সমললৈ যাওক

ছেহলা লাহিজি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছেহলা লাহিজি (জন্ম: ১৯৪২; ফাৰ্চী: شهلا لاهیجی; ইংৰাজী: Shahla Lahiji) এগৰাকী ইৰানী লেখিকা, প্ৰকাশিকা আৰু নাৰী অধিকাৰ কৰ্মী। তেওঁ নাৰী বিষয়ক এটা প্ৰকাশন প্ৰতিষ্ঠান ৰোচনগৰনৰ সঞ্চালক।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ইৰানটেহৰানত ১৯৪২ চনত ছেহলাৰ জন্ম হয়। তেওঁ লণ্ডন মুক্ত বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰি লয়।[2] ১৯৮৩ চনত তেওঁ ৰোচনগৰন নামেৰে এটা প্ৰকাশন প্ৰতিষ্ঠান স্থাপন কৰে। তেৱেঁ ইৰানৰ প্ৰথম মহিলা প্ৰকাশক। ২০০৬ চন পৰ্যন্ত তেওঁ ২০০খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ কৰিছে; যিবোৰ হয় মহিলাৰ দ্বাৰা লিখিত নতুবা মহিলাৰ সমস্যাবোৰৰ সৈতে সম্পৰ্কিত আৰু সেই সংক্ৰান্তৰ আলোচনা।[3] এই প্ৰকাশন প্ৰতিষ্ঠানটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰপেন আন্তৰ্জাতিক বঁটা আৰু ২০০১ চনত যুক্তৰাজ্যপান্দোৰা বঁটা লাভ কৰিছে।[4]

প্ৰাৰম্ভিক জীৱন সম্পৰ্কে কবলৈ কৈ ছেহলাই এটা সাক্ষাৎকাৰত জনাইছিল যে তেওঁ ইৰানৰ নাৰী অধিকাৰ আৰু কৰ্মক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণৰ এক জীৱন্ত ইতিহাসৰ অংশ। কাৰণ তেওঁৰ মাক আছিল ইৰানৰ পঞ্চমগৰাকী মহিলা, যিয়ে চৰকাৰী চাকৰিত ভৰ্তি হৈছিল। যেতিয়া ছেহলাৰ জন্ম হৈছিল, তেতিয়া তেওঁৰ মাকৰ এটা ব্যৱসায় আছিল। তেতিয়াই ছেহলাই খুব ওচৰৰ পৰা দেখিছিল যে এগৰাকী মহিলাই গৃহস্থালিৰ কাম-কাজ কৰি একে সময়তে জীৱিকাৰ বাবে ঘৰৰ বাহিৰৰ কাম সম্পন্ন কৰা কিমান কঠিন আছিল।[5]

বিতৰ্ক আৰু আইনী প্ৰক্ৰিয়া

[সম্পাদনা কৰক]

২০০০ চনৰ ৭-৯ এপ্ৰিলত বাৰ্লিনত হেনৰিখ বুল ফাউণ্ডেচনে পৃষ্ঠপোষকতা কৰা এক বৌদ্ধিক আৰু সাংস্কৃতিক সন্মিলনত অংশগ্ৰহণ কৰা ১৯ জন লেখক আৰু বুদ্ধিজীৱীৰ ভিতৰত তেওঁ এগৰাকী আছিল, য'ত ইৰানৰ ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ ওপৰত ৰাজহুৱাভাৱে বিতৰ্ক হৈছিল। ইৰানলৈ ঘুৰি অহাৰ পিছত নাৰীসকলৰ প্ৰতি ইছলামিক ষ্টেটৰ নীতিৰ বিৰুদ্ধে কথা কোৱাৰ অপৰাধত আন ১৮জন বুদ্ধিজীৱিৰ সৈতে ছেহলাকো আদালতলৈ লৈ যোৱা হয় আৰু বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। জাতীয় নিৰাপত্তা বিপন্ন কৰা আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে অপপ্ৰচাৰ বিয়পোৱাৰ অভিযোগত তেওঁক দোষী সাব্যস্ত কৰা হয় আৰু তিনি বছৰ ছয় মাহৰ কাৰাদণ্ড বিহা হয়। ২০০০ চনৰ জুন মাহত লাহিজিয়ে ছয়লাখ ডলাৰ দিয়াৰ পিছত জামিনত মুক্তি পায়। ২০০১ চনত তেওঁ পেন/বাৰবাৰা গোল্ডস্মিথ ফ্ৰিডম টু ৰাইটাৰ্ছ বঁটা লাভ কৰে। ২০০২ৰ জানুৱাৰীত বিচাৰৰ পিছত তেওঁৰ কাৰাদণ্ডৰ মিয়াদ কমাই ছমাহ কৰা হয় আৰু যি ইতিমধ্যে তেওঁ ভোগ কৰিছিলেই। মুক্তি পোৱাৰ পিছতো তেওঁ পূৰ্বৰ দৰে কাম-কাজ চলাই গৈছে আৰু টেহৰানত বসবাস কৰি আছে।[6]

  • দ্য কোৱেষ্ট ফৰ আইডেন্টিটি: দ্য ইমেজ অৱ ইৰানী ৱমেন ইন প্ৰিহিষ্ট্ৰি এণ্ড হিষ্ট্ৰি, সহ-লেখক মেহৰাংগিজ কাৰ, ১৯৯২
  • ইৰান জাগৰণ: এগৰাকী মহিলাৰ জীৱন আৰু দেশ পুনৰুদ্ধাৰৰ যাত্ৰা, সহ-লেখক আজাদেহ মোৱাভেনি, ২০০৭
  • ২০০১ পেন/বাৰবাৰা গোল্ডস্মিথ ফ্ৰিডম টু ৰাইট বঁটা
  • ২০০৬ আইপিএ পাব্লিচাৰ্ছ ইণ্ডিপেণ্ডেঞ্চ বঁটা

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Iranian feminist dissident hopes protests will succeed and stay peaceful" (en-GB ভাষাত). Deutsche Welle (DW). 15 June 2009. https://www.dw.com/en/iranian-feminist-dissident-hopes-protests-will-succeed-and-stay-peaceful/a-4329342 আহৰণ কৰা হৈছে: 2021-04-26.
  2. "Women's Literary & Artistic Creativity in Contemporary Iran. Speakers.". The University of Toronto. http://iran.sa.utoronto.ca/events/women/speakers.htm আহৰণ কৰা হৈছে: 11 September 2019.
  3. Loubna H. Skalli (Spring 2006). "Communicating Gender in the Public Sphere: Women and Information Technologies in the MENA Region". Journal of Middle East Women's Studies খণ্ড 2 (2): 35–59. doi:10.1353/jmw.2006.0023. Archived from the original on 11 October 2014. https://web.archive.org/web/20141011172923/http://weldd.org/sites/default/files/2.2skalli.pdf আহৰণ কৰা হৈছে: 7 October 2014.
  4. Wendy Kristianasen (2 April 2004). "Islam’s women fight for their rights". Le Monde diplomatique. http://mondediplo.com/2004/04/02islamicwomen আহৰণ কৰা হৈছে: 8 October 2014.
  5. https://mronline.org/2008/02/18/interview-with-shahla-lahiji-on-womens-presence-in-the-labor-market-no-vocation-must-be-prohibited-for-women/
  6. "Mehrangiz Kar". http://www.idhbb.org/. January 2001. http://www.idhbb.org/uk-page5.1.ira.htm আহৰণ কৰা হৈছে: 3 September 2021.