয়ানিক গ্ণহত্যাৰ পাছত তেখেত পলাই মণ্টে টিটান'ত এটি সৰু গিৰ্জা স্থাপন কৰিলে। এই গিৰ্জা স্থাপনেই হ'ল ছান মাৰিণ' চহৰ আৰু গণৰাজ্যৰ প্ৰতিষ্ঠাপনা। তাৰিখ আছিল ৩ চেপ্টেম্বৰ ৩০১ চন।

পেপেচিয়ে ১৬৩১ত ইয়াৰ স্বাধীনত স্বীকাৰ কৰিলে।

১৭৯৭ৰ নেপলিয়নৰ আগ্ৰাসনে গণৰাজ্যখনৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন আনিছিলে যদিও ৰেজেণ্ট এণতনিঅ' অনফ্ৰিয়ে নেপলিয়নৰ বন্ধুত্ব আৰু সন্মান অৰ্জি ছান মাৰিণ'ক স্বাধীন ৰখাত সহায় কৰিলে। নেপলিয়নে বিজ্ঞানী মংগেলৈ লিখা চিঠিত উল্লেখ কৰিছিলে যে নেপলিয়নে ছান মাৰিণ'ৰ স্বাধীনতা ৰক্ষা কাৰাত সহায় কৰিব। তেখেতে আনকি প্ৰয়োজন অনুসৰি ছান মাৰিণ'ৰ ক্ষেত্ৰফল বৃদ্ধি কৰাৰো প্ৰস্তাৱ ৰাখিছিল। কিন্তু ৰেজেণ্টসকলে প্ৰস্তাৱ অস্বীকাৰ কৰিলে এই ভয়ত যে ই আন আন ৰাজ্যৰ সৈতে ছান মাৰিণ'ৰ সম্পৰ্ক বিঘ্নিত কৰিব পাৰে।[4][5]

ছান মাৰিণ' সংবিধান, ১৬০০The San Marino constitution of 1600

ইটালীয় এককৰণৰ সময়ত ছান মাৰিণ'I বহু এককৰণ সমৰ্থকক শৰণাৰ্থী হিচাপে ৰাখি সহায় কৰিছিল সেয়ে গিউচেপে গেৰিবেল্ডিয়ে ছান মাৰিণ'ক ইটালীত অন্তৰ্ভুক্ত নকৰাৰ অনুৰোধ ৰক্ষা কৰিলে।

ছান মাৰিণ' চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহম লিংকনক সন্মান হিচাপে নাগৰিকত্ব প্ৰদান কৰিলে। লিংকনে উত্তৰত গণৰাজ্যিক নীতিত স্থাপিত চৰকাৰখনৰ সুৰক্ষা আৰু স্থায়ীত্বক ভূয়সী প্ৰশংসা কৰিলে[6][7]

প্ৰথম বিশ্ব যূদ্ধত ২৩ মে ১৯১৫ত ইটালীয়ে অষ্ট্ৰিয়া হাংগাৰী আক্ৰমণ কৰোতে ছান মাৰিণ' নিৰপেক্ষ হৈ ৰ'ল। পিচে ইটালীয়ে এই নিৰপেক্ষতাক স্ন্দেহেৰে চাই ৰাজ্যখনৰ টেলিফোন সংযোগ কাটি পেলালে। ১০ স্বেচ্ছাসেৱীৰ ২টা দল ইটালীৰ হৈ প্ৰথমে যুদ্ধ কৰিবলৈ আৰু পাছত ৰেড ক্ৰছ চিকিত্চালয় চালন কৰিবলৈ গ'ল। ফলস্বৰূপে অষ্ট্ৰিয়া হাংগাৰীয়ে ছান মাৰিণ'ৰে কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰিলে।[8]

১৯২৩-১৯৪৩লৈ চামাৰিনিজ ফেচিষ্ট পাৰ্টীয়ে ছান মাৰিণ' শাসন কৰিলে।

The front passes Monte Titano in September 1944.

দ্বিতীয় বিশ্ব যুদ্ধত ছান মাৰিণ' নিৰপেক্ষ হৈ ৰ'ল। পিচে দ্য নিউ য়ৰ্ক টাইমছত ১৭ চেপ্টেম্বৰ ১৯৪০ত ভুলকৈ প্ৰকাশিত হ'ল যে ছান মাৰিণ'ই যুক্তৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। পছলৈ ছান মাৰিণ' চৰকাৰে ব্ৰিটিছ চৰকাৰক জনালে যে তেনে কোনো সিদ্ধান্ত ছান মাৰিণ'ই লোৱা নাছিল।[9][10]

ইটালীত বেনিট' মুচলিনিৰ শাসন ত্যাগৰ ৩ দিন পাছত ছান মাৰিণ'ত পি এফ এছৰ পটন ঘটিল। পিচে ১ এপ্ৰিলত ফেচিবাদীসকলে পুনৰ ক্ষমতা দখল কৰিলে। ফেচীবাদীসকলৰ শাসনকালত আৰু শাসনকাল নাথাকোতেও শান মাৰিণ' নিৰপেক্ষ হৈয়ে থাকিল। পিচে তথাপিও ছান মাৰিণ'ত জাৰ্মান প্ৰভাৱৰ সন্দেহ কৰি ৰয়েল এয়াৰ ফৰ্চে ছান মাৰিণ'ত বোমা বৰ্ষণ কৰিলে। সেই দিনাই পিচে চামাৰিনিজ চৰকাৰে ঘোষ্ণা কৰিলে যে কোনো জাৰ্মান সামৰিক সমগ্ৰী ছান মাৰিণ'ট নাই আৰু কোনো তেনে শক্তিক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই।[11] ছান মাৰিণ'ই হাজাৰ হাজাৰ মিত্ৰশক্তিৰ শৰণাৰ্থী স্বীকাৰ কৰিলে। চেপ্টেম্বৰ ১৯৪৪ত ই অতি কম সময়ৰ বাবে জাৰ্মান শক্তিৰ অধীন হৈছিল। পিচে মিত্ৰ শক্তিয়ে জাৰ্মান সকলক বেতেল অৱ ছান মাৰিণ'ত পৰাজিত কৰিলে।[12]

১৯৪৫-১৯৫৭লৈ চামাৰিনিজ কমিউনিষ্ট পাৰ্টি আৰু চামাৰিনিজ চ'চিয়েলিষ্ট পাৰ্টিয়ে উমৈহতীয়াকৈ শাসন কৰিলে। ই বিশ্বৰ প্ৰথম গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সাম্যবাদী চৰকাৰ।.[13][14]

ছান মাৰিণ' বিশ্বৰ আতাইতকৈ সৰু গণৰজ্য। ১৯৬৮ত নাউৰুৱে স্বাধীনতা লাভ কৰাৰ পাছত ই এই দাবী কৰিলে। পিচে কেৱল ২১ বৰ্গ কিলোমিটাৰ ভূমি ক্ষেত্ৰফল হ'লেও নাউৰুৰ ৪৩১০০০ বৰ্গ কিলোমিটাৰ পানীৰ ওপৰত অধিকাৰ আছে, যি ছান মাৰিণ'তকৈ হাজাৰ হাজাৰ গুণ অধিক।[15]

১৯৮৮ত ছান মাৰিণ' কাউঞ্চিল অৱ ইউৰোপৰ সদস্য হ'ল আৰু ১৯৯২ত ৰাষ্ট্ৰ সংঘত যোগদান কৰিলে। যদিও ছান মাৰিণ'ত ইউৰো মুদ্ৰা প্ৰচলিত, ই ইউৰোজ'ন আৰু ইউৰোপীয় সংঘ উভয়ৰে সদস্য নহয়।

চৰকাৰ[সম্পাদনা কৰক]

Palazzo Pubblico is the seat of the government of San Marino.
Four former Captains Regent: from left to right, Mirko Tomassoni, Alessandro Rossi, Alessandro Mancini, and Alberto Selva.

ছান মাৰিণ'ত সংসদীয় প্ৰতিনিধিমূলক গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজনৈতিক গঠন আছে।

প্ৰশাসনীয় ভাগ[সম্পাদনা কৰক]

মিউনিচিপালিটি[সম্পাদনা কৰক]

Administrative divisions of San Marino

ছান মাৰিণ'ত ৯টা 'কেষ্টেলি' আছে:

  • ছান মাৰিণ'
  • একুৱাভিভা
  • বৰ্গ মাগিয়ৰে
  • চিয়েচানুৱভা
  • দমাগ্নান'
  • ফেটান'
  • ফিয়ৰেণ্টিন'
  • মণ্টেগিয়াৰ্ডিন'
  • চেৰাভালে

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 San Marino entry at The World Factbook
  2. "San Marino". Encyclopædia Britannica. 2012. http://www.britannica.com/EBchecked/topic/521449/San-Marino। আহৰণ কৰা হৈছে: 1 March 2011. 
  3. "The United States has "the longest surviving constitution."". PolitiFact.com. http://www.politifact.com/truth-o-meter/statements/2011/aug/08/jon-huntsman/oldest-surviving-one-document-text/। আহৰণ কৰা হৈছে: 26 September 2012. 
  4. "From 1500 to beginning 1800, Napoleon in San Marino". Sanmarinosite.com. http://www.sanmarinosite.com/eng/napoleone.html। আহৰণ কৰা হৈছে: 24 October 2009. 
  5. Histoire abrégée des traités de paix entre les puissances de l'Europe depuis la Paix de Westphalie, Christophe-Guillaume Koch, ed., Paris, 1817, vol.
  6. "San Marino". United States Diplomatic History. U. S. Department of State. http://history.state.gov/countries/san-marino। আহৰণ কৰা হৈছে: 29 May 2011. 
  7. Irving Wallace, The Book of Lists 3
  8. "San Marino e la Prima Guerra Mondiale". Educazione.sm. http://www.educazione.sm/scuola/servizi/CD_virtuali/lavori_scuole/sanmarino/prima_guerra_mondiale.htm। আহৰণ কৰা হৈছে: 24 October 2009. 
  9. "GALES SCATTER NAZI CHANNEL FLEETS; ITALIANS THRUST DEEPER INTO EGYPT (9/18/40)". 209.157.64.200. 18 September 2010. http://209.157.64.200/focus/chat/2591636/posts। আহৰণ কৰা হৈছে: 16 September 2013. 
  10. Diplomatic papers, 1944, p. 292
  11. Diplomatic papers, 1944, p. 291
  12. "Guerre Mondiali e Fascismo nella storia di San Marino". Sanmarinosite.com. http://www.sanmarinosite.com/storia/guerremo.html। আহৰণ কৰা হৈছে: 24 October 2009. 
  13. Manali Desai (27 November 2006). State Formation and Radical Democracy in India. Taylor & Francis. পৃষ্ঠা. 142. ISBN 978-0-203-96774-4. https://books.google.com/books?id=60m9znJQmmkC&pg=PA142। আহৰণ কৰা হৈছে: 31 August 2013. 
  14. Alan James Mayne (1 January 1999). From Politics Past to Politics Future: An Integrated Analysis of Current and Emergent Paradigms. Greenwood Publishing Group. পৃষ্ঠা. 59. ISBN 978-0-275-96151-0. https://books.google.com/books?id=6MkTz6Rq7wUC&pg=PA59। আহৰণ কৰা হৈছে: 31 August 2013. 
  15. "Fishery and Aquaculture Country Profiles: Nauru". Food and Agriculture Organization of the United Nations. http://www.fao.org/fishery/countrysector/FI-CP_NR/en। আহৰণ কৰা হৈছে: 27 May 2010.