সমললৈ যাওক

জগদীশ মাহতো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগদীশ মাহতো

মাষ্টৰ চাহেব
পলিটবুৰ’ সদস্য
কাৰ্যকাল
১৯৭০ – ১৯৭২
ব্যক্তিগত তথ্য
জন্ম একৱাৰী, ভোজপুৰ জিলা, বিহাৰ
মৃত্যু ১৯৭২
মৃত্যুৰ কাৰণ হত্যা
ৰাজনৈতিক দল ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)
পেচা শিক্ষক

জগদীশ মাহতো (ইংৰাজী: Jagdish Mahto) এজন নক্সাল নেতা আছিল। ১৯৭০ চনত তেওঁ বিহাৰৰ ভূস্বামীৰ প্ৰাধান্য থকা ভোজপুৰ অঞ্চলত বিদ্ৰোহৰ নেতৃত্ব দিছিল। চৰকাৰৰ বিৰুদ্ধে নক্সালবাদী বিদ্ৰোহৰ নেতৃত্ব দিয়া সংগঠন ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী)ৰ তেওঁ সদস্য আছিল। তেওঁ নিম্নবৰ্ণৰ লোকৰ হকে উচ্চবৰ্ণৰ ভূস্বামীসকলৰ বিৰুদ্ধেও যুঁজিছিল।[1][2] মাষ্টৰ চাহেব নামেৰে জনাজাত মাহতোই চিপিআই(এম–এল)ৰ বিহাৰ ৰাজ্যিক সমিতিৰ সদস্য আৰু ভোজপুৰত দলটোৰ অন্যতম প্ৰতিষ্ঠাপক নেতা আছিল।[3]

জগদীশ মাহতোৰ জন্ম হৈছিল বিহাৰৰ একৱাৰীত। তেওঁ আছিল কৈৰী সম্প্ৰদায়ৰ লোক। মাহতোৱে দলিতসকলৰ অধিকাৰৰ প্ৰতি সমৰ্থন জনাই হৰিজনীস্তান নামৰ এখন কাকত প্ৰকাশ[4][5] বিহাৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰী ভগৱান সিং কুশৱাহা মাহতোৰ জোঁৱায়েক।[6]

নক্সালবাদী আন্দোলনত জড়িত হোৱাৰ পূৰ্বে মাহতোৱে বিহাৰৰ আৰাৰ হৰপ্ৰসাদ দাস জৈন কলেজত বিজ্ঞানৰ অধ্যাপনা কৰিছিল।[7] পিছলৈ তেওঁ ৰাজনীতিৰ প্ৰতি আগ্ৰহী হয়। তেওঁ কাৰ্ল মাৰ্ক্সৰ ৰচনা-ৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। পিছলৈ বি আৰ আম্বেদকাৰৰ দৰ্শন পঢ়ি আম্বেদকাৰবাদী হৈ পৰে। মাহটো আছিল দলিতৰ অধিকাৰৰ অটল সমৰ্থক। উচ্চবৰ্ণসকলে বিশেষকৈ দ্বিজসকলে লাভ কৰা বিশেষাধিকাৰো বিৰোধী আছিল। ১৯৬৭ চনত যেতিয়া বংগ আৰু পঞ্জাৱত দলিতসকলৰ উত্থান হয়, তেতিয়া বিহাৰৰ নিপীড়িত শ্ৰেণীৰ মাজত তেনেকুৱা উত্থান দেখা নগ’ল। বিজ্ঞসকলৰ মতে, ইয়াৰ ভূস্বামী আৰু উচ্চবৰ্ণৰ লোকসকলৰ আধিপত্যই নিম্নবৰ্ণৰ লোকসকলক ত্ৰাসিত কৰি ৰাখিছিল। নক্সালবাদৰ প্ৰথম স্ফুলিংগ মুশাৰীত দেখা গৈছিল যদিও অতি সোনকালেই সামন্তবাদী শক্তিয়ে ইয়াক নিৰ্বাপিত কৰি পেলাইছিল।

ৰাজনৈতিক কাৰ্যকলাপ

[সম্পাদনা কৰক]

১৯৬৭ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত মাহতোৱে তেওঁৰ বন্ধু ৰাম নৰেশ ৰামক[8] সমৰ্থন কৰিছিল, যিয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ টিকটত স্থানীয় ভূমিহাৰৰ সমৰ্থিত প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।[9] মাহতোৱে ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে দেখিলে ভূমিহাৰৰ এজন যুৱকে ভোটাৰক ভোটদানত বাধা প্ৰদান কৰি আছে। মাহতোৱে ইয়াৰ বিৰুদ্ধে মাত মতাত অন্য ভূমিহাৰ লোকসকলে তেওঁক বেয়াকৈ প্ৰহাৰ কৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু কেইবামাহো তাতেই থাকিবলগীয়া হয়।হাস্পাতালৰ পৰা ওলোৱাৰ পাছত তেওঁ উগ্ৰ চিন্তাধাৰাৰ প্ৰতি আসক্ত হৈ পৰে। এই সময়ছোৱাত তেওঁ বংগত "কমিউনিষ্ট বিদ্ৰোহ"ৰ নেতৃত্ব দিয়া চাৰু মজুমদাৰক লগ পায়। মজুমদাৰ ভোজপুৰত ভূস্বামীসকলৰ বিৰুদ্ধে ভাষণ দিবলৈ গৈছিল।[4]

মাহাতোৱে ৰাম নৰেশ ৰাম, ৰামেশ্বৰ অহিৰকে ধৰি আন সমভাৱাপন্ন লোকৰ সৈতে মিত্ৰতা কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) লিবাৰেচনৰ অধীনত নিজৰ সমৰ্থকসকলক একত্ৰিত কৰে। ১৯৭০-ৰ দশকৰ শেষৰ ফালে বহু সংখ্যক ভূস্বামীক হত্যা কৰা হয়। এই আন্দোলনৰ ফলত কিছুমান অৰ্থনৈতিক সংস্কাৰ যেনে, বিনা পাৰিশ্ৰমিকত ভূস্বামীসকলৰ দ্বাৰা দলিতসকলক শ্ৰমদানৰ বাবে বাধ্য কৰোঁৱা প্ৰথা নিৰ্মূলকৰণ আদি সম্ভৱ হয়। এই আন্দোলনৰ পূৰ্বে দলিত মহিলাৰ সৈতে অবাঞ্চিত যৌন সংস্পৰ্শত লিপ্ত হোৱা ভূস্বামীসকলৰ বাবে কাৰ্যতঃ কোনো শাস্তিৰ ব্যৱস্থা নাছিল। দলিতসকল বেছিভাগেই আছিল ভূমিহীন শ্ৰমিক, যিয়ে নিজৰ সন্মান ৰক্ষাৰ বাবে জগদীশ মাহতোৰ অধীনত সংগ্ৰাম কৰিছিল।[4]

মুছাহাৰ গোষ্ঠীৰ এটা দলে ডকাইত বুলি ভুল কৰি কৰা প্ৰহাৰত মাহতোৰ মৃত্যু হয়।[8] মৃত্যুৰ আগতে মাহতোৱে তেওঁৰ এজন সতীৰ্থক কৈছিল যে তেওঁৰ মৃত্যু হ'লেও ভৱিষ্যতে উচ্চবৰ্ণৰ ভূস্বামীসকলে দলিত মহিলাক স্পৰ্শ কৰিবলৈ সাহস নকৰিব।[4]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

জগদীশ মাহতো একৱাৰীৰ মানুহৰ মাজত এক উল্লেখযোগ্য ব্যক্তিত্বত পৰিণত হৈছিল। দুখীয়া আৰু নিপীড়িত লোকৰ হৈ ভূস্বামীকলৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ স্মৃতিত কেইবাখনো গ্ৰন্থ ৰচনা কৰা হয়। মাহতোক লৈ লিখা কিছুমান জীৱনীমূলক গ্ৰন্থ হ'ল- ভোজপুৰ মে নক্সালবাদী আন্দোলন (কল্যাণ মুখাৰ্জী আৰু ৰাজেন্দ্ৰ যাদৱ), মাষ্টৰ চাব (মহাশ্বেতা দেৱী), ৰক্তিম তাৰা (সুৰেশ কন্তক), আৰু অৰ্জুন জিন্দা হ্যায় (মধুকৰ সিং)।[10]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Srivastava, Arun (2015). Maoism in India. Prabhat Prakashan. পৃষ্ঠা. 181. ISBN 978-9351865131. https://books.google.com/books?id=OHttCwAAQBAJ&q=jagdish+mahto+master+saheb&pg=PA181। আহৰণ কৰা হৈছে: 2020-07-26. 
  2. Bernard D'Mello (2018). India after Naxalbari: Unfinished History. NYU Press. ISBN 978-1583677087. https://books.google.com/books?id=8K07DwAAQBAJ&pg=PT36। আহৰণ কৰা হৈছে: 16 July 2022. 
  3. "ML to honour kin of 'martyrs'". 15 November 2002. https://timesofindia.indiatimes.com/city/patna/ml-to-honour-kin-of-martyrs/articleshow/28306629.cms। আহৰণ কৰা হৈছে: 21 July 2022. 
  4. 4.0 4.1 4.2 4.3 Omvedt, Gail (1993). Reinventing Revolution: New Social Movements and the Socialist Tradition in India. M.E. Sharpe. পৃষ্ঠা. 58–60. ISBN 0765631768. https://books.google.com/books?id=Wlxb0uacnRcC। আহৰণ কৰা হৈছে: 2020-06-16.  The Naxalite challenge developed in the central districts where some agricultural development was producing an objective base to challenge the bonds of ex ploitation they called "semifeudalism." Its first mass leader was Jagdish Mahto, a koeri teacher who had read Ambedkar before he discovered Marx and started a paper in the town of Arrah called "Harijanistan" (dalit land), even leading a march of dalits on this demand. This was similar to innumerable assertions throughout India at the time, but Bihar contradictions drove Mahto in a more violent direction. Beaten up after supporting the CPI in the 1967 elections, he turned to Naxalism and began to organize murders of landlords and their gang ster henchmen in the area around his native village. The issues on which dalits were stirring were not only those of their abominably low wages, but also izzat, social honor, and especially honor defined in terms of the unrestricted and arro gant access of the upper castes to dalit women. In 1971, before he was killed, Mahto told a fellow teacher, "Brother, I know that I am going to die one of these days. But I will die partly satisfied. For one change that our movement has brought about is that landlords now do not dare to touch the women of the poor."
  5. Judith Pettigrew, Alpa Shah (2017). Windows into a Revolution:Ethnographies of Maoism in India and Nepal. Routledge. ISBN 978-1351381819. https://books.google.com/books?id=jp4xDwAAQBAJ&pg=PT115। আহৰণ কৰা হৈছে: 2020-06-26. "Jagdish Mahto, for instance, a teacher in his village, was hated by the local upper-caste Bhumihar landlords because he refused to get up from his cot in his courtyard when they passed his house." 
  6. "Sitting Ara MP finds the going tough". 13 April 2014. https://timesofindia.indiatimes.com/news/Sitting-Ara-MP-finds-the-going-tough/articleshow/33676808.cms?from=mdr. 
  7. Singh, Santosh (2015). "ch13.A bit of muscles". Ruled or Misruled: Story and Destiny of Bihar. Bloomsbury Publishing. ISBN 978-9385436420. https://books.google.com/books?id=SVu8CgAAQBAJ&q=jagdish+mahto+ruled+or+misruled&pg=PT144। আহৰণ কৰা হৈছে: 2020-06-16. 
  8. 8.0 8.1 Mukul, Akshay (31 March 2004). "Barricade to ballot". The Times of India. https://m.timesofindia.com/india/Barricade-to-ballot/articleshow/591808.cms. 
  9. Charvaka (1978). "No Check on Managements". Economic and Political Weekly খণ্ড 13 (1): 8–10. 
  10. Sahar, Santosh. "Revolutionary lives". Communist Party of India(Marxist-Leninist)liberation. https://www.cpiml.net/liberation/2019/01/revolutionary-lives। আহৰণ কৰা হৈছে: 2020-07-30. 

অধিক পঠন

[সম্পাদনা কৰক]