জণ্ডিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জণ্ডিচৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


পাণ্ডু ৰোগ
কুহুম সাৰ
জণ্ডিচ
Jaundice

Jaundice of the skin caused by "hepatic failure".
ICD-10 R17
ICD-9 782.4
DiseasesDB 7038
MedlinePlus 003243
MeSH D007565


জণ্ডিচ (ইংৰাজীJaundice; বা ইক্‌টেৰাছ (icterus))[1] বুলিলে শৰীৰৰ ছাল আৰু চকুৰ বগা অংশত হালধীয়া ৰঙ দেখা দিয়া এবিধ ৰোগৰ লক্ষণক বুজায়। জণ্ডিচৰ হালধীয়া ৰঙ দেহৰ মিউকাছ মেমব্ৰেন-ত বেছিকৈ দেখা যায়। চকুৰ বগা অংশৰ বাহিৰে মুখ-গহ্বৰ আদিত এই হালধীয়া ৰঙ সহজে ধৰিব পাৰি। এই লক্ষণত প্ৰসাৱৰ ৰঙো হালধীয়া হয়। জণ্ডিছ বিভিন্ন ৰোগৰ বাবে হ'ব পাৰে। সাধাৰণতে যকৃত (liver), পিত্তথলী (gall bladder) বা অগ্ন্যাশয় (Pancreas)-ৰ অসুখ হলে জণ্ডিচে দেখা দিয়ে। কেতিয়াবা ৰক্তজনিত ৰোগৰ বাবেও জণ্ডিচ হ'ব পাৰে।

জণ্ডিচৰ উৎপত্তিৰ কাৰণ হ'ল তেজপ্লাজমা অংশত 'বিলিৰুবিন' (bilirubin)-ৰ মাত্ৰা বাঢ়ি যোৱা। মানৱ শৰীৰত বিলিৰুবিনৰ সাধাৰণ উচ্চ মাপ ১ mg/dl (>১৭ মাইক্ৰ'মল/লিটাৰ)। দৃশীভূত জণ্ডিচ হ'বলৈ এই মাত্ৰা ১.৮ mg/dl (৩০ মাইক্ৰ'মল/লিটাৰ)-তকৈ বেছি হ'ব লাগে। লোহিত ৰক্ত কণিকা মৃত্যু হোৱাৰ পাছত ইয়াত থকা হিম'গ্ল'বিন ভাঙি তাৰেপৰা বিলিৰুবিন সৃষ্টি হয়।

জণ্ডিচ শব্দটোৰ উৎপত্তি হৈছে ফৰাচী "জৌনে" (Jaune) শব্দৰ পৰা - যাৰ অৰ্থ হ'ল হালধীয়া।[2] অসমীয়া ভাষাত ইয়াক পাণ্ডু ৰোগ, কুহুম সাৰ নাইবা জণ্ডিচ বুলি জনা যায়।[3]

চকু আৰু মিউকাছ মেমব্ৰেন-ত হালধীয়া ৰঙ নোহোৱাকৈ অকল ছালত (হাত আৰু ভৰিৰ তলুৱাত সহজে দৃশ্যমান হয়) হালধীয়া ৰঙ দিখা দিলে সেইটো জণ্ডিছ নহয়, তাক কেৰ'টি'নিমিয়া (Carotenemia) বোলে। কেৰ'টিনিমিয়া এবিধ অক্ষতিকৰ অৱস্থা, কোনো ৰোগ নহয়। সাধাৰণতে শিশুসকলৰ লগত ইয়াক পোৱা যায়।[4]

কাৰণ আৰু লক্ষণসমূহ[সম্পাদনা কৰক]

মেলেৰিয়া, টাইফয়েড, যক্ষ্মা, নিউম'নিয়া, খহু বা অইন যি কোনো বেমাৰৰ এটা লক্ষণ জ্বৰ হ’ব পাৰে। জণ্ডিচ লিভাৰৰ ভাইৰেল হেপাটাইটিচ (তাৰো আকৌ এ,বি,চি আৰু বেলেগ কেইবাবিধো আছে), এলকহলিক লিভাৰৰ অসুখ, চিৰচিচ, লিভাৰৰ টিউমাৰ আদি হ’লে দেখা দিব পাৰে। পেনক্ৰিয়াচৰ অসুখ পেনক্ৰিয়াটাইটিচ নাইবা পেনক্ৰিয়াচত টিউমাৰ হলে জণ্ডিচ এটা লক্ষণ হব পাৰে। পিত্তথলীৰ বিভিন্ন অসুখ যেনে পিত্তত পাথৰ বা টিউমাৰ হলে জণ্ডিচ হব পাৰে। গতিকে জণ্ডিচৰ কাৰণ জানিবলৈ আৰু ৰোগৰ গভীৰতা বুজিবলৈ ন্যূনতম কৰিবলগীয়া পৰীক্ষা সমূহ হ'ল- প্ৰসাবৰ পৰীক্ষা, তেজৰ তেজৰ ৰুটিন পৰীক্ষা ( TC,DLC,ESR, Hemoglobin), বিলিৰুবিন, SGOT, SGPT, Alkaline phosphatase, serum Electrolytes, এমাইলেজ, লাইপেজ , Card test for Hepatitis –B, Hepatitis –C; বুকুৰ এক্সৰে আৰু পেটৰ আলট্ৰচাউণ্ড কৰোৱাটো অতি লাগতিয়াল। এই পৰীক্ষা সমূহৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা হয় আৰু ৰোগৰ গভীৰতা ঠাৱৰ কৰা হয়। সচৰাচৰ কৰা এই পৰীক্ষাখিনিৰ বাহিৰেও পিত্তনলীৰ আৰু পেনক্ৰিয়াচৰ ৰোগৰ সবিশেষ জানিবলৈ চিটি স্কেন, এম আৰ আই স্কেন আৰু এণ্ডোস্কোপিক ৰেট্ৰগ্ৰেড ক'লেঞ্জিঅ' পেনক্ৰিয়াটগ্ৰাফি (ERCP ) আদি উন্নত পৰীক্ষাৰ সহায় লবলগীয়া হয়। লিভাৰৰ কেঞ্চাৰ সন্দেহ হলে লিভাৰৰ বায়প্সি কৰিলগীয়া হব পাৰে। এজন জণ্ডিচত ভোগা ৰোগীৰ লক্ষণসমূহ খোৱাৰ আভোক বা অৰুচি এনে এটা পৰ্য্যায় পাবগৈ পাৰে যে এজন ধূম্ৰপায়ী ব্যক্তিৰ চিগাৰেটৰ প্ৰতিও অনীহা ওপজে। তেজত বিলিৰুবিন বঢ়াত বহুতো ৰোগীৰ শৰীৰত খজুৱতিৰ অনুভৱ হয়। জণ্ডিচত ভোগা ৰোগীৰ চিকিৎসাত খাদ্যৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেল,ঘিঁউ,মাখন,গাখীৰ,পনীৰ,মাংস,কণী সম্পূৰ্ণ বৰ্জিত কৰা ভাল। গ্লুক'জ, মিচিৰি, ফল-মূল, শাক পাচলি, কুহিয়াৰৰ ৰস, ডাবৰ পানী আদি হ'ল উপকাৰী খাদ্য। গ্লুকোজৰ ড্ৰিপ আৰু কিছু লাগতিয়াল ঔষধ চিকিৎসকে ৰোগীৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰে।

কেৰোটিনেমিয়া ( Catotenemia) নামৰ এক অৱস্থাত গোটা খাদ্য খাবলৈ আৰম্ভ কৰা কিছুমান শিশুৰ এনে অৱস্থা দেখা দিব পাৰে। তেওঁবিলাকৰ ছালৰ বৰণ হালধীয়া হৈ পৰে, বিশেষকৈ হাতৰ আৰু ভৰিৰ তলুৱাৰ। কিন্তু চকুৰ পতা আৰু মুখৰ ভিতৰৰ ছাল (Mucus membrane ) কেতিয়াও হালধীয়া নহয়। ই এক বিপদজনক অৱস্থা নহয়। অধিক বিটা-কেৰটিনযুক্ত খাদ্য খাদ্য খুউৱাৰ ফলত কেৰোটিনেমিয়া হয়। গাজৰ,ৰঙালাউ, মিঠা আলু, ব্ৰুকলি আৰু বিভিন্ন সেউজীয়া শাক-পাচলিত বিটা-কেৰটিন থাকে। বিটা-কেৰটিন হ'ল ভিটামিন-এৰ উৎস আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধৰ বাবে এক অতি লাগতিয়াল তত্ত্ব। কিন্তু অনিয়ন্ত্ৰিত ব্যৱহাৰো যে শৰীৰৰ উপযোগী নহয় ইয়েই প্ৰমাণ কৰে।

A 4-year-old boy with icteric (jaundiced) sclera which later proved to be a manifestation of "hemolytic anemia" due to "G6PD deficiency" following "fava bean" consumption.

মানুহৰ তেজৰ ৰক্ত কণিকাৰ(Red Blood Cell) উৎপত্তি হাড়ৰ মজ্জাত (Bone Marrow) হয়। আমাৰ শৰীৰৰ বৃক্কই (Kidney) এৰিথ্ৰপয়েটিন (Erythropoetin) নামৰ হৰমনৰ যোগান ধৰি হাড়ৰ মজ্জাক ৰক্ত কণিকা সৃষ্টিত অৰিহনা যোগায়। ৰক্ত কণিকাৰ আয়ুস ১২০ দিন। ৰক্ত কণিকাই শৰীৰৰ বিভিন্ন কোষক অক্সিজেনৰ যোগান ধৰে। ৰক্ত কণিকা লিভাৰ আৰু প্লীহাত (Spleen) ভাঙিলে তাৰ 'হীম' বা লৌহ অংশৰ পৰা পৰা 'বিলিৰুবিন' (Bilirubin) নামৰ হালধীয়া পদাৰ্থ বিধ বাহিৰ হয়। বিলিৰুবিন লিভাৰৰ পৰা নিৰ্গত হোৱা বাইল(Bile) ৰসৰ লগত ওলাই গৈ আমাৰ পাক-প্ৰণালীত পৰি শৌচৰ যোগেদি বাহিৰ হয়। বাইল ৰসে আমাৰ খাদ্যক হজম হোৱাত সহায় কৰে। লিভাৰৰ পৰা বিলিৰুবিন ওলোৱা বাধা প্ৰাপ্ত হলে শৰীৰৰ কোষত বিলিৰুবিন জমা হয়। তেজত সাধৰণতে ০.২ ৰ পৰা ০.৮ মিলিগ্ৰাম % বিলিৰুবিন থাকে। তেজত ১.৫ মিলিগ্ৰাম %ৰ ওপৰৰ পৰিমাণৰ বিলিৰুবিন হলে জণ্ডিচে দেখা দিয়ে। জণ্ডিচৰ উৎপত্তিৰ বিভিন্ন কাৰণ সমূহক সাধাৰণতে এনেকুৱা- ১) ৰক্ত কণিকাৰ অতি মাত্ৰা ভংগুৰণ (Breakdown) হলে যেনে মেলেৰিয়া , কেঞ্চাৰ, ঔষধৰ বিষক্ৰিয়াৰ ফলত। ২) লিভাৰ ভাইৰাচ ৰোগত আক্ৰান্ত হলে। ৩) পিত্তত পাথৰ বা কেঞ্চাৰ হলে। পিত্তনলীত পেলু জাতীয় পৰাশ্ৰয়ী জীৱই প্ৰৱেশ কৰি বাইলৰ প্ৰবাহ বন্ধ কৰিলে, কোনো ৰোগৰ ফলত পিত্তনলী শুকাই সংকুচিত (Stricture) হলে। ৪) পেনক্ৰিয়াচৰ অসুখ বা টিউমাৰ হলে। এইবিলাকৰ উপৰিও কেতিয়াবা গৰ্ভৱস্থাত মহিলা গৰাকীৰ জণ্ডিচে দেখা দিব পাৰে। তেতিয়া চিকিৎসক কাষ চপাটো অত্যন্ত আৱশ্যকীয়, কিয়নো ই সদায় সাধাৰণ নহৈ কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে। আনহাতে নৱজাতকৰ জণ্ডিচ সাধাৰণতে দুসপ্তাহৰ ভিতৰত নাইকিয়া হব লাগে। নৱজাতকৰ জণ্ডিচত কেতিয়াবা ফটো-থেৰাপি দিবলগীয়া হয়। এটা কথা মনত ৰাখিবলগীয়া - মাতৃ আৰু সন্তানৰ তেজৰ আৰ এইচ ফেক্টৰৰ অমিল হলে নৱজাতকৰ গুৰতৰ জণ্ডিচ হয়। কিছুমান বংশগত বা জন্মগত এনিমিয়া ৰোগতো জণ্ডিচে দেখা দিয়ে। এইবিলাকৰ ভিতৰত থেলাচেমিয়া, চিকল চেলএনিমিয়া , জি৬পিডিৰ অভাৱ আদি হ'ল প্ৰমুখ। জণ্ডিচৰ লগত যুক্তহৈ পৰিব পৰা জটিলতাবিলাকৰ হ'ল : হেপাটিক এনকেফাল'পেথি - অৰ্থাত অতিমাত্ৰা বিলিৰুবিনৰ ফলত মস্তিষ্ক বিকল হোৱা; হেপাট'- ৰেনেল চিনড্ৰম -অতিমাত্ৰা বিলিৰুবিনৰ ফলত কিডনি বিকল হোৱা; এচাইটিচ - অৰ্থাত উদৰত পানী জমা হোৱা; হেমাটমেচিচ আৰু মেলিনা - তেজ বমি আৰু কলা পাইখানা হোৱা।

জণ্ডিচৰ চিকিৎসা[সম্পাদনা কৰক]

জণ্ডিচৰ চিকিৎসা বুলিলে পোনতেই লাগতিয়াল কথাটো হ'ল - জণ্ডিচৰ কাৰণটো অনুসন্ধান কৰি ওলিওৱা আৰু তাৰ নিৰাময়ৰ ব্যৱস্থা কৰা। লগতে যদি ৰোগৰ কিবা জটিলতাই দেখা দিছে, তাৰো উপযুক্ত চিকিৎসা দিয়া। তথাপিও প্ৰত্যেকজন জণ্ডিচত ভোগা ৰোগীৰ বাবে নিম্নলিখিত কথাখিনি প্ৰযোজ্য : - ১) বিশ্ৰাম - শৰীৰৰ দুৰ্বলতাক কমোৱাত বিশ্ৰাম হয় সহায়ক। ২) সম্পূৰ্ণৰূপে মদ খোৱা বাৰণ কৰা। ৩) চিকিৎসকৰ অজ্ঞাতে একো ঔষধ সেৱন নকৰা। ৪) শৰীৰৰ আদ্ৰতা ( Hydration) ঠিকে ৰাখিবলৈ ৰোগীয়ে উপযুক্ত পৰিমাণৰ জুলীয়া খাদ্য গ্ৰহণ কৰা। প্ৰয়োজন হলে ড্ৰিপ (Intravenous Fluid) বা চেলাইন লোৱা। ৫) খাদ্য - অধিক কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰা। গ্লুক'জ, মিচিৰি, কুঁহিয়াৰৰ ৰস, ডাবৰ পানী,ফল-মূল হ'ল উপযোগী খাদ্য। সহজে হজম হোৱা পাচলি যেনে অমিতা,লাউ, বিলাহী,গাজৰ,কাচকল,আলু,কবি সিদ্ধ কৰি ৰোগীক খুৱাব লাগে। অসমীয়া বনৌষধি শাক পদীনা,পালেং,পুননৌৱা,মানিমুনি,তেঙেচি,খুতৰা,মাটিকান্দুৰি,নৰসিংহ,ভেদাইলতা,কলমৌ আদি জণ্ডিচৰ পৰম উপকাৰী পথ্য। পকা কৰ্দৈৰ ৰসো ভাল। চিকিৎসকে পেটত বেচি অম্ল বা এচিডিটি নহবৰ বাবেহে অধিক কৰ্দৈ খুৱাবলৈ হাক দিয়ে। ফল-মূলৰ ভিতৰত ৰসাল ফলসমূহ যেনে আঙুৰ,মৌচম্বী,কমলা,আনাৰচ,তৰমুজ,ডালিম,আপেল,কল,নাচপতি আদি সকলোৱেই উপকাৰী।

মাংস,কণী,তেল থকা মাছ, গাখীৰ,ঘিঁউ,মাখন,পনীৰ খোৱাটো অপকাৰী। এতিয়া চমুকৈ ৰোগৰ কাৰণ অনুসৰি চিকিৎসাৰ বিষয়ে দুআষাৰ : - যেনে মেলেৰিয়া হলে সেই ৰোগৰ উপযুক্ত ঔষধ প্ৰয়োগ কৰা। পিত্তত পাথৰ হলে অপাৰেচনৰ দ্বাৰা তাৰ নিৰাময় কৰা। পেনক্ৰিয়াটাইটিচ হলে এণ্টিবায়টিক আৰু অন্য উপযুক্ত দৰবেৰে তাৰ চিকিৎসা কৰা। ভাইৰেল হেপাটাইটিচ- এ হলে ভিটামিন,লিভাৰৰ সহায়কাৰী ঔষধ আৰু গ্লুক'জ ড্ৰিপৰে চিকিৎসা কৰা। সময়ত বমি বা ওকালি বন্ধ কৰা ঔষধ দিবলগীয়া হয়। কাচিৎত ৰোগ গুৰুতৰ হলে চিকিৎসকে কেতিয়াবা ষ্টেৰইডো প্ৰয়োগ কৰিব লগীয়া হয়। ভাইৰেল হেপাটাইটিচ- বি বা ভাইৰেল হেপাটাইটিচ-চি ৰোগ হলে উপযুক্ত এণ্টিভাইৰেল দৰব প্ৰয়োগ কৰিবলগীয়া হয়। নবজাতকৰ গুৰুতৰ জণ্ডিচ হলে ফটোথেৰাপি দিবলগীয়া হয়, অন্যথাই মস্তিষ্কৰ বিকৃতি ঘটাৰ সম্ভাৱনা থাকে। চিৰচিচ হলে পেটৰ পৰা পানী ওলিয়াবলগীয়া হব পাৰে। মেলিনা (কলা পাইখানা) বা তেজ বমি হলে ৰোগীক ৰক্ত দিয়াৰ প্ৰয়োজন (Blood Transfusion) হব পাৰে।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.medterms.com/script/main/art.asp?articlekey=3890
  2. http://dictionary.reverso.net/french-english/jaune আহৰণ কৰা তাৰিখঃ০৭-০৩-২০১২
  3. http://xobdo.net/dic/index.php
  4. http://emedicine.medscape.com/article/1104368-overview আহৰণ কৰা তাৰিখঃ ০৭-০৩-২০১২]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]