সমললৈ যাওক

জ্যোতি দ্বিভাষিক অভিধান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্যোতি দ্বিভাষিক অভিধান  
লেখক প্ৰণৱজ্যোতি ডেকা
দেশ অসম,  ভাৰত
ভাষা অসমীয়া
বিষয় ইংৰাজী-অসমীয়া দ্বিভাষিক অভিধান
প্ৰকাশক অসম বুক ডিপো
প্ৰকাশ ১৯৯০
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৩৮২
আই.এচ.বি.এন. ৯৭৮-৯৩-৮২৩৮৪-০৩-৮

জ্যোতি দ্বিভাষিক অভিধান (ইংৰাজী: Jyoti Divashik Abhidhan) ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা সংকলিত এখন ইংৰাজী-অসমীয়া দ্বিভাষিক সমাৰ্থক অভিধান৷ অভিধানখন পোনপ্ৰথমবাৰৰ বাবে ১৯৯০ চনত প্ৰকাশিত হৈছিল৷[1][2] অভিধানখনত ৬০,০০০ তকৈও অধিক ইংৰাজী শব্দ আৰু এক লাখতকৈও অধিক অসমীয়া শব্দ সন্নিৱিষ্ট হৈছে৷ অভিধানখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত৷

প্ৰণেতা

[সম্পাদনা কৰক]

প্ৰণৱজ্যোতি ডেকা (ইংৰাজী: Pranavjyoti Deka; জন্ম: ১৯৩৯, মৃত্যু: ৬ এপ্ৰিল, ২০২৪) অসমৰ এগৰাকী গল্পকাৰ, ঔপন্যাসিক, গৱেষক, অভিধান প্ৰণেতা, ভূ-তত্ত্ববিদ আৰু অধ্যাপক।[1] স্পষ্টবাদীৰূপে পৰিচিত ডেকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ‘সোণৰ চামুচ মুখত লৈ’ শীৰ্ষক তেওঁৰ আত্মজীৱনীখনে প্ৰকাশৰ পিছতে বিদ্বান মহলৰ প্ৰশংসা লাভ কৰিছিল। জ্যোতি দ্বিভাষিক অভিধান ডেকাৰ উল্লেখযোগ্য কৃতি। ২০২৩ বৰ্ষত তেওঁ “ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গল্প সংকলনটিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷


অভিধানখনৰ চমু পৰিচিতি

[সম্পাদনা কৰক]

অভিধানখনৰ সংকলক ড০ প্ৰণৱজ্যোতি ডেকাই ১৯৬৯ চনত মহাবিদ্যালয়ৰ পাঠোপযোগী, ভূতত্ত্ব বিজ্ঞানৰ পাঠ্যপুথি প্ৰণয়ন আৰু পৰৱৰ্তী পৰ্যায়ত পাঠ্যপুথি সম্পাদনাৰ কাম কৰি থাকোঁতে এখন পূৰ্ণাংগ ইংৰাজী-অসমীয়া দ্বিভাষিক অভিধানৰ অভাৱ অনুভৱ কৰে৷ ইয়াৰ লগতে তেওঁ এখন অসমীয়া সমাৰ্থক শব্দকোষৰো প্ৰয়োজন বাৰুকৈয়ে অনুভৱ কৰে৷ ১৯৭৮ চনৰ পৰা অভিধান সংকলনৰ কামত তেওঁ পূৰ্ণোদ্যোমে জড়িত হৈ পৰে আৰু ১৯৮২ চনৰ জানুৱাৰী মাহত ছপাৰ উপযোগী হোৱাকৈ সম্পূৰ্ণ পাণ্ডুলিপিটো সাজু কৰে৷ অৱশ্যে প্ৰকাশক, ছপাশাল, সংশ্লিষ্ট কতৃপক্ষ আদি বিভিন্ন পক্ষৰ পৰা তেওঁ আশানুৰূপ সঁহাৰি নাপালে৷ পৰৱৰ্তী সময়ত শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী আৰু শিক্ষা বিভাগৰ সচিব ভুৱনেশ্বৰ ভট্টাচাৰ্যই তেওঁক সহায় কৰিবলৈ মান্তি হয় আৰু ত্ৰিশ হাজাৰ টকাৰ এককালীন অনুদান আৰু ত্ৰিশ হাজাৰ টকাৰ ঋণ স্বৰূপে দুবছৰৰ বাবে দিবলৈ ৰাজী হয়৷ ড০ ডেকাই লিখিছে-

এই অনুদান সম্পূৰ্ণৰূপে হাতত পৰোঁতে দুবছৰ কাল সময় আৰু মুঠ ৫৬ বাৰ দিছপুৰ-কাহিলীপাৰা চফৰৰ প্ৰয়োজন হ'ল৷ মুঠ প্ৰয়োজনীয় ধনৰ এক চতুৰ্থাংশৰো কম যদিও এই ষাঠী হাজাৰ টকাকে বীজধন ৰূপে লৈ ১৯৮৭ চনত সংকলকৰ নিজস্ব আৰ্থিক দায়িত্বত অভিধানৰ সম্পূৰ্ণ নতুন মুদ্ৰণ কাৰ্য পুনৰ হাতত লোৱা হয়৷

অৱশেষত ১৯৯০ চনত প্ৰায় ২০ বছৰৰ মূৰকত অভিধানখন প্ৰকাশ হৈ ওলায়৷ হেমকোষ প্ৰিণ্টাৰ্ছ আৰু শ্ৰীগুৰু প্ৰেছৰ যৌথ প্ৰচেষ্টাত অভিধানখন প্ৰকাশিত হয়৷ ২০০৯ চনত অসম বুক ডিপোৰ দ্বাৰা অভিধানখনৰ এটি পৰিৱৰ্ধিত নতুন সংস্কৰণ প্ৰকাশিত হয়৷ [3] ২০১৩ চনত প্ৰকাশিত অভিধানখনৰ সপ্তম সংস্কৰণত ৬০,০০০তকৈও অধিক ইংৰাজী শব্দ আৰু ১ লাখতকৈও অধিক অসমীয়া শব্দ সন্নিৱিষ্ট হৈছে৷

অনুমোদন আৰু মন্তব্য

[সম্পাদনা কৰক]

অভিধানখন অসমৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা অনুমোদিত৷ ন্যায়িক আৰু প্ৰশাসনিক স্তৰৰ সকলোধৰণৰ অনুবাদৰ বাবে এই অভিধানখন ন্যায়ালয়ে অনুমোদন কৰিছে৷

অসমৰ সাহিত্যাচাৰ্য ড০ সত্যেন্দ্ৰনাথ শৰ্মাই অভিধানখনৰ প্ৰসংগত কৈছে- অভিধানখন "অসমীয়া সাহিত্যলৈ বৰ্তমান শতাব্দীৰ সৰ্ববৃহৎ একক অৱদান"

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]