জৌনা মুৰ্মু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৌনা মুৰ্মু
ব্যক্তিগত তথ্যাৱলী
সম্পূৰ্ণ নাম জৌনা মুৰ্মু
ৰাষ্ট্ৰীয়তা  ভাৰত
জন্ম আগষ্ট ১৬ , ১৯৯০ (৩৩ বছৰ)
ময়ুৰভঞ্জ, ওড়িশা, ভাৰত
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া দৌৰবিদ (স্প্ৰিণ্টাৰ, হাৰ্ডলাৰ)
শিতান ৪০০ মিটাৰ, ৪০০ মিটাৰ হাৰ্ডলছ

'জৌনা মুৰ্মু (ইংৰাজী: Juuna Murmu; জন্ম: ১৬ আগষ্ট ১৯৯০) ওড়িশাৰ এগৰাকী ভাৰতীয় স্প্ৰিণ্ট দৌৰবিদ আৰু হাৰ্ডলাৰ. তেওঁ ৪০০ মিটাৰ আৰু ৪০০ মিটাৰ হাৰ্ডলছত বিশেষজ্ঞ। তেওঁৰ ঘৰ ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ অন্তৰ্গত ৷ তেওঁ অৰুণ কুমাৰ দাস আৰু সুবাস চন্দ্ৰ দাসমোহাপাত্ৰৰ পৰা প্ৰশিক্ষকতা লাভ কৰিছে।[1][2] বৰ্তমান তেওঁ অ’এনজিচিৰ সৈতে কৰ্মৰত।

কৃতিত্ব[সম্পাদনা কৰক]

তেওঁৰ একাধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কৃতিত্ব আছে।

আন্তঃৰাষ্ট্ৰীয়[সম্পাদনা কৰক]

  • ২০১০ চনত চীনৰ গুৱাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ৪০০ মিটাৰ হাৰ্ডলছত ৪ৰ্থ স্থান দখল কৰে।
  • ২০১০ চনৰ ৩০ জুলাইত নতুন দিল্লীত সমাপ্ত হোৱা তৃতীয় এছিয়ান অল ষ্টাৰ এথলেটিকছ*মিটত মহিলাৰ ৪০০ মিটাৰ হাৰ্ডলছ ইভেণ্টত এটা সোণৰ পদক লাভ কৰি ৫৭.৩৯ ছেকেণ্ড সময় আৰু ৪০০ মিটাৰ স্প্ৰিণ্টত ৫৩.১৭ ছেকেণ্ডৰ সময়েৰে এটা ব্ৰঞ্জৰ পদক দখল কৰে।
  • ২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত দুটা সোণৰ পদক : ৪০০ মিটাৰ হাৰ্ডলছ আৰু ৪ × ৪০০ মিটাৰ ৰিলেত। [3]

ৰাষ্ট্ৰীয়[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ মহিলাৰ ৪০০ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰে, ২০১০ চনৰ ৬ আগষ্টত পঞ্জাৱৰ পাটিয়ালাত ৫২.৭৮ ছেকেণ্ডত।

ড'পিং[সম্পাদনা কৰক]

২০১১ চনৰ ২৫ মে’ত প্ৰতিযোগিতাৰ বাহিৰৰ পৰীক্ষাত মুৰ্মুৰ এনাবলিক ষ্টেৰইড মেথাণ্ডিয়েনন পজিটিভ পোৱা গৈছিল আৰু তাৰ পিছত তেওঁৰ ওপৰত দুবছৰৰ বাবে ড’পিং নিষেধাজ্ঞা জাৰি কৰা হৈছিল।[4][5][6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]