জয় পাণ্ডা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জয় পাণ্ডা
সদস্য, পঞ্চদশ লোকসভা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০৯
পূৰ্বসূৰী অৰ্চনা নায়ক
সমষ্টি কেন্দ্ৰপাৰা
সদস্য: ৰাজ্যসভা
কাৰ্যকাল
৪ এপ্ৰিল ২০০০ – ২০০৯
ব্যক্তিগত তথ্য
জন্ম
Baijayant Panda

১২ জানুৱাৰী ১৯৬৪
কটক, ওড়িশা
ৰাজনৈতিক দল বিজু জনতা দল
দাম্পত্যসঙ্গী Jagi Mangat Panda
বাসস্থান ভুবনেশ্বৰ
শিক্ষানুষ্ঠান Michigan Technological University
জীৱিকা Industrialist, politician
স্বাক্ষৰ
ৱেবছাইট Official Website

বৈজায়ান্ত্ "জয়" পাণ্ডা (ইংৰাজী: Baijayant "Jay" Panda) এজন ভাৰতীয় ৰাজনীতিক। বৰ্তমান ভাৰতৰ নিম্ন সদন লোকসভাৰ সদস্য। তেওঁ বিজু জনতা দলৰ সদস্য ৰূপে কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈছে। তেওঁ ২০০০ৰ পৰা ২০০৯ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৬৪ চনৰ ১২ জানুৱাৰীৰ দিনা কটকত জয় পাণ্ডাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বংশীধৰ পাণ্ডা আৰু মাতৃ ইলা পাণ্ডা। তেওঁ মিচিগান টেকনোল'জিকেল বিশ্ববিদ্যালয়ত (Michigan Technological University) অধ্যয়ন কৰিছিল। অভিযান্ত্ৰিক আৰু মেনেজমেণ্টৰ জ্ঞানেৰে পুষ্ট পাণ্ডাই ৰাজনীতিত পদাৰ্পন কৰাৰ আগতে কৰ্প'ৰেট খণ্ডত কাম কৰিছিল। তেওঁ বিজু জনতা দল গঠনকৰোঁতা বিজু পাটনায়কক আৰু পিছলৈ নবীন পাটনায়কক সহযোগিতা আগবঢ়াইছিল।[1]

পাণ্ডাই ১৯৯৪ চনত জাগী মঙ্গত পাণ্ডাক বিয়া কৰায়।[2] তেওঁৰ পত্নী জাগী মঙ্গত পাণ্ডা Archived 2019-03-28 at the Wayback Machine এগৰাকী উদ্যোগপতি আৰু বৰ্তমান অৰটেল কমুনিকেচন লিমিটেডৰ পৰিচালন সঞ্চালক।[3][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]