সমললৈ যাওক

জীত থাইল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীত থাইল

বেংগালুৰুৰ গুব্‌জ বুক ৰিপাব্লিকত জীত থাইল
জন্ম ১৯৫৯ (বয়স ৬৪–৬৫)
Mamalassery, কেৰালা, ভাৰত
পেচা লেখক, সাংবাদিক, কবি, মিউজিচিয়ান, গীটাৰিষ্ট
ভাষা ইংৰাজী
মাতৃশিক্ষায়তন চাৰাহ লৰেন্স কলেজ (এমএফএ)
উল্লেখনীয় কৰ্মৰাজি ডিজ এৰ’জ আৰ কৰেক্ট (২০০৮)

নাৰ্ক’পলিচ (২০১২)
কলেক্টেড পয়েমচ্‌ (২০১৫)

নেইমচ্‌ অৱ দ্য ৱুমেন (২০২১)
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা
ডি এছ চি পুৰস্কাৰ
ৱেবছাইট www.jeetthayil.com

জীত থাইল (ইংৰাজী: Jeet Thayil; জন্ম:১৯৫৯) এগৰাকী ভাৰতীয় কবি[1], ঔপন্যাসিক, লিব্ৰেট্টিছ তথা সংগীতকাৰ। তেওঁ সাহিত্য অকাডেমি বঁটা[2] লাভ কৰা ডিজ এৰ’জ আৰ কৰেক্ট (২০০৮)কে ধৰি কেইবাখনো কবিতা সংকলন লিখিছে। তেওঁৰ প্ৰথমখন উপন্যাস নাৰ্ক’পলিচ (২০১২)য়ে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।[3] কিতাপখন ২০১২ চনৰ ‘মেন বুকাৰ প্ৰাইজ’ৰ[4][2] আৰু ‘দ্য হিন্দু লিটাৰেৰী প্ৰাইজ’ৰ বাবে মনোনীত হৈছিল।[5][6]

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

ভাৰতৰ কেৰালাত থাইলৰ জন্ম হৈছিল। তেওঁৰ দেউতাক থাইল জেকব চনি জৰ্জ এগৰাকী লেখক তথা সাংবাদিক আছিল আৰু কৰ্মসূত্ৰে বিভিন্ন ঠাইলৈ বদলি হৈছিল। দেউতাকৰ কৰ্মসূত্ৰে পৰিয়ালটোৱেই বিভিন্ন ঠাইত থাকিবলৈ লৈছিল। ৮ বছৰ বয়সলৈ থাইল মুম্বাইত ডাঙৰ-দীঘল হয় আৰু তাৰপিছত হংকঙলৈ যায় যদিও পুনৰ উভতি আহি উইলচন কলেজৰপৰা স্নাতক ডিগ্ৰী লয়। পিছলৈ নিউয়ৰ্কৰ চাৰা লৰেন্স কলেজৰপৰা তেওঁ এমএফএ (মাষ্টাৰ অৱ ফাইন আৰ্ট) ডিগ্ৰী গ্ৰহণ কৰে। ৪০ বছৰ বয়সলৈ থাইল মুম্বাইত আৰু বেংগালুৰুত থাকি মুম্বাই, বেংগালুৰু, হংকং আৰু নিউয়ৰ্কত সাংবাদিক হিচাপে কাম কৰে।

দ্য হিন্দুক দিয়া এটি সাক্ষাৎকাৰৰ সময়ত থাইলে এই কথা সদৰি কৰিছিল যে, দুই দশক জুৰি তেওঁ সুৰাসক্ত আছিল আৰু ড্ৰাগচ সেৱন কৰিছিল। ১৮ বছৰ বয়সত হংকঙৰপৰা ঘূৰি অহাৰ পিছতে তেওঁ নিচাৰ কৱলত পৰিছিল। ২০১৩ চনৰ গাল্ফ নিউজৰ এটি সাক্ষাৎকাৰত ৪২ বছৰ বয়সত সফলতাৰে তেওঁ নিচামুক্ত বুলি ঘোষণা কৰিছিল।

এগৰাকী গীতিকাৰ আৰু গীটাৰিষ্ট ৰূপে তেওঁ সমসাময়িক সংগীত প্ৰকল্প শ্ৰীধৰ/থাইল (মুম্বাই, নতুন দিল্লী)ৰ অংশ।

সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
কবিতা
কল্প-কাহিনী
সম্পাদনা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sahitya Akademi : Who's Who of Indian Wiriters". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/SASearchSystem/sauser/writerinfo.jsp?wrids=2832। আহৰণ কৰা হৈছে: 27 October 2015. 
  2. 2.0 2.1 Pathak, Nilima (January 13, 2013). "Jeet Thayil: derided at home, loved abroad". Gulf News. https://gulfnews.com/general/jeet-thayil-derided-at-home-loved-abroad-1.1140050. 
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :1 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :0 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :2 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. "Jeet Thayil - Literature". literature.britishcouncil.org. https://literature.britishcouncil.org/writer/jeet-thayil.