১৬ আগষ্ট (ইংৰাজী : 16 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২২৮তম (অধিবৰ্ষ ত ২২৯তম) দিন। বছৰ শেষ হ'বলৈ ১৩৭ দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৪৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পদাৰ্থ নোবেল বঁটা বিজয়ী ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমেন ৰ জন্ম হয়।
১৯৪৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ আৰু অৰ্থনীতিবিদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম ৰ জন্ম হয়।
১৮৮৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ৰামকৃষ্ণ পৰমহংস ৰ মৃত্যু হয়।
১৯০৯ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ বিশিষ্ট বিপ্লৱী মদনলাল ভিংৰা ক ফাঁচী দিয়া হয়।
১৯৪৬ চনৰ আজিৰ দিনটোতে কলকাতাত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত কবি অমূল্য বৰুৱা ৰ মৃত্যু হয়।
২০০৩ চনৰ আজিৰ দিনটোতে উগাণ্ডা ৰ প্ৰাক্তন ৰাষ্ট্ৰপতি একনায়ক ইদি আমিনৰ মৃত্যু হয়।
২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ী ৰ মৃত্যু হয়।
১৮৬৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্স ৰ ডাছ কেপিটেল প্ৰথম খণ্ড প্ৰকাশ হয়।
১৯১০ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলি ৰ প্ৰথম প্ৰকাশ হয়।
১৯৫৫ চনৰ আজিৰ দিনটোতে বজালী মহাবিদ্যালয় স্থাপন হৈছিল।
১৯৬০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰে।
১৯৬২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামাক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়।
১৯৬৮ চনৰ আজিৰ দিনটোতে মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।