জৰ্জিয়া (দেশ)
জৰ্জিয়া საქართველო Sakartvelo | |
|---|---|
| Motto: ძალა ერთობაშია Dzala Ertobashia একতা পৰম বল (Strength is in Unity) | |
| Anthem: თავისუფლება Tavisupleba মুক্তি(Freedom) | |
| ৰাজধানী and largest city | তিবিলিচি[a] |
| Official languages | জৰ্জিয়ান ভাষা[1] |
| কথিত ভাষা[2] |
|
| Ethnic groups (২০০২) |
|
| Demonym | জৰ্জিয়ান |
| Government | একক অৰ্ধ-ৰাষ্ট্ৰপতি শাসিত গণতন্ত্ৰ[3] |
• ৰাষ্ট্ৰপতি |
জিঅ'ৰ্জি মাৰ্গভেলাছভিলি |
• প্ৰধানমন্ত্ৰী |
জিঅ'ৰ্জি কবিৰিকাশভিলি |
• সংসদৰ অধ্যক্ষ |
ডেভিদ উচুপাশভিলি |
| Legislature | সংসদ |
| স্বাধীনতা | |
• কলচিছ সম্ৰাজ্য |
১৩শ শতিকা– খ্ৰীষ্টপূৰ্ব ১৬৪ |
• দিয়াওসি সম্ৰাজ্য |
খ্ৰীষ্টপূৰ্ব ১২শ শতিকা - খ্ৰীষ্টপূৰ্ব ৮ম শতিকা |
• আইবেৰিয়া সম্ৰাজ্য |
খ্ৰীষ্টপূৰ্ব ৩০২ –৫৮০ খ্ৰীষ্টাব্দ |
• লজিকা এগৰিছি সম্ৰাজ্য |
খ্ৰীষ্টপূৰ্ব ১৩১ –৬৯৭ খ্ৰীষ্টাব্দ |
• আইবেৰিয়া প্ৰভুত্ব |
৫৮০-৮৮০ খ্ৰীষ্টাব্দ |
• অবখাজিয়া সম্ৰাজ্য |
৭৬৭-১০১৪ চন |
• জৰ্জিয়া সম্ৰাজ্য |
১০০৮ |
• ৰুছ সম্ৰাজ্য |
১২ ছেপ্টেম্বৰ, ১৮০১ |
• গণতান্ত্ৰিক জৰ্জিয়া প্ৰজাতন্ত্ৰ |
২৬ মে, ১৯১৮ |
• ছোভিয়েট পুনৰ-গঠন |
২৫ ফেব্ৰুৱাৰী ১৯২১ |
• ছোভিয়েট ইউনিয়নৰ পৰা ঘোষণা স্বীকৃতি |
৯ এপ্ৰিল ১৯৯১ ২৫ ডিচেম্বৰ ১৯৯১ |
| Area | |
• Total | 69,420 বৰ্গ কি.মি. (26,800 বৰ্গ মাইল) (১২০ তম) |
| Population | |
• ২০১৫ estimate | ৩,৭২৯,৫০০[4] (১৩১ তম) |
• ২০১৪ census | ৩,৭২৯,৬৩৫[5] |
• Density | 54.5 /কিমি২ (141.2 /বৰ্গ মাইল) (১৩৭ তম) |
| GDP (PPP) | ২০১৫ estimate |
• Total | $৩৭.২৭ বিলিয়ন[2] (১১৭ তম) |
• Per capita | $৮,২২৩ |
| GDP (nominal) | ২০১৫ estimate |
• Total | $১৬.৫৩৫ বিলিয়ন[6] |
• Per capita | $4,719[6] |
| Gini (২০১৩) | ৪০.০[7] Error: Invalid Gini value |
| HDI (২০১৪) | ০.৭৫৪[8] Error: Invalid HDI value (৭৬ তম) |
| Currency | জৰ্জিয়ান লাৰি ( |
| Time zone | UTC+৪ (GET) |
| Calling code | ৯৯৫ |
| ISO 3166 code | GE |
| Internet TLD | .ge, .გე |

জৰ্জিয়া (জৰ্জিয় ভাষা: საქართველო চাকাৰ্ত্ভ়েলো) পূব ইউৰোপৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম তিবিলিচি। জৰ্জিয়া কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত অৱস্থিত স্থলযোটক দক্ষিণ ককেছাছ অঞ্চলৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাষ্ট্ৰ। দক্ষিণ ককেছাছৰ অন্য ৰাষ্ট্ৰসমূহ হ’ল আজেৰবাইজান আৰু আৰ্মেনিয়া।
জৰ্জিয়াৰ ভূগোল বিচিত্ৰ। ইয়াত আছে উচ্চ পৰ্বতমালা আৰু উৰ্বৰ উপকূলীয় নিম্নভূমি। জনসংখ্যাৰ অধিকাংশয়ে জৰ্জিয় জাতিৰ লোক। ১৯২২ চনত দেশখন ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত কৰা হয়। ১৯৯১ চনত স্বাধীনতা লাভ কৰাৰ পিছত দেশখনত ৰাজনৈতিক গতিবিধি আৰু গৃহযুদ্ধ আৰম্ভ হয়। এইসমূহ ঘটনাৰ কাৰণে আৰু অন্যান্য প্ৰাক্তন ছোভিয়েট গণতন্ত্ৰ সমূহৰ লগত অৰ্থনৈতিক সম্পৰ্ক ছিন্ন হোৱাৰ বাবে ইয়াৰ অৰ্থনীতি পতনৰ দিশত আগবাঢ়ে। ১৯৯০ৰ দশকৰ মাজৰ ফালে ৰাজনৈতিক সংঘাত কমি যোৱাত আৰু মুক্ত বজাৰ সংস্কাৰ সমূহ প্ৰতিষ্ঠিত হোৱাত দেশখনৰ অৰ্থনীতিত স্থিতিশীলতা ঘূৰি আহে। ১৯৯৫ চনৰ আগষ্ট মাহৰ জৰ্জিয়াৰ প্ৰথম সংবিধান গ্ৰহণ কৰা হয়।
জৰ্জিয়াৰ সীমাৰ অভ্যন্তৰত দুইখন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ বিদ্যমান। এখন হ’ল জৰ্জিয়াৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত আজাৰিয়া আৰু আনখন দেশৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত আবখাজিয়া। দুয়োখন প্ৰজাতন্ত্ৰৰে কৃষ্ণ সাগৰত উপকূল আছে। তদুপৰি দক্ষিণ অছেটিয়া নামৰ এখন স্বায়ত্তশাসিত অঞ্চল দেশৰ উত্তৰৰ মধ্যভাগত অৱস্থিত। আবখাজিয়া আৰু দক্ষিণ অছেটিয়াৰ উত্তৰে ৰাছিয়া অৱস্থিত। আজাৰিয়াৰ দক্ষিণে তুৰস্ক অৱস্থিত।
ৰাজনীতি
[সম্পাদনা কৰক]জৰ্জিয়া এখন অৰ্ধ-ৰাষ্ট্ৰপতি শাসিত প্ৰতিনিধিত্বমূলক বহুদলীয় গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ। ৰাষ্ট্ৰপতি হ’ল ৰাষ্ট্ৰৰ প্ৰধান। সেইদৰে প্ৰধানমন্ত্ৰী হ’ল চৰকাৰ প্ৰধান। ৰাষ্ট্ৰৰ প্ৰায় সকলো ক্ষমতা চৰকাৰৰ হাতত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু আইনসভা উভয়ৰ ওপৰত ন্যস্ত। বিচাৰ আৰু ন্যায় ব্যৱস্থা চৰকাৰৰ পৰা স্বতন্ত্ৰ।
- জৰ্জিয়া
-
Mtskheta
-
Stepantsminda
-
Bodbe
-
Ananuri
-
Sighnaghi
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Article 8", Constitution of Georgia. In Abkhazia, also আবখাজিয়ান.
- ↑ 2.0 2.1 2.2 "CIA Factbook Georgia". Cia.gov. Archived from the original on October 16, 2015. https://web.archive.org/web/20151016075816/https://www.cia.gov/library/publications/the-world-factbook/geos/gg.html। আহৰণ কৰা হৈছে: June 10, 2012.
- ↑ Moved in 2013 from a president-parliamentary system to a premier-presidential system.
- ↑ "Number of Population as of January 1, 2015 — National Statistics Office of Georgia". http://www.geostat.ge/cms/site_images/_files/english/population/Population%20press_30.04.2015_Final_eng.pdf। আহৰণ কৰা হৈছে: 1 May 2015.
- ↑ "Preliminary Results of 2014 General Population Census of Georgia — National Statistics Office of Georgia". http://www.geostat.ge/cms/site_images/_files/english/population/According%20to%20preliminary%20results%20of%20the%202014%20population%20census%20Final.pdf। আহৰণ কৰা হৈছে: 1 May 2015.
- ↑ 6.0 6.1 "Georgia". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2015/01/weodata/weorept.aspx?pr.x=44&pr.y=9&sy=2013&ey=2020&scsm=1&ssd=1&sort=country&ds=.&br=1&c=915&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: June 5, 2015.
- ↑ "Gini Index". World Bank. http://data.worldbank.org/indicator/SI.POV.GINI/। আহৰণ কৰা হৈছে: November 21, 2015.
- ↑ "2015 Human Development Report". United Nations Development Programme. 2015. http://hdr.undp.org/sites/default/files/hdr_2015_statistical_annex.pdf। আহৰণ কৰা হৈছে: 15 December 2015.
বহিঃসংযোগ
[সম্পাদনা কৰক]| জৰ্জিয়া (দেশ) প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| পাঠ্যপুথি ৱিকিগ্ৰন্থত | |
- চৰকাৰ
- জৰ্জিয়াৰ ৰাষ্ট্ৰপতি Archived 2013-04-07 at the Wayback Machine
- জৰ্জিয়াৰ চৰকাৰ Archived 2011-04-27 at the Wayback Machine
- জৰ্জিয়াৰ বিদেশ মন্ত্ৰালয়
- পৰ্যটন বিভাগ Archived 2009-01-05 at the Wayback Machine
- জৰ্জিয়াৰ আমেৰিকান চেম্বাৰ অফ কমাৰ্চ