সমললৈ যাওক

জৰ্জ অৰৱেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৰ্জ অৰৱেল
Photograph of the head and shoulders of a middle-aged man, with black hair and a slim mustache
Press card portrait, 1943
জন্ম এৰিক আৰ্থাৰ ব্লেয়াৰ
২৫ জুন, ১৯০৩
Motihari, Bengal Presidency, British India
মৃত্যু ২১ জানুৱাৰী, ১৯৫০ (৪৬ বছৰ)
London, England
সমাধিস্থল All Saints' Church, Sutton Courtenay, Oxfordshire, England
শিক্ষা Eton College
পেচা
ৰাজনৈতিক দল Independent Labour (from 1938)
দাম্পত্যসঙ্গী
সন্তান Richard Blair
জৰ্জ অৰৱেল
ছদ্মনাম জৰ্জ অৰৱেল
ভাষা ইংৰাজী
ধৰণ
স্বাক্ষৰ
Eric Blair ("George Orwell")

এৰিক আৰ্থাৰ ব্লেয়াৰ( ইংৰাজী; Eric Arthur Blair; (২৫ জুন ১৯০৩ – ২১ জানুৱাৰী ১৯৫০) এজন ইংৰাজ ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সাংবাদিক আৰু সমালোচক আছিল। জৰ্জ অৰৱেল নামেৰে তেওঁ অধিক জনাজাত। তেওঁৰ সাহিত্যকৰ্ম সুস্পষ্ট আৰু সহজে বুজিব পৰা গদ্যশৈলী, সমাজ-সমালোচনা, সকলো ধৰণৰ সৰ্বাধিনায়কত্ব (বিশেষকৈ স্বৈৰতান্ত্ৰিক সাম্যবাদ[সংযোগবিহীন উৎস] আৰু ফেচিবাদ)ৰ প্ৰতি বিৰোধিতা আৰু গণতান্ত্ৰিক সমাজবাদৰ প্ৰতি সমৰ্থনৰ বাবে পৰিচিত।[1]

অৰৱেল তেওঁৰ ৰূপকধৰ্মী উপন্যাসিকা এনিমেল ফাৰ্ম (Animal Farm) আৰু ডিষ্ট’পিয়ান উপন্যাস নাইনটিন এইটি ফ'ৰ (Nineteen Eighty-Four )ৰ বাবে বিখ্যাত। তেওঁৰ সাহিত্যকৰ্মত সাহিত্য-সমালোচনা, কবিতা, কথাসাহিত্য আৰু তীক্ষ্ণ মতামতমূলক সাংবাদিকতাও অন্তৰ্ভুক্ত। অৰৱেলৰ সাহিত্যই আজিও জনপ্ৰিয় সংস্কৃতি আৰু ৰাজনৈতিক চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাই আছে। সৰ্বাধিনায়ক আৰু দমনমূলক সামাজিক ব্যৱস্থাক বুজাবলৈ ব্যৱহৃত 'অৰৱেলীয়' শব্দটো আজি ইংৰাজী ভাষাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। তেওঁ সৃষ্টি কৰা বহুতো নতুন শব্দ ব্যাপকভাৱে ব্যৱহৃত হয়, যেনে বিগ ব্ৰাদাৰ(Big Brother), চিন্তা -পুলিচ(Thought Police) কোঠা নং১০১(Room 101), নিউস্পীক (Newspeak), স্মৃতি ছিদ্ৰ (memory hole), ডবলথিংক (doublethink), আৰু চিন্তা -অপৰাধ (thoughtcrime)।[2][3]


২০০৮ চনত 'দি টাইমচ'-এ ১৯৪৫ চনৰ পাছৰ সময়ছোৱাত অৰৱেলক দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ব্ৰিটিছ লেখক হিচাপে স্বীকৃতি দিয়ে।[4]

তেওঁৰ দুখন উপন্যাস - এনিমেল ফাৰ্ম আৰু নাইটিন এইটি-ফোৰ - এ  কুৰি শতিকাৰ শ্ৰেষ্ঠ গ্ৰন্থৰ ভিতৰত স্থান লাভ কৰিছে।   তেওঁ গোটেই জীৱন স্বৈৰাচাৰী আৰু একদলীয় ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ হৈ আছিল।   ৰিচাৰ্ড ৱামছলি ব্লেয়াৰ আৰু ইডা মেবেল লিমুজিনৰ একমাত্ৰ সন্তান অৰৱেলৰ ৪৬ বছৰ বয়সত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

শৈশৱ আৰু কৈশোৰ

[সম্পাদনা কৰক]

১৯০৩ চনৰ ২৫ জুনত ব্ৰিটিছ ভাৰতৰ বংগ ৰেছিডেঞ্চিৰ ( বৰ্তমানৰ বিহাৰ) মতিহাৰীত এৰিক আৰ্থাৰ ব্লেয়াৰৰ জন্ম হৈছিল এটা সুখী ‘নিম্ন-উচ্চ-মধ্যবিত্ত’ পৰিয়ালত।   অৰৱেলৰ পিতৃ আছিল ৰিচাৰ্ড ৱালমছলি ব্লেয়াৰ। তেওঁ ভাৰতীয় অসামৰিক সেৱাৰ আফিং বিভাগত উপ-ডিপুটি আফিং এজেণ্ট হিচাপে কাম কৰিছিল, চীনত বিক্ৰীৰ বাবে আফিং উৎপাদন আৰু মজুতকৰণৰ তদাৰক কৰিছিল।[5]  

তেওঁৰ মাতৃ ইডা মেবেল ব্লেয়াৰ (বিবাহপূৰ্বক নাম লিমুজিন) বাৰ্মাৰ মৌলমেইনত ডাঙৰ-দীঘল হৈছিল।[6]   এৰিকৰ দুগৰাকী ভগ্নী: মাৰ্জাৰী, পাঁচ বছৰ ডাঙৰ;   আৰু পাঁচ বছৰ সৰু এভ্ৰিল।   এৰিকৰ এবছৰ বয়সত মাকে তেওঁক আৰু মাৰ্জাৰীক ইংলেণ্ডলৈ লৈ গৈছিল।[7]   এৰিক মাক আৰু ভনীয়েকহঁতৰ সৈতে ডাঙৰ-দীঘল হৈছিল আৰু ১৯০৭ চনৰ মাজভাগত এবাৰৰ বাহিৰে ১৯১২ চনলৈকে দেউতাকক দেখা পোৱা নাছিল।[8][5]  

পাঁচ বছৰ বয়সত এৰিকক ডে-বয় হিচাপে হেনলি-অন-টেমছৰ কনভেণ্ট স্কুললৈ পঠিওৱা হৈছিল।[9]   মাকে তেওঁক পাব্লিক স্কুললৈ  পঠিয়াব বিচাৰিছিল যদিও পৰিয়ালে মাচুল দিব পৰা নাছিল।   মোমায়েক চাৰ্লছ লিমুজিনৰ জৰিয়তে ব্লেয়াৰে ইষ্ট ছাচেক্সৰ ইষ্টবৰ্ণৰ ছেইণ্ট চাইপ্ৰিয়ান স্কুলত পঢ়িবলৈ বৃত্তি লাভ কৰে।[5]

  ১৯১১ চনৰ ছেপ্টেম্বৰ মাহত উপস্থিত হৈ তেওঁ পিছৰ পাঁচ বছৰ স্কুলত কটাইছিল, কেৱল স্কুলৰ বন্ধৰ সময়তহে ঘৰলৈ আহিছিল।   যদিও তেওঁ হ্ৰাস কৰা মাচুলৰ বিষয়ে একো নাজানিছিল, তথাপি তেওঁ “অতি সোনকালেই বুজি পালে যে তেওঁ দুখীয়া ঘৰৰপৰা আহিছে।"[10]

উল্লেখযোগ্য কিতাপ

জৰ্জ অৰৱেলে বিভিন্ন কাকত আৰু সাময়িকীত লিখাৰ উপৰি ভালেমান উপন্যাস, ৰচনা, চুটিগল্প, কবিতা ৰচনা কৰিছিল।

উপন্যাস

বাৰ্মিজ ডেজ (১৯৩৪)

এ ক্লাৰ্জিম্যানস ডটাৰ (১৯৩৫)

কিপ দ্য এসপিডিষ্ট্ৰা ফ্লাইং (১৯৩৬)

কামিং আপ ফৰ এয়াৰ(১৯৩৯)

এনিমেল ফাৰ্ম (১৯৪৫)

নাইণ্টিন এইটি-ফোৰ(১৯৪৯)

প্ৰবন্ধসমূহ:

ডাউন এণ্ড আউট ইন পেৰিচ এণ্ড লণ্ডন (১৯৩৩)

দ্য ৰোড টু উইগান পিয়েৰ(১৯৩৭)

হোমেজ টু ক্যাটালোনিয়া (১৯৩৮)‌

কিন্তু তেওঁৰ বেছিভাগ লেখাই আছিল বাতৰি কাকতৰ বাবে নাগৰিক আৰু ৰাজনৈতিক সমালোচনাত্মক প্ৰবন্ধ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Gale, Steven H. (1996). Encyclopedia of British Humorists: Geoffrey Chaucer to John Cleese, Volume 1. Taylor & Francis. পৃষ্ঠা. 823.
  2. McCrum, Robert (10 May 2009). "The masterpiece that killed George Orwell". The Observer. https://www.theguardian.com/books/2009/may/10/1984-george-orwell.
  3. "Quotations: G. Orwell". Oxford English Dictionary. http://www.oed.com/search?f_0=Quotation+Author&scope=QUOTATION&fq_entry=true&q_0=G.+Orwell আহৰণ কৰা হৈছে: 2 September 2017.
  4. "The 50 greatest British writers since 1945". The Times. 5 January 2008. http://www.thetimes.co.uk/tto/arts/books/article2452094.ece.
  5. 1 2 3 Taylor, D.J. (2003). Orwell: The Life. Henry Holt and Company. ISBN 978-0805074734. https://archive.org/details/orwelllife00tayl.; Chowdhury, Amlan (16 December 2018). "George Orwell's Birthplace in Motihari to Turn Museum" (en-US ভাষাত). www.thecitizen.in. https://www.thecitizen.in/index.php/en/newsdetail/index/9/15774/george-orwells-birthplace-in-motihari-to-turn-museum আহৰণ কৰা হৈছে: 26 February 2022.; Haleem, Suhail (11 August 2014). "The Indian Animal Farm where Orwell was born". BBC News. https://www.bbc.co.uk/news/magazine-28739420.; "Arena News Week: Frank Maloney, George Orwell Museum and Giant Panda Tian Tian" (en ভাষাত). BBC. 14 August 2014. https://www.bbc.co.uk/blogs/arena/entries/fb151770-ff16-39a5-b426-f0e7904fa31e আহৰণ কৰা হৈছে: 2 February 2023.; Rahman, Maseeh (30 June 2014). "George Orwell's birthplace in India set to become a museum". TheGuardian.com. https://www.theguardian.com/world/2014/jun/30/george-orwell-birthplace-motihari-bihar-india-museum.
  6. "Orwell & Bedford". https://www.darcymoore.net/2024/05/25/orwell-bedford/.
  7. Crick (1982), p. 48
  8. A Kind of Compulsion 1903–36, xviii
  9. Bowker, Gordon. George Orwell. পৃষ্ঠা. 21.
  10. Bowker p. 30