জেমছ জয় মোহন নিকোল্ছ ৰায়
জেমছ জয় মোহন নিকোল্ছ ৰায় | |
---|---|
নিকোল্ছ ৰায়ৰ স্মৃতিত ২০০৯ চনত প্ৰকাশিত এটা ডাকটিকট | |
জন্ম | ১২ জুন, ১৮৮৪ মাউছিয়াৰৱেট, শ্বেলা কনফেডাৰেঞ্চি, ব্ৰিটিছ ভাৰত (বৰ্তমান মেঘালয়ত) |
মৃত্যু | ০১ নৱেম্বৰ, ১৯৫৯ (৭৫ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | খ্ৰীষ্টান মন্ত্ৰী, ৰাজনীতিক |
জনা যায় | ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী |
জেমছ জয় মোহন নিকোল্ছ ৰায় (ইংৰাজী: James Joy Mohan Nichols Roy; ১২ জুন ১৮৮৪ – ১ নৱেম্বৰ ১৯৫৯) অবিভক্ত অসমৰ (বৰ্তমানৰ মেঘালয়ৰ) এজন খ্ৰীষ্টান মন্ত্ৰী আৰু ৰাজনীতিক আছিল। স্বাধীনতাৰ পূৰ্বেই তেওঁ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসমূহৰ স্বায়ত্তশাসনৰ বাবে আন্দোলন কৰিছিল। স্বাধীনতাৰ পিছত তেওঁৰ এটা প্ৰয়াস ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত সন্নিবিষ্ট কৰা হৈছিল।
স্বাধীনতাৰ পূৰ্বৰ ৰাজনীতি
[সম্পাদনা কৰক]১৯২১ চনত নিকোল্ছ ৰায়ক অসম গৱৰ্ণৰ কাউঞ্চিলত জনজাতীয় লোকৰ প্ৰথম প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হয়।[3] গৱৰ্ণৰ কাউঞ্চিলৰ সদস্য হিচাপে তেওঁ আফিং সেৱন, ধঁপাত সেৱন আৰু মদ্যপান আৰু অন্যান্য মাদকদ্ৰব্য খোৱাৰ বিৰুদ্ধে কাম আৰম্ভ কৰিছিল। তেওঁ ১৯৩৭ চনত গঠন হোৱা অসম খ্ৰীষ্টান পৰিষদৰ (বৰ্তমান NEICC) অন্যতম প্ৰতিষ্ঠাপক।[1]
১৯৩৭ চনত নিকোলছ ৰয় অসম বিধানসভালৈ নিৰ্বাচিত হয়।[1] ১৯৩৭ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৩৮ চনৰ ৪ ফেব্ৰুৱাৰীলৈ আৰু ১৯৩৮ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৯৩৮ চনৰ ১৮ ছেপ্টেম্বৰলৈ অসমৰ মিত্ৰজোঁটৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] এই দুখন মন্ত্ৰীসভাৰ চৈয়দ ছাদুল্লাৰ অধীনত কাৰ্যনিৰ্বাহ কৰিও নিকোলছ ৰায়ে মুছলিম লীগে অসমক পাকিস্তানৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছ দলৰ সৈতে তেওঁৰ অধিক স্বাভাৱিক মৈত্ৰীপূৰ্ণ সম্পৰ্ক আছিল।[3] ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৯৪৭ চনৰ ১৪ আগষ্টলৈকে তেওঁ কংগ্ৰেছৰ মন্ত্ৰীসভাতো মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[4]
স্বাধীন ভাৰতৰ ৰাজনৈতিক সংৰচনাৰ কথা চৰ্চা চলি থকাৰ সময়ত ব্ৰিটিছে বৰ্জিত আৰু আংশিকভাৱে বৰ্জিত অঞ্চলৰ জনজাতীয় লোকসকলক ভৈয়ামৰ লোকৰ পৰা পৃথক কৰি ৰাখিবলৈ বিচাৰিছিল যদিও ৰোহিনী কুমাৰ চৌধুৰীৰ দৰে ৰাজনীতিকে বিচাৰিছিল যে তেওঁলোক এখন একীভূত অসম ৰাজ্যৰ অংশ হওক, যাতে তেওঁলোকক ভৈয়ামৰ সংস্কৃতিত জাহ নিয়াব পাৰি।[5] পাহাৰৰ নেতাসকলে এই কথাত অসহমত প্ৰকাশ কৰিছিল, আৰু অজনজাতীয় লোকসকলৰ পৰা বিচ্ছিন্ন হৈ থাকিব বিচাৰিছিল।[6] খাচী জনগোষ্ঠীৰ নেতা নিকোলছ ৰায় শিক্ষিত অভিজাত শ্ৰেণীৰ আটাইতকৈ বিশিষ্ট লোক আছিল, যিয়ে স্বাধীনতাৰ সময়ত অসমৰ পাহাৰীয়া জিলাসমূহৰ স্বায়ত্তশাসনৰ বাবে হেঁচা প্ৰয়োগ কৰি আছিল।[7]
নিকোলছ ৰায়ে জৱাহৰলাল নেহৰুক প্ৰভাৱিত কৰি খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ (KJFSC) নামৰ এটা আঞ্চলিক দল গঠন কৰে, যাৰ লক্ষ্য আছিল সমগ্ৰ উত্তৰ-পূব ভাৰতৰ জনজাতীয় লোকসকলৰ মাজত স্বায়ত্তশাসিত চৰকাৰ গঠন কৰা।[1] নিকোলছ ৰায়ৰ খাচী নেচনেল কনফাৰেঞ্চে গাৰো নেচনেল কনফাৰেঞ্চ, মিজো ইউনিয়ন আৰু নগা নেচনেল কাউঞ্চিল দৰে অনুৰূপ সংগঠনৰ সৈতে যোগাযোগ কৰিছিল।[7]
সংবিধান সভা
[সম্পাদনা কৰক]নিকোলছ ৰায়ে সংবিধান সভাত অসমৰ বাবে কংগ্ৰেছ দলৰ সদস্য হিচাপে নিৰ্বাচিত হয়, য'ত তেওঁ জনজাতীয় অধিকাৰ আৰু স্বায়ত্তশাসনৰ পক্ষত থিয় দিয়ে।[8] তেওঁ সংবিধান সভালৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ৰাষ্ট্ৰীয় ব্যক্তিত্ব হিচাপে গণ্য হোৱা পাহাৰীয়া জনজাতীয়সকলৰ মুষ্টিমেয় নেতাৰ ভিতৰত তেওঁ অন্যতম আছিল।[3] ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৰচনাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।[3] এই অনুসূচীত উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় অঞ্চলসমূহ স্বায়ত্তশাসিত জিলা বা অঞ্চল হিচাপে স্থানীয় প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছিল।[8] নিকোলছ ৰয় আৰু গোপীনাথ বৰদলৈয়ে দৃঢ়তাৰে কৈছিল যে এই সূচীয়ে বিচ্ছিন্নতা ৰোধ কৰিব, উন্নয়নক প্ৰসাৰিত কৰিব আৰু জনজাতীয় জনসাধাৰণক শোষণৰ পৰা ৰক্ষা কৰিব। [9]
স্বাধীনোত্তৰ কালৰ ৰাজনীতি
[সম্পাদনা কৰক]নিকোলছ ৰায় স্বাধীনতাৰ পাছত অসমৰ বৰদলৈ চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য আছিল যদিও মধ্যবিত্তীয় অসমীয়াৰ আধিপত্যৰ বাবে কংগ্ৰেছ দলৰ পৰা বিচ্ছিন্ন হৈ পৰে। তেওঁ পাহাৰীয়া ৰাজ্য আন্দোলনক সমৰ্থন কৰাৰ দিশলৈ ধাৱমান হয়, যাৰ লক্ষ্য আছিল খাচী, জয়ন্তীয়া আৰু গাৰো জনগোষ্ঠীৰ পৃথক ৰাজ্য গঠন কৰা।[3] ১৯৫৯ চনৰ ১ নৱেম্বৰত ৰায়ৰ মৃত্যু হয়। ২০০৯ চনৰ ১২ জুনত ভাৰত চৰকাৰে তেওঁৰ সন্মানত ৫টকীয়া ডাক টিকট এটা জাৰি কৰে।[10]
টোকা
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 J.J.M. Nichols Roy Constitution of India.
- ↑ Shibly 2011, পৃষ্ঠা. 72.
- ↑ 3.0 3.1 3.2 3.3 Udayon Misra 2017, PT153.
- ↑ Shibly 2011, পৃষ্ঠা. 73.
- ↑ Kumar 2005, পৃষ্ঠা. 203.
- ↑ Kumar 2005, পৃষ্ঠা. 204.
- ↑ 7.0 7.1 Shibani Kinkar Chaube 1975, পৃষ্ঠা. 196.
- ↑ 8.0 8.1 Kumar 2005, পৃষ্ঠা. 210.
- ↑ Pritam Baruah & Nicolas M. Rouleau 2011, পৃষ্ঠা. 183.
- ↑ Rev. J. J. M. Nichols-Roy iStampGallery.
উৎস
[সম্পাদনা কৰক]- "J.J.M. Nichols Roy", Constitution of India (Centre for Law & Policy Research), archived from the original on 2021-10-06, https://web.archive.org/web/20211006141900/https://www.constitutionofindia.net/constituent_assembly_members/j_j_m__nichols_roy, আহৰণ কৰা হৈছে: 2021-10-06
- J.J.M. Nichols Roy, Khasi Hills Autonomous District Council, https://khadc.nic.in/JJM_Nichols_Roy.html, আহৰণ কৰা হৈছে: 2021-10-06
- Kumar, Nikhlesh (May–August 2005), "Identity Politics in the Hill Tribal Communities in the North-Eastern India", Sociological Bulletin (Indian Sociological Society) খণ্ড 54 (2): 195–217, doi:10.1177/0038022920050203
- M. Afzal Wani (April–December 2000), "Freedom of Conscience: Constitutional Foundations and Limits", Journal of the Indian Law Institute (Indian Law Institute) খণ্ড 42 (2/4, Constitutional Law Special Issue): 289–313, https://www.jstor.org/stable/43953816, আহৰণ কৰা হৈছে: 2021-10-06
- Pritam Baruah; Nicolas M. Rouleau (2011), "Democracy, Representation, and Self-Rule in the Indian Constitution", Verfassung und Recht in Übersee / Law and Politics in Africa, Asia and Latin America (Nomos Verlagsgesellschaft mbH) খণ্ড 44 (2): 177–195, https://www.jstor.org/stable/43239606, আহৰণ কৰা হৈছে: 2021-10-06
- Profile 3: Rev.J.J.M. Nichols Roy, Church of God Meghalaya & Assam, 17 November 2017
- "Rev. J. J. M. Nichols-Roy", iStampGallery.com, 12 June 2009, https://istampgallery.com/rev-j-j-m-nichols-roy/, আহৰণ কৰা হৈছে: 2021-10-06
- Shibani Kinkar Chaube (Autumn 1975), "Interethnic Politics in Northeast India", International Review of Modern Sociology খণ্ড 5 (2): 193–200
- Shibly, Atful Hye (2011), Abdul Matin Chaudhury (1895-1948): Trusted Lieutenant of Mohammad Ali Jinnah, Juned Ahmed Choudhury, ISBN 9789843323231, OCLC 708358349, https://books.google.com/books?id=ua3y6g7IHMAC&pg=PA72, আহৰণ কৰা হৈছে: 2021-10-06
- Udayon Misra (25 September 2017). Burden of History: Assam and the Partition—Unresolved Issues. Oxford University Press. ISBN 978-0-19-909157-7. https://books.google.com/books?id=8789DwAAQBAJ&pg=PT153.