সমললৈ যাওক

জামাই ষষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জামাইষষ্ঠী
অন্য নাম অৰণ্য ষষ্ঠী
পালন কৰে বাঙালি
প্ৰকাৰ সংস্কৃতিক
মহত্ব পাৰিবাৰিক পুনৰ্মিলন
তাৰিখ ২৫শে মে ২০২৩ ইং
(১০ জেঠ ১৪৩০ বংগাব্দ)
আচাৰ ভাৰত আৰু বাংলাদেশ
অৱধি ১ দিন
সংঘটন বাৰ্ষিক

জামাই ষষ্ঠী (ইংৰাজী: Jamai Sasthi) হিন্দু বঙালীসকলৰ পৰম্পৰাগত সাংস্কৃতিক লৌকিক আচাৰ। জেঠ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই আচাৰ পালন কৰা হয়।[1] এই দিনটোত বিবাহিত জীয়ৰী আৰু জোৱায়েকক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়।[2] এনেকৈয়ে জোৱায়েকক সন্তুষ্ট কৰি ৰখাৰ চেষ্টাত ষষ্ঠীপূজাৰ লৌকিক প্ৰথাই হৈ উঠে বঙালীসকলৰ জেঠ মাহৰ উৎসৱ।[3]

ভাৰতবৰ্ষ তথা দক্ষিণ এছিয়াৰ বিভিন্ন দেশত এসময়ত এনে সংস্কাৰ আছিল যে যিমান দিন বিবাহিত কন্যা পুত্ৰৱতী নহয়, সিমান দিন তেওঁ মাক-দেউতাকৰ ঘৰলৈ নাহে। এনে ৰীতিৰ এটা সমস্যা এয়ে আছিল যে সন্তান ধাৰণ কৰিব নোৱাৰিলে বা জন্মতে সন্তানৰ মৃত্যু হ’লে মাক-দেউতাকে বিবাহিত জীয়েক নিজৰ ঘৰলৈ আহিবলৈ দীৰ্ঘদিন অপেক্ষা কৰিব লাগিছিল। সেয়েহে বিবাহিত কন্যাৰ মুখ দৰ্শন কৰিবলৈ জেঠ মাহৰ শুক্লা ষষ্ঠীৰ দিনটোকে বাচি ল’লে জামাই ষষ্ঠী হিচাপে। সেই দিনটোত জোৱাই আৰু কন্যাক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়। কন্যাৰ মুখ দৰ্শন কৰাৰ লগতে মা ষষ্ঠীৰো পূজা কৰা হয়, যাতে কন্যাই শীঘ্ৰেই পুত্ৰৱতী হয়।[4]

কথিত আছে যে এটা পৰিয়ালত দুজনী ঘৈণী আছিল। দুই ঘৈণীৰ মাজত সৰুজনী লোভী আছিল। তেওঁ সদায় ঘৰত যিখিনি ভাল বস্তু ৰন্ধাবঢ়া হয়, সেইখিনি লুকাই খাই পেলায় আৰু মেকুৰীৰ ওপৰত দোষ জাপে। মেকুৰী হ’ল ষষ্ঠীদেৱীৰ বাহন। নিজৰ বাহন মেকুৰীৰ ওপৰত এনে মিছা বদনাম জাপি দিয়াত ক্ৰুদ্ধ হৈ দেৱীয়ে সৰু ঘৈণীৰ সন্তানৰ প্ৰাণ কাঢ়ি নিয়ে। মনৰ দুখত সৰু ঘৈণী ভাঙি পৰে। পিছত এজনী বুঢ়ীৰ ভেশচন ধৰি দেৱী তেওঁৰ ওচৰলৈ যায়। তেওঁ নিজৰ ভুল বুজিব পাৰি অনুতপ্ত হোৱাত দেৱী ষষ্ঠীয়ে সন্তানটো ওভতাই দিয়ে।[5] পিছে ঘটনাবোৰ জানিব পাৰি শহুৰৰ ঘৰৰ মানুহবোৰে ক্ষুব্ধ হৈ তেওঁৰ মাক-দেউতাকৰ ঘৰলৈ যোৱাত বাধা দিয়ে। ষষ্ঠী পূজাৰ দিনা জীয়ৰীৰ মুখ দৰ্শন কৰিবলৈ আগ্ৰহী মাক-দেউতাকে তেওঁলোকৰ জীয়েক-জোৱায়েকক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ আগবঢ়ায়। তেনেকৈয়ে এই দিনটোৱে জামাই ষষ্ঠী নামে পৰিচিতি লাভ কৰে। ইয়াৰ পুনৰমিলন বা আনন্দৰ দিন হিচাপে উদযাপন কৰা হয়।[6]

তাৎপৰ্য

[সম্পাদনা কৰক]

জামাই ষষ্ঠীৰ দিনা শাহুৱেকে অৰ্থাৎ কন্যাৰ মাকে ষষ্ঠী দেৱীক সন্তুষ্ট কৰাৰ অৰ্থে পূজা কৰে আৰু তেওঁৰ কন্যা আৰু জামাতাৰ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে আশিস বিচাৰে। শাহুৱেকে জোৱায়েকক আমিষ, নিৰামিষ বিধেবিধে ব্যঞ্জন, মিষ্টান্ত আদিৰে ভূড়িভোজন কৰায়। কন্যা আৰু জোৱায়েকক উপহাৰো দিয়া হয়। জামাই ষষ্ঠী এটা পৰিয়ালৰ সকলো একত্ৰিত হোৱাৰ আৰু সকলোৱে একেলগে এসাজ খোৱাৰ দিন হিচাপে উদযাপন কৰা হয়।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "বুধবাৰ জামাই ষষ্ঠী - জানুন নিৰ্ঘণ্ট, পুজোৰ নিয়ম ও কাহিনি". bangla.hindustantimes.com. Archived from the original on 24 December 2022. https://web.archive.org/web/20221224122237/https://bangla.hindustantimes.com/astrology/-31623738843024.html আহৰণ কৰা হৈছে: 18 February 2023.
  2. "Jamai Sasthi 2022: ৰবিবাৰ জামাইষষ্ঠী বা অৰণ্য ষষ্ঠী, ৰইল নিৰ্ঘণ্ট". www.anandabazar.com. https://www.anandabazar.com/horoscope/jamai-sasthi-special-fixture-of-jamaishasthi-dgtl/cid/1348446 আহৰণ কৰা হৈছে: 18 February 2023.
  3. "Jamai Sasthi 2022: বাংলায় জামাইষষ্ঠী কীভাবে শুৰু হল? এত আয়োজনেৰ কাৰণ কী?". bangla.aajtak.in. https://bangla.aajtak.in/dharm-religion/story/jamai-shashthi-2022-know-date-timing-subho-muhurto-tithi-puja-rituals-history-and-significance-behind-bengali-festival-jamai-sasthi-sbm-380745-2022-06-04 আহৰণ কৰা হৈছে: 18 February 2023.
  4. "জামাইদেৰ জন্য জামাই ষষ্ঠী নয়! কাদেৰ মঙ্গল কামনায় পালিত হয় এই দিন? জানেন?". bengali.news18.com. Archived from the original on 24 December 2022. https://web.archive.org/web/20221224122237/https://bengali.news18.com/news/off-beat/jamai-sasthi-2022-know-the-actual-reasons-behind-jamai-sasthi-rituals-sdg-818878.html আহৰণ কৰা হৈছে: 18 February 2023.
  5. "৫ জুন জামাই ষষ্ঠী, জানেন কেন পালিত হয়?". eisamay.com. https://eisamay.com/astrology/dharma-karma/rituals-and-festivals/hindu/know-the-date-and-time-of-jamai-shashthi-2022/articleshow/91910730.cms আহৰণ কৰা হৈছে: 18 February 2023.
  6. "Jamai Sasthi 2022: History, significance and all that you need to know". www.hindustantimes.com. https://www.hindustantimes.com/lifestyle/festivals/jamai-sasthi-2022-history-significance-and-all-that-you-need-to-know-101654252466227.html আহৰণ কৰা হৈছে: 18 February 2023.
  7. "Jamai Shashthi: 'জামাইষষ্ঠী' কি আসলে জামাইদেৰ জন্য অনুষ্ঠান?". calcuttanews.tv. Archived from the original on 18 February 2023. https://web.archive.org/web/20230218120305/https://calcuttanews.tv/specialstory/know-about-the-main-rituals-Jamai-Shashthi আহৰণ কৰা হৈছে: 18 February 2023.