টেইলৰ ছুইফ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা


টেইলৰ ছুইফ্ট
Taylor Swift, wearing a gold, sleeveless dress, sings into a hand-held microphone
২০১২ চনৰ স্পিক নাউ নামৰ টুৰত প্ৰদৰ্শন কৰি থকা অৱস্থাত
প্ৰাথমিক তথ্য
জন্মৰ নাম টেইলৰ এলিছন ছুইফ্ট
জন্ম ১৩ ডিচেম্বৰ, ১৯৮৯ (৩৪ বছৰ)
ৰিডিং, পেনচিলভেনিয়া, যুক্তৰাষ্ট্ৰ
সংগীতৰ প্ৰকাৰ পপ্, পপ্ ৰক্,কাউণ্ট্ৰী, কাউণ্ট্ৰী পপ্
পেচা গায়িকা,গী­তিকাৰ,অভিনেত্ৰী
বাদ্যযন্ত্ৰ ভ’কেল, গীটাৰ, বনজ’ গীটাৰ, উকুলেলে, পিয়ানো
কাৰ্যকাল ২০০৬ৰ পৰা বৰ্তমানলৈ
ৰেকৰ্ড লেবেল বিগ্ মেচিনছ
ৱেবছাইট taylorswift.com

টেইলৰ এলিছন ছুইফ্ট (ইংৰাজী: Taylor Alison Swift, জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৯) হৈছে এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ। কাউণ্ট্ৰী সংগীতত শিক্ষা গ্ৰহণ কৰি তেওঁ "বিগ মেচিন ৰেকৰ্ডছ" (ইংৰাজী: Big Machine Records)ৰ লগত চুক্তিবদ্ধ হয় আৰু চ'নি/এটিভি মিউজিক পাব্লিছিং হাউচএ নিযুক্ত কৰা সৰ্বকনিষ্ঠ গীতিকাৰ হয়। ২০০৬ চনত তেওঁৰ প্ৰথম এলবাম 'টেইলৰ ছুইফ্ট' মুকলি হয় যিয়ে তেওঁক কাউণ্ট্ৰী সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠিত কৰে। ইয়াৰে "আৱাৰ চং" শীৰ্ষক তৃতীয় একক গীতটোৰ দ্বাৰা তেওঁ কাউণ্ট্ৰী চাৰ্টৰ শীৰ্ষস্থান পোৱা সৰ্বকনিষ্ঠ কাউণ্ট্ৰী শিল্পী হয়। ২০০৮ চনৰ গ্ৰেমী বঁটা প্ৰদানত তেওঁ শ্ৰেষ্ঠ নবীন শিল্পীৰ মনোনয়ন লাভ কৰে।

২০০৮ ৰ শেষৰ ফালে তেওঁৰ দ্বিতীয় এলবাম 'ফিয়েৰলেছ' (Fearless) মুকলি হয়। 'লাভ ষ্ট'ৰী' (Love Story), 'য়ু বিলং ৱিথ মি' আদি গান সম্বলিত ফিয়াৰলেছ ২০০৯ চন সৰ্বাধিক বিক্ৰী হো ৱা এলবাম হিচাপে পৰিগণিত হয় আৰু ই চাৰিটাকৈ গ্ৰেমী বঁটা পায়। তদুপৰি ফিয়াৰলেছে American Music Awards, একাডেমী অফ কাউণ্ট্ৰী মিউজিক এৱাৰ্ডছ আৰু কাউণ্ট্ৰী মিউজিক এছ'ছিয়েচন এৱাৰ্ডছত Album of the Year plaudits আদিও লাভ কৰে। ২০১০ চনত ছুইফ্টৰ তৃতীয় এলবাম 'স্পীক নাউ' বজাৰত ওলাই যাৰ প্ৰথম সপ্তাহতে এক মিলিয়নতকৈও অধিক কপি বিক্ৰী হয়। ইয়াৰে 'মীন' গানটোবে শ্ৰেষ্ঠ কাউণ্ট্ৰী গান আৰু শ্ৰেষ্ঠ কাউণ্ট্ৰী একক প্ৰদৰ্শন শিতানত দুটাকৈ গ্ৰেমী পায়। তেওঁৰ চতুৰ্থ এলবাম 'ৰেড'-এ ২২ অক্টোবৰ, ২০১২ মুক্তি লাভ কৰিব।

আমেৰিকাৰ অতি জনপ্ৰিয় তাৰকা টেইলৰ ছুইফ্ট তেওঁৰ কৈশোৰ তথা বয়স্ক জীৱনৰ অভিজ্ঞতাৰ সুৰ ফুটি উঠা সংগীতশৈলীৰ বাবে জনাজাত। এগৰাকী গীতিকাৰ হিচাপে তেওঁ "নাছভিল চংগ ৰাইটাৰছ এছ'ছিয়েছন"(ইংৰাজী: Nashville Songwriters Association International) আৰু "চংগ ৰাইটাৰছ হল অফ ফেম" (ইংৰাজী: Songwriters Hall of Fame)ৰ দ্বাৰাও সন্মানিত হৈছে। .ইয়াৰ উপৰিও ছুইফ্টে ছয়টাকৈ গ্ৰেমী বঁটা, দহটাকৈ 'আমেৰিকান মিউজিক এৱাৰ্ড',সাতটাকৈ কাউণ্ট্ৰী মিউজিক এছোচিয়েচন এৱাৰ্ড, ছটাকৈ একাডেমী অৱ কাউণ্ট্ৰী মিউজিক এৱাৰ্ড আৰু তেৰটাকৈ বিএমআই বঁটা লাভ কৰিবলৈসক্ষম হৈছে। সমগ্ৰ বিশ্বজুৰি তেওঁৰ প্ৰায় ২২ মিলিয়নতকৈও অধিক এলবাম বিক্ৰী হৈছে আৰু ৫o মিলিয়নতকৈও অধিক গান ডাউনল'ড কৰা হৈছে। নিজৰ সংগীতময় কেৰিয়াৰৰ লগতে ছুইফ্টে ছি.এচ.আই : ক্ৰাইম ছিন ইনভেষ্টিগেচন (২০০৯), ভেলেণ্টাইনচ ডে (২০১০), দ্য লোৰাক্স (২০১২) আদি চলচ্চিত্ৰত অভিনেত্ৰী হিচাপেও ভূমুকি মাৰিছে। এগৰাকী মানৱতাবাদী শিল্পী হিচাপে তেওঁ কলা, শিক্ষা, শিশুশিক্ষা, প্ৰাকৃতিক­ দুৰ্যোগত সহায়কাৰী পুঁজি, ৰুগীয়া শিশু সহায়কাৰী পুঁজি আদি সম্বন্ধীয় বিষয়ত সমৰ্থন জনাই আহিছে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ছুইফ্টৰ মুখ্য বাসভৱন হল মিড টাউন, টেনেছি ত থকা এটা দুপ্লেক্স পেণ্টহাউছ। ইয়াৰ উপৰিও বেভাৰলি হিল্ছ, কেলিফ'ৰ্ণিয়াটো তেওঁৰ অন্য এটা ঘৰ আছে। মাক দেউতাকৰ ব্যৱহাৰৰ বাবে ব্ৰেণ্টউড, টেনেছিত তেওঁ অন্য এটা বাসভৱন ক্ৰয় কৰিছে। প্ৰতিবছৰে মে' মাহত ওলোৱা ফ'ৰ্বছ ৰ চেলিব্ৰেটী ১০০ লিষ্ট মতে ছুইফ্টে ২০০৯ চনত ১৮ মিলিয়ন ডলাৰ,২০১০ চনত ৪৫ মিলিয়ন ডলাৰ, ২০১১ চনত ৪৫ মিলিয়ন ডলাৰ আৰু ২০১২ চনত ৫৭ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

টেইলৰ ছুইফ্টে ছটা গ্ৰেমী বঁটা, দহটা 'আমেৰিকান মিউজিক এৱাৰ্ড', সাতটা কাউণ্ট্ৰী মিউজিক এছোচিয়েচন এৱাৰ্ড, ছটা একাডেমী অৱ কাউণ্ট্ৰী মিউজিক এৱাৰ্ড আৰু তেৰটা বিএমআই বঁটা লাভ কৰিবলৈসক্ষম হৈছে। এগৰাকী গীতিকাৰ হিচাপে 'নাছভিলে চংগ ৰাইটাৰছ এছ'ছিয়েছন" (ইংৰাজী: Nashville Songwriters Association International) আৰু "চংগ ৰাইটাৰছ হল অফ ফেম" (ইংৰাজী: Songwriters Hall of Fame)ৰ দ্বাৰাও সন্মানিত হৈছে।

এলবাম[সম্পাদনা কৰক]

  • 'টেইলৰ ছুইফ্ট' (Taylor Swift) (২০০৬)
  • 'ফিয়েৰলেচ' (Fearless)' (২০০৮)
  • 'স্পীক নাউ' (ইংৰাজী: Speak Now) (২০১০)
  • 'ৰেড' (Red) (২০১২)

কনচাৰ্ট ভ্ৰমণ[সম্পাদনা কৰক]

  • 'ফিয়েৰলেচ ট'ৰ' (ইংৰাজী: Fearless Tour) (২০০৯-১০)
  • 'স্পীক নাউ ৱৰ্ল্ড ট'ৰ' (ইংৰাজী: Speak Now World Tour) (২০১১-১২)

চলচ্চিত্ৰ[সম্পাদনা কৰক]

দূৰদৰ্শন
বৰ্ষ নাম চৰিত্ৰ তথ্য
২০০৯ 'ছি.এচ.আই : ক্ৰাইম ছিন ইনভেষ্টিগেচন' (ইংৰাজী: CSI: Crime Scene Investigation) হেলী জ'নছ খণ্ড: "টাৰ্ণ, টাৰ্ণ, টাৰ্ণ"
২০০৯ 'চেটাৰডে নাইট লাইভ' (ইংৰাজী: Saturday Night Live) হ'ষ্ট মিউজিকেল অতিথি হিচাবে
চলচ্চিত্ৰ
বৰ্ষ নাম চৰিত্ৰ তথ্য
২০০৯ 'জ'নাছ ব্ৰাডাৰ্ছ: দা থ্ৰী ডি কনচাৰ্ট এক্সপেৰিয়েঞ্চ' (ইংৰাজী: Jonas Brothers: The 3D Concert Experience) নিজৰ চৰিত্ৰ কেমিঅ' চৰিত্ৰ
২০০৯ 'হান্নাহ মণ্টানা: দা মু'ভি' (ইংৰাজী: Hannah Montana: The Movie) নিজৰ চৰিত্ৰ কেমিঅ' চৰিত্ৰ
২০১০ 'ভেলেণ্টাইনচ ডে' (Valentine's Day) ফেলিচিয়া চলচ্চিত্ৰত অভিষক
২০১২ ' দ্য ল'ৰাক্স' (The Lorax) অড্ৰী কণ্ঠস্বৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]