সমললৈ যাওক

ৰোহিনী কুমাৰ চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰোহিনী কুমাৰ চৌধুৰী
লোকসভাৰ সাংসদ
কাৰ্যকাল
1952–1955
Serving with দেৱেন্দ্ৰ নাথ শৰ্মা
উত্তৰসূৰী দেৱেন্দ্ৰ নাথ শৰ্মা
সমষ্টি গুৱাহাটী লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ২ এপ্ৰিল, ১৮৯৯
বৰপেটা, অসম
মৃত্যু ১৬ ডিচেম্বৰ, ১৯৫৫ (৫৬ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ

ৰোহিনী কুমাৰ চৌধুৰী (ইংৰাজী: Rohini Kumar Chaudhuri; ২ এপ্ৰিল ১৮৯৯ – ১৬ ডিচেম্বৰ ১৯৫৫) এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ এজন সংসদৰ সদস্য আছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে লোকসভাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰো সদস্য আছিল।[1][2][3][4]

চৈয়দ ছাদুল্লা মিত্ৰজোঁটৰ ২য় মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ পিছত, ফ্ৰেব্ৰুৱাৰী ১৯৩৮, ঠিয় হৈ বাওফালৰ পৰা সোঁফালৈ- জেমছ জয় মোহন নিকলচ ৰয়, চৈয়দ ছাদুল্লা, আব্দুল মতিন চৌধুৰী। বহি বাওফালৰ পৰা সোঁফালৈ- ৰোহিনী চৌধুৰী, মুনাৱৰ আলি, অক্ষয় কুমাৰ দাস।

১৮৮৯ চনৰ ২ মে’ত অসমৰ কামৰূপত জন্মগ্ৰহণ কৰা ৰোহিনী কুমাৰ চৌধুৰীয়ে নগাঁও, গুৱাহাটী, ধুবুৰীৰ চৰকাৰী হাইস্কুলত অধ্যয়ন কৰি কলা আৰু আইন বিষয়ত ডিগ্ৰী লবলৈ স্কটিছ চাৰ্চ কলেজ, প্ৰেচিডেন্সি কলেজ আৰু ৰিপন কলেজলৈ যায়। পিছলৈ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা হয়।

প্ৰাদেশিক ৰাজনীতিৰ সৈতে গভীৰভাৱে জড়িত হোৱা চৌধুৰী ১৯২৭ চনৰ পৰা ১৯৪৫ চনলৈ অসম বিধানমণ্ডলৰ সদস্য হয়। ১৯৫১-৫২-ত অনুষ্ঠিত হোৱা ভাৰতৰ প্ৰথম সাধাৰণৰ নিৰ্বাচনত তেওঁ গুৱাহাটী সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. India. Parliament. Lok Sabha (2003). Indian Parliamentary Companion: Who's who of Members of Lok Sabha. Lok Sabha Secretariat. পৃষ্ঠা. 92. https://books.google.com/books?id=ZLZVAAAAYAAJ। আহৰণ কৰা হৈছে: 9 April 2019. 
  2. "LIST OF MEMBERS OF THE CONSTITUENT ASSEMBLY (AS IN NOVEMBER, 1949)". Rajya Sabha. https://rajyasabha.nic.in/rsnew/constituent_assembly/constituent_assembly_mem.asp। আহৰণ কৰা হৈছে: 9 April 2019. 
  3. India. Parliament. House of the People; India. Parliament. Lok Sabha (1955). Lok Sabha Debates. Lok Sabha Secretariat.. পৃষ্ঠা. 3135. https://books.google.com/books?id=-mLVAAAAMAAJ। আহৰণ কৰা হৈছে: 9 April 2019. 
  4. India. Constituent Assembly; India. Parliament. Lok Sabha. Secretariat (1999). Constituent Assembly debates: official report. Reprinted by Lok Sabha Secretariat. পৃষ্ঠা. 792. https://books.google.com/books?id=ww8NAQAAMAAJ। আহৰণ কৰা হৈছে: 9 April 2019. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]