টি ভি ৰামকৃষ্ণন
টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন (Tiruppattur Venkatachalamurti Ramakrishnan) | |
---|---|
টি ভি ৰামকৃষ্ণন (T. V. Ramakrishnan) | |
জন্ম | ১৪ আগষ্ট, ১৯৪১ (৮৩ বছৰ) মাদ্ৰাছ, তামিলনাডু, ভাৰত |
বাসস্থান | ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰিন্সটন বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | বেনাৰস হিন্দু বিশ্ববিদ্যালয় (B.Sc.) বেনাৰস হিন্দু বিশ্ববিদ্যালয় (M.Sc.) কলম্বিয়া বিশ্ববিদ্যালয় (Ph.D.) |
ডক্তৰেল পৰামৰ্শদাতা | জ'ৱাকুইন মাযদেক লুটিনজাৰ (Joaquin Mazdak Luttinger) |
জনা যায় | তাত্ত্বিক ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান আৰু পৰিসাংখ্যিক বল বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে |
উল্লেখনীয় বঁটা | ট্ৰিয়েষ্ট বিজ্ঞান পুৰস্কাৰ (২০০৫) পদ্মশ্ৰী (২০০১) শান্তি স্বৰূপ ভাটনাগৰ বঁটা (১৯৮৩) |
দাম্পত্যসঙ্গী | মীৰা |
টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণন, এফ আৰ এছ (জন্ম ১৪ আগষ্ট, ১৯৪১) ঘনীভূত অৱস্থাৰ পদাৰ্থবিজ্ঞান আৰু পৰিসাংখ্যিক বল বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰসিদ্ধ এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিদ। ৰামকৃষ্ণন বৰ্তমান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ বিশিষ্ট অধ্যাপক (Distinguished Professor) আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ডি এ' ই হোমী ভাবা অধ্যাপক। ১৯৮৩ চনত তেখেতক শান্তি স্বৰূপ ভাটনাগৰ বঁটা আৰু ২০০১ চনত পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছিল। [1][2]
অধ্যাপক ৰামকৃষ্ণনে পদাৰ্থবিজ্ঞানৰ বিখ্যাত আৰু বহুল প্ৰচলিত "ৰামকৃষ্ণন-ইউছুফ তত্ত্ব" আগবঢ়াইছিল।
জীৱনী
[সম্পাদনা কৰক]টিৰুপ্পাত্তৰ ৱেংকটাচালামূৰ্তি ৰামকৃষ্ণনৰ জন্ম হৈছিল ১৯৪১ চনৰ ১৪ আগষ্ট তাৰিখে তামিলনাডুৰ মাদ্ৰাছ(বৰ্ত্তমানৰ চেন্নাই)ত। ৰামকৃষ্ণনৰ পিতৃ তেতিয়াৰ কাশী হিন্দু বিশ্ববিদ্যালয়(বৰ্ত্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়)ৰ অধ্যাপক হোৱাৰ সূত্ৰে তেওঁৰ জীৱনৰ প্ৰথমছোৱা সময় অতিবাহিত হৈছিল বেনাৰসত। ৰামকৃষ্ণনে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ১৯৫৯ আৰু ১৯৬১ চনত পদাৰ্থবজ্ঞানৰ বি এছ চি (সন্মান সহ) আৰু এম এছ চি ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়তে চি এছ আই আৰ ৰ গৱেষক ছাত্ৰ হিচাপে ১৯৬১ চনৰ পৰা ১৯৬২ চনলৈকে কাম কৰে। ইয়াৰ পিছত তেওঁ ১৯৬৬ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা বিশ্ববিখ্যাত পদাৰ্থবিদ জ'ৱাকুইন মাযদেক লুটিনজাৰৰ অধীনত গৱেষণা কৰি পি এইছ দি ডিগ্ৰী লাভ কৰে। [3]
অধ্যাপক ৰামকৃষ্ণনে ইলেক্ট্ৰন স্থানীয়কৰণ স্কেলিঙ তত্ত্ব(scaling theory of electron localization) ৰ ক্ষেত্ৰলৈ মৌলিক আৰু অত্যন্ত প্ৰভাৱশালী বৈজ্ঞানিক অৱদান আগবঢ়াইছে।[4] তৰল-কঠিন সংক্ৰমণ আৰু সংমিশ্ৰ যোজক তন্ত্ৰ (mixed valence systems)ৰ তত্ত্বৰ গৱেষণাৰ ক্ষেত্ৰতো তেওঁৰ উল্লেখনীয় বৰঙনি আছে।
শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় তাত্ত্বিক বিজ্ঞান কেন্দ্ৰ(International Centre for Theoretical Science, ICTS)ৰ দ্বাৰা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত আয়োজিত এক অনুষ্ঠানত অধ্যাপক ৰামকৃষ্ণনক তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই সম্বৰ্ধনা জনোৱা হয়। [5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Bhatnagar Award in Physical Sciences". CSIR. http://www.csir.res.in/external/heads/career/award/BPRIZE/Physical_SCIENCES.htm.
- ↑ "Padma Awards Directory" (PDF). Ministry of Home Affairs, Government of India. 2011-07-05. Archived from the original on 2013-05-10. https://web.archive.org/web/20130510095705/http://www.mha.nic.in/pdfs/LST-PDAWD.pdf। আহৰণ কৰা হৈছে: 2012-02-06.
- ↑ "Curriculum Vitae of T. V. Ramakrishnan". Archived from the original on 2011-10-06. https://web.archive.org/web/20111006154724/http://www.physics.iisc.ernet.in/~tvrama/cv1.htm। আহৰণ কৰা হৈছে: 2012-02-06.
- ↑ "Phys. Rev. Lett. 42, 673 (1979): Scaling Theory of Localization: Absence of Quantum Diffusion in Two Dimensions". http://prl.aps.org/abstract/PRL/v42/i10/p673_1.
- ↑ "অধ্যাপক ৰামকৃষ্ণনক আই ছি টি এছৰ দ্বাৰা সম্বৰ্ধনা". http://www.icts.res.in/program/recent/talks_tab/313/.