ডাক টিকট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডাকটিকটৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

ডাক টিকট হৈছে এবিধ বিশেষ প্ৰকাৰৰ মুদ্ৰিত কাগজৰ টুকুৰা, যি ডাক সেৱাৰ মাছুল পৰিশোধ কৰাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। নানা বৰণৰ এই ডাকটিকট সমূহত দেশৰ ইতিহাস ঐতিহ্য, সংস্কৃতি, বৰেণ্য ব্যক্তিত্ব ইত্যাদি বিষয় ফুটি উঠে। প্ৰায় প্ৰতিখন দেশৰ ডাক ব্যৱস্থাত ডাকটিকটৰ ব্যৱহাৰ কৰা হয়। প্ৰতি বছৰ প্ৰচুৰ পৰিমাণৰ ডাকটিকট প্ৰকাশ কৰা হয়। বিশেষ বিশেষ দিনক স্মৰণ কৰি ডাক বিভাগসমূহে ডাকটিকট প্ৰকাশ কৰি থাকে। ডাকটিকট সমূহ সাধাৰণত চাৰিকোণীয়া বা বৰ্গাকৃতিৰ হয়। কেতিয়াবা ত্ৰিকোনাকাৰ,গোলাকাৰ, তৰা আদি বিভিন্ন আকৃতিৰ ডাকটিকট পোৱা যায়। ডাকটিকট সমূহ সাধাৰণত কাগজৰ দ্বাৰা তৈয়াৰ কৰা হয়। কিন্তু কাঠৰ ফাইবাৰ, চিন্থেটিক কাপোৰ ইত্যাদিৰ ডাকটিকটো পোৱা যায়।

ডাকটিকেটৰ প্ৰধান অংশ:
১. ছবি
২. টিকেটৰ ছিদ্ৰ
৩. নাম
৪. দেশৰ নাম

ইতিহাস[সম্পাদনা কৰক]

পেনী ব্লেক - বিশ্বৰ সৰ্বপ্ৰথম ডাক টিকট

বিশ্বৰ প্ৰথমটো ডাক টিকট "পেনী ব্লেক"ৰ প্ৰচলন ১৮৪০ চনত বৃটেইনত আৰম্ভ হয়।[1] ব্ৰাজিল হৈছে ডাকটিকট প্ৰকাশ কৰা বিশ্বৰ দ্বিতীয়খন দেশ (১৮৪৩) । সেই একে বছৰতে জুৰিখ্ আৰু জেনেভাৰ কেন্টনে নিজা ডাকটিকট উলিয়ায় আৰু তাৰ পাছত ১৮৪৫ চনত উলিয়ায় বাছেলৰ কেন্টনে । মাৰ্কিন যুক্তৰাষ্ট্ৰ, ত্ৰিনিডাড আৰু মৰিছাছে ১৮৪৭ চনত তেওঁলোকৰ নিজা ডাকটিকট প্ৰকাশ কৰে । ফ্ৰান্স, বেভেৰিয়া আৰু বেলজিয়ামে ১৮৪৯ চনত তেওঁলোকৰ নিজৰ নিজৰ ডাকটিকট উলিয়ায় । ১৮৫০ চনৰ পৰা অসংখ্য দেশে নিজৰ নিজৰ ডাকটিকট প্ৰকাশ কৰাৰ সন্মানৰ অধিকাৰী হোৱা দেশসমূহৰ তালিকাভুক্ত হ'বলৈ ধৰিলে । ১৯৫২ চনত ভাৰতবৰ্ষই নিজৰ প্ৰথম ডাক টিকটটো প্ৰকাশ কৰে।[1]

ডাকটিকটৰ শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

  • সাধাৰণ ডাকটিকট
  • স্মাৰক ডাকটিকট
  • চৰকাৰী ডাকটিকট

ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন[সম্পাদনা কৰক]

১৮৫২ চনত ভাৰতৰ প্ৰথমটো ডাক টিকট প্ৰকাশ হয়। ভাৰতৰ সিন্ধু প্ৰদেশৰ আয়ুক্ত মি: বাৰ্টল ফ্ৰেৰেই তেওঁৰ প্ৰদেশত ডাকমাচুল আগতীয়াকৈ পৰিশোধৰ চিন স্বৰূপে কাগজৰ টিকট ব্যৱহাৰ কৰা আৰম্ভ কৰে। বিভিন্ন ৰঙত বুটা বছা ছাব মাৰি এই টিকটবোৰ ছপোৱা হৈছিল। বিখ্যাত 'শ্বিণ্ডে ড'ক্স' নামে জনাজাত এই ডাকটিকটবোৰ কেৱল ভাৰতৰে নহয়, সমগ্ৰ এছিয়াৰে প্ৰথম ডাকটিকট।[1]

টিকটৰ মাজভাগত পোনতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতীক চিন আছিল। কলকতাৰ মুদ্ৰা ছপোৱা এটা কোম্পেনীয়ে ডাক টিকটত ছপাবৰ বাবে সিংহ আৰু তালগছৰ আৰ্হি এটা বনায় যদিও সেই আৰ্হিটো ব্যৱহাৰ নহ'ল। তেতিয়া সেইসময়ৰ ডেপুটি ছাৰ্ভেয়ৰ জেনেৰল কেপ্তেইন থুইলিয়াৰে ৰাণী ভিক্টোৰিয়াৰ ছবি দি লিথুকৰি ডাকটিকট ছপাবলৈ আৰম্ভ কৰে। এইটো ১৮৫৪ চনৰ চেপ্টেম্বৰ মাহত ওলোৱা প্ৰথমটো সৰ্বভাৰতীয় ডাকটিকট।[1] টিকটটোৰ মূল্য আছিল আধা অনা। পিছত ১অনা,২অনা আৰু ৪অনা মূল্যৰ টিকটো ছপা হয়। এই টিকটবোৰ নীলা ৰঙৰ আছিল। এই টিকটবোৰৰ একেধৰণৰ টিকট প্ৰথমে ৰঙা ৰঙত ছপা কৰা হৈছিল। কিন্তু সেইসময়ত বিদেশৰপৰা আমদানীকৃত চিয়াঁহী শেষ হৈ যোৱাত টিকটৰ ছপা সম্পূৰ্ণ নহ'ল আৰু ৰঙা টিকটবোৰৰ ছপা আধাতে এৰি নীলা ৰঙত টিকটবোৰ ছপোৱা হ'ল। বৰ্তমান ৰাষ্ট্ৰীয় ডাকটিকট সংগ্ৰহালয়ত এই টিকটবোৰৰ নমুনা সংৰক্ষিত হৈ আছে। শাসক সলনিৰ লগে লগে ভাৰতত টিকটৰ চানেকিৰো সালসলনি হৈছিল। ৰাণী ভিক্টোৰীয়াৰ পিছত পৰ্যায়ক্ৰমে সপ্তম এডৱাৰ্ড,পঞ্চম জৰ্জ, ষষ্ঠ জৰ্জ আদিৰ ছবিয়ে ভাৰতীয় ডাকটিকটত ঠাই পাইছিল। নতুন দিল্লী মহানগৰখনৰ উদ্বোধনী উপলক্ষে ১৯৩১ চনত ছপা হোৱা ডাকটিকটতত নতুন দিল্লীৰ দৃশ্যাৱলী দেখুওৱা হৈছিল। ১৯৩৭ চনত ডাক কঢ়িওৱা বিভিন্ন পদ্ধতিক ছবিৰ দ্বাৰা প্ৰতিফলিত কৰি কিছুমান টিকট উলিওৱা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সোঁৱৰণিৰ চিন স্বৰূপে ১৯৪৬ চনত চাৰিটা ডাকটিকট ছপা হৈছিল।[1]

স্বাধীনতাৰ পিচৰে পৰা ভাৰতীয় জীৱন আৰু সংস্কৃতিৰ ভিন ভিন দিশবোৰ ভাৰতীয় ডাকটিকটত প্ৰতিফলিত হ'বলৈ ধৰে। লগতে ভাৰতৰ বন্য জন্তু, ধৰ্ম, ৰাষ্ট্ৰীয় নেতাসকল, স্বাধীনতা যুঁজাৰু, দাৰ্শনিক, পণ্ডিত,শিক্ষাবিদ, বৈজ্ঞানিক, লিখক আদি সময়ে সময়ে ভাৰতীয় ডাকটিকটৰ বিষয় হৈ পৰিছে। ইয়াৰ উপৰিও ভাৰতীয় নৃত্য, মুখা শিল্প, ভাৰতীয় চিত্ৰশিল্প আদিক টিকটৰ বিষয় ৰূপে নিৰ্বাচন কৰি ভাৰতীয় বাৰেৰহনীয়া সংস্কৃতিৰ প্ৰতিও ভাৰতীয় ডাকটিকটে উপযুক্ত সন্মান প্ৰদৰ্শন কৰিছে।


ডাকটিকট ছপা প্ৰণালী[সম্পাদনা কৰক]

ডাক টিকটৰ ক্ষেত্ৰত ব্যৱহৃত কিছুমান বিশেষ শব্দ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 এছ. পি. চেটাৰ্জী, অনুবাদ- নচিউৰ ৰহমান. ডাক টিকটৰ সাধু. নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া. পৃষ্ঠা. ১৬,১৭.